Advertisment

দিল্লীত আপ, বিজেপি ত্যাগী নেতাৰ ওপৰতে ভৰসা কংগ্ৰেছৰ !

আম আদমি পাৰ্টিয়ে দিল্লীত 'একলা চলো ৰে' নীতি গ্ৰহণ কৰাৰ পাছতেই তৎপৰতা বৃদ্ধি পাইছে কংগ্ৰেছৰ। দিল্লীৰ আগন্তুক বিধানসভা নিৰ্বাচনত ইণ্ডিয়াৰ অন্যতম অংশীদাৰ আপে অকলেই নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ কথা ঘোষণা কৰাৰ পাছতে কংগ্ৰেছেও তৎপৰতা আৰম্ভ কৰিছে।

author-image
Tushar Pratim
New Update
দিল্লীত আপ, বিজেপি ত্যাগী নেতাৰ ওপৰতে ভৰসা কংগ্ৰেছৰ !

ডিজিটেল ডেস্কঃ আম আদমি পাৰ্টিয়ে দিল্লীত 'একলা চলো ৰে' নীতি গ্ৰহণ কৰাৰ পাছতেই তৎপৰতা বৃদ্ধি পাইছে কংগ্ৰেছৰ। দিল্লীৰ আগন্তুক বিধানসভা নিৰ্বাচনত ইণ্ডিয়াৰ অন্যতম অংশীদাৰ আপে অকলেই নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ কথা ঘোষণা কৰাৰ পাছতে কংগ্ৰেছেও তৎপৰতা আৰম্ভ কৰিছে।

Advertisment

বৃহস্পতিবাৰে কংগ্ৰেছৰ প্ৰাৰ্থী তালিকা প্ৰস্তুত সম্পৰ্কীয় এক বৈঠকত বহিছে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গে আৰু লোকসভাৰ বিৰোধী দলৰ নেতা ৰাহুল গান্ধী লগতে কোৰ কমিটীৰ সদস্যসকল। কংগ্ৰেছৰ এক সূত্ৰত প্ৰকাশ পোৱা মতে চলিত সপ্তাহতেই কংগ্ৰেছে প্ৰথমখন প্ৰাৰ্থী তালিকা প্ৰকাশ পাব। তাৰোপৰি ২৫ জানুৱাৰীৰ পূৰ্বেই প্ৰকাশ পাব সকলো প্ৰাৰ্থীৰ নাম।

উল্লেখ্য যে, যোৱা এটা দশক ধৰি দিল্লী কংগ্ৰেছ শূন্য হৈ আছে।ৰাজনৈতিক পৰ্যবেক্ষকসকলৰ মতে কংগ্ৰেছে যিহেতু শূন্যৰ পৰা আৰম্ভ কৰিবলগীয়া হৈছে সেয়ে কেজৰিৱালৰ 'একলা চলো ৰে' নীতিৰ বিপৰীতে 'ধীৰে চলো' নীতি গ্ৰহণ কৰিছে।

কংগ্ৰেছ আপ আৰু বিজেপিৰ টিকট বঞ্চিত নেতাসকলৰ ওপৰত দৃষ্টি ৰাখিছে। ইতিমধ্যে টিকট বঞ্চিত আপৰ বিধায়ক আব্দুল ৰহমানে কংগ্ৰেছত যোগদান কৰিছে।

তেওঁ উত্তৰ পূব দিল্লীৰ ছিলিমপুৰ আসনৰ পৰা যোৱা বিধানসভা নিৰ্বাচনত বিধায়ক হৈ নিৰ্বাচিত হৈছিল। এই আসনত এইবাৰ কংগ্ৰেছে তেওঁক প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিব।

উল্লেখ্য যে, ২০২৫ ৰ ফেব্ৰুৱাৰীত দিল্লী বিধানসভা নিৰ্বাচন। ডিচেম্বৰৰ শেষৰভাগত নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ সম্ভাৱনা আছে। সেয়ে দিল্লীৰ শাসকীয় আম আদমি পাৰ্টীয়ে ইতিমধ্যে তৎপৰতাৰে এই ভোটযুদ্ধৰ বাবে সাজু হৈছে। পুনৰ এবাৰ দিল্লীক নিজৰ দখলত ৰখাৰ উদ্দেশ্যৰেই দলটোৱে ভোট যুদ্ধত অৱতীৰ্ণ হ’বলৈ বিচাৰিছে।

দলটোৱে সমষ্টি ভিত্তিত কাৰ্যকলাপ বৃদ্ধি কৰিবলৈ ইতিমধ্যে ঘোষণা কৰিছে ৩১ গৰাকী প্ৰাৰ্থীৰ নাম। তেওঁলোকে নিজ নিজ সমষ্টিত প্ৰচাৰ অভিযান এতিয়াৰে পৰাই আৰম্ভ কৰিছে।

মন কৰিবলগীয়া যে, আপে যি ৩১ গৰাকী প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে তাৰে এক তৃতীয়াংশ নেতাই আকৌ কংগ্ৰেছ বা বিজেপিৰ পৰা আহি আপত যোগদান কৰা। যোৱা নিৰ্বাচনত দিল্লীত আপে মুঠ ৭০ খন আসনৰ ভিতৰত ৬২ খন আসনতে বিজয় সাব্যস্ত কৰিছিল।

বিজেপিয়ে লাভ কৰিছিল ৮ খন আসন। দিল্লীত বিধানসভাত শক্তিশালী হ’লেও অৱশ্যে আপৰ দ্বিতীয়টো কাৰ্যকাল বৰ সন্তুষজনক নহ’ল।

অধিকাংশ সময়ে মুখ্যমন্ত্ৰীকে ধৰি অন্যান্য মন্ত্ৰী, বিধায়কসকল আন কিছু বিতৰ্কিত বিষয়তহে জড়িত হৈ থাকিবলগীয়া হ’ল। বিশেষকৈ দিল্লীৰ সুৰা নীতি কেলেংকাৰীয়ে জুৰুলা কৰিলে দিল্লীৰ আপৰ চৰকাৰক।

প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল, উপ-মুখ্যমন্ত্ৰী মনিষ চিছোদিয়াকে ধৰি কেইবাজনো নেতাই জে’লৰ ভিতৰত সময় পাৰ কৰিবলগীয়া হয়। 
ইয়াৰ প্ৰভাৱ যোৱা লোকসভা নিৰ্বাচনতো পৰা পৰিলক্ষিত হৈছিল।

আপ আৰু কংগ্ৰেছে দিল্লীত মিত্ৰতাৰে মুঠ ৭ খন আসনত প্ৰতিদ্বন্দিতা কৰিছিল যদিও ৭ খন আসনতেই বিজয়ী হৈছে বিজেপি। এনে পৰিস্থিতিত অৰবিন্দ কেজৰিৱালে বুধবাৰে ঘোষণা কৰিছে দিল্লীত বিধানসভা নিৰ্বাচনত অকলেই প্ৰতিদ্বন্দিতা কৰিব আপে। কংগ্ৰেছৰ সৈতে মিত্ৰতা তেওঁলোকে নকৰে। 

 

দিল্লী কংগ্ৰেছ আপ বিধানসভা নিৰ্বাচন