Advertisment

শনি লাগিছে এয়াৰ ইণ্ডিয়াত! এইবাৰ আকাশতে বন্ধ হ'ল বিমানৰ ইঞ্জিন...

অথন্তৰ আঁতৰা নাই এয়াৰ ইণ্ডিয়াৰ। পুনৰ এয়াৰ ইণ্ডিয়াৰ এখন বিমানৰ ইঞ্জিন মাজ আকাশত বন্ধ হৈ পৰাৰ আন এক ঘটনা সংঘটিত হৈছে। জানিব পৰা মতে দিল্লী অভিমুখী এখন বিমান বেংগালুৰুত জৰুৰী অৱতৰণ কৰিবলগীয়া হয়।

author-image
Asomiya Pratidin
New Update
 শনি লাগিছে এয়াৰ ইণ্ডিয়াত! এইবাৰ আকাশতে বন্ধ হ'ল বিমানৰ ইঞ্জিন...

ডিজিটেল ডেস্কঃ অথন্তৰ আঁতৰা নাই এয়াৰ ইণ্ডিয়াৰ। পুনৰ এয়াৰ ইণ্ডিয়াৰ এখন বিমানৰ ইঞ্জিন মাজ আকাশত বন্ধ হৈ পৰাৰ আন এক ঘটনা সংঘটিত হৈছে। জানিব পৰা মতে দিল্লী অভিমুখী এখন বিমান বেংগালুৰুত জৰুৰী অৱতৰণ কৰিবলগীয়া হয়।

Advertisment

প্ৰযুক্তিগত সমস্যাৰ বাবে এই বিমানখনৰ এটা ইঞ্জিন মাজ আকাশত উৰন্ত অৱস্থাতে বন্ধ হৈ যায়। ফলত বিমানযাত্ৰীসকলৰ মাজত এক হাহাকাৰময় পৰিবেশৰ সূচনা হয়।

এয়াৰ ইণ্ডিয়াৰ এক সূত্ৰই জনোৱা মতে বিমানখনৰ এটা ইঞ্জিন বন্ধ হৈ যোৱাৰ বাবে জৰুৰী অৱতৰণৰ সিদ্ধান্ত লোৱা হয়। সৌভাগ্যক্ৰমে বিমানখনত থকা সকলো যাত্ৰীয়েই সুৰক্ষিত হৈ আছে।

অৱশ্যে ঘটনা সন্দৰ্ভত বাতৰি লিখা লৈকে এয়াৰ ইণ্ডিয়াৰ ফালৰ পৰা কোনো স্পষ্টিকৰণ অহা নাই। ঘটনা সন্দৰ্ভত এয়াৰ ইণ্ডিয়াৰ সূত্ৰই আৰু কয় যে, এয়াৰ ইণ্ডিয়াৰ ফ্লাইট ২৮২০ বিমানখনে ৫.৪৫ বজাত বেংগালুৰু ত্যাগ কৰাৰ কথা আছিল।

কিন্তু বিমানখনে KIA ৰ পৰা উৰণ আৰম্ভ কৰে সন্ধিয়া ৭.০৯ বজাত। ইয়াৰ বিমানখনে আকাশত কিছু সময় উৰি নিশা ৮.১১ বজাত পুনৰ বেংগালুৰুলৈ উভতি আহি জৰুৰী অৱতৰণ কৰে।

এই ঘটনা সংঘটিত হয় ৫ জানুৱাৰীত। ইয়াৰ পূৰ্বে আকৌ এয়াৰ ইণ্ডিয়াৰ দিল্লীৰ পৰা গুৱাহাটী অভিমুখী আন এখন বিমানৰ ইন্ধন শেষ হোৱাৰ বাবে কলকাতাত জৰুৰী অৱতৰণ কৰাৰ এক খবৰ প্ৰকাশ পাইছিল সংবাদ মাধ্যমসমূহত।

মাজ আকাশতে ইন্ধন শেষ হোৱাৰ বাবে যিকোনো মুহূৰ্ততে পানীত অৱতৰণৰ জৰুৰী ঘোষণা কৰিছিল পাইলটে। সেই সময়তে কলকাতা বিমানবন্দৰত জৰুৰী অৱতৰণৰ সুবিধা লাভ কৰাত বিমানখনে তাতেই অৱতৰণ কৰে।

 

এয়াৰ ইণ্ডিয়া বিমান পৰিবহন