অৰবিন্দ কেজৰিৱালক ৯ ঘণ্টা জেৰা কৰিলে চি বি আইয়ে...

অৰবিন্দ কেজৰিৱালক ৯ ঘণ্টা জেৰা কৰিলে চি বি আইয়ে...

author-image
Asomiya Pratidin
New Update
অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰৰ বিৰোধিতা কৰি 'ইণ্ডিয়া'ই কৰিব বিশাল ৰেলী...

অৰবিন্দ কেজৰিৱালক ৯ ঘণ্টা জেৰা কৰিলে চি বি আইয়ে...

ডিজিটেল ডেস্কঃ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজিৰাৱলক আজি প্ৰায় ৯ ঘণ্টা ধৰি চি বি আইয়ে সোধা-পোছা কৰে। সুদীৰ্ঘ সময়ৰ সোধা-পোছাৰ অন্তত মুখ্যমন্ত্ৰীগৰাকী চি বি আইৰ কাৰ্যালয়ৰ পৰা বাহিৰলৈ ওলাই আহিছে।

Advertisment

উল্লেখ্য যে, দিল্লীৰ সুৰা কেলেংকাৰীৰ সন্দৰ্ভত চি বি আইৰ চমন অনুসৰি আজি পুৱা ১১:১৫ বজাতে কেজৰিৱাল চি বি আইৰ কাৰ্যালয়ত গৈ উপস্থিত হৈছিলগৈ। ইফালে অৰবিন্দ কেজৰিৱালক সোধা-পোছ চলাই থকাৰ সময়তে আপৰ নেতৃত্বই চি বি আইৰ কাৰ্যালয়ৰ বাহিৰত ধৰ্ণাত বহে।

তাৰ মাজতে আপৰ সাংসদ ৰাঘৱ চাড্ডা আৰু সঞ্জয় সিঙক আৰক্ষীয়ে আটক কৰে। চি বি আইৰ কাৰ্যালয়লৈ যোৱাৰ পূৰ্বে অৰবিন্দ কেজৰিৱালে এটা ভিডিঅ’ প্ৰকাশ কৰিছিল। যি ভিডিঅ’ত তেওঁ বিজেপিৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি কৈছিল যে, চি বি আইয়ে মোক তেওঁলোকৰ কাৰ্যালয়লৈ মাতিছে, মই নিশ্চিত ভাৱে যাম।

তেওঁ কৈছিল, তেওঁলোক বহুত শক্তিশালী, যিকোনো ব্যক্তিকে জে’ললৈ প্ৰেৰণ কৰিব পাৰে। যদি বিজেপিয়ে চি বি আইক মোক গ্ৰেপ্তাৰ কৰিবলৈ নিৰ্দেশ দিছে তেন্তে নিশ্চিত ভাৱে চি বি আইয়ে সেই নিৰ্দেশ পালন কৰিব।

Also Read: জামুগুৰিহাটৰ চমাৰ দলনিত স্বাধীনতা সংগ্ৰামী তাৰানাথ শৰ্মা জয়ন্তী উদযাপন...

অৰবিন্দ কেজৰিৱাল চি বি আই