Advertisment

বৃত্তি কেলেংকাৰীৰে জড়িত CBI ৰ ডি এছ পি গেপ্তাৰ হোৱাৰ পাছতে গুৰুতৰভাৱে অসুস্থ...

বৃত্তি কেলেংকাৰীৰ এক গোচৰত সোমবাৰে গ্ৰেপ্তাৰ হোৱা চি বি আই অফিচাৰ বলবীৰ শৰ্মা হৃদৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে। চি বি আইৰ উপ-আৰক্ষী অধীক্ষক পৰ্যায়ৰ বিষয়া বলবীৰ শৰ্মাক সোমবাৰে বৃত্তি কেলেংকাৰী সম্পৰ্কীয়  ২.৫ কোটি টকাৰ উৎকোচৰ গোচৰত গ্ৰেপ্তাৰ কৰিছিল।

author-image
Asomiya Pratidin
New Update
বৃত্তি কেলেংকাৰীৰে জড়িত CBI ৰ ডি এছ পি গেপ্তাৰ হোৱাৰ পাছতে গুৰুতৰভাৱে অসুস্থ...

ডিজিটেল ডেস্কঃ বৃত্তি কেলেংকাৰীৰ এক গোচৰত সোমবাৰে গ্ৰেপ্তাৰ হোৱা চি বি আই অফিচাৰ বলবীৰ শৰ্মা হৃদৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে। চি বি আইৰ উপ-আৰক্ষী অধীক্ষক পৰ্যায়ৰ বিষয়া বলবীৰ শৰ্মাক সোমবাৰে বৃত্তি কেলেংকাৰী সম্পৰ্কীয়  ২.৫ কোটি টকাৰ উৎকোচৰ গোচৰত গ্ৰেপ্তাৰ কৰিছিল।

Advertisment

টাইমছ অফ ইণ্ডিয়াত প্ৰকাশ পোৱা খবৰ অনুসৰি এই একেটা গোচৰত প্ৰৱৰ্তন সঞ্চালকালয়ৰ সহকাৰী সঞ্চালক বিশালদীপক সোধপোছ কৰাৰ সময়ত তেওঁ বলবীৰ শৰ্মাৰ নাম লৈছিল। তাৰ পাছতে সোমবাৰে চণ্ডিগড়ৰ ছেক্টৰ-৩০ ত থকা চি বি আইৰ কাৰ্যালয়লৈ তেওঁক সোধপোছৰ বাবে মাতি অনা হৈছিল। 
দিনজোৰা সোধপোছৰ অন্তত চি বি আইয়ে সন্ধিয়া তেওঁক গ্ৰেপ্তাৰ কৰিছিল।

দিল্লীৰ চি বি আইৰ শাখা-১ ত কৰ্মৰত বলবীৰ সিঙক চণ্ডিগড়ৰ চৰকাৰী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। এই সন্দৰ্ভত বলবীৰ শৰ্মাৰ পৰিয়ালে অভিযোগ কৰি কয় যে, সোধপোছৰ সময়ত বলবীৰ শৰ্মাক শাৰীৰিক নিৰ্যাতন চলাইছিল। যাৰ বাবে তেওঁ অসুস্থ হৈ পৰিছে। পৰিয়ালৰ লোকে জনোৱা মতে ইতিমধ্যে তেওঁৰ হৃদযন্ত্ৰৰ অস্ত্ৰোপচাৰ সম্পন্ন হৈ গৈছে আৰু বৃক্ক সংৰোপণ কৰা হৈছে।

উল্লেখ্য যে, বৃত্তি কেলেংকাৰীৰ এই গোচৰত চি বি আইয়ে সোধপোছ কৰাৰ সময়ত বিশালদীপে জনাইছিল, ২০২৪ ৰ অক্টোবৰত চিমলা, মোহালি আৰু চণ্ডিগড়ত বৃত্তি কেলেংকাৰীৰ তদন্ত কৰি থকাৰ সময়তে তেওঁক উৎকোচ ল’বলৈ প্ৰৰোচিত কৰিছিল। তাৰোপৰি তেওঁ জনাইছে বলবীৰ শৰ্মাই উৎকোচৰ পৰিমাণৰ ওপৰত ১০ শতাংশ কমিছন দাবী কৰিছিল।

বিশালদীপে গোচৰটোৰ সন্দৰ্ভত আৰু কয় যে, ডিএছপি বলবীৰ শৰ্মাৰ সৈতে তেওঁৰ কথোপকথন ৰেকৰ্ড কৰিছিল আৰু তাৰ পিছত চি বি আই আৰু ইডিৰ সঞ্চালকৰ ওচৰত এই সম্পৰ্কে অভিযোগ দাখিল কৰিছিল।  

তেওঁ এইটোও কৈছে যে বৃত্তি কেলেংকাৰীৰ অভিযুক্ত ৰজনীশ বনচালো এই আলোচনাৰ সময়ত উপস্থিত আছিল। চি বি আইয়ে ডিএছপি বলবীৰ শৰ্মাৰ বিৰুদ্ধে তদন্ত অব্যাহত ৰাখিছে। তাৰ মাজতে তেওঁৰ হৃদৰোগত আক্ৰান্ত হোৱা বিষয়টোৱে চৰ্চা লাভ কৰিছে। 

 

ইডি চি বি আই