ভয়ংকৰ দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা পৰিল দুই বিমান...

ভয়ংকৰ দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা পৰিল দুই বিমান...

ডিজিটেল ডেস্কঃ ভয়ংকৰ দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা পৰিল দুখন যাত্ৰবাহী বিমান। বুধবাৰে আবেলি দিল্লী বিমানবন্দৰত দুখন যাত্ৰীবাহী বিমান সংঘৰ্ষ হোৱাৰ পৰা ৰক্ষা কৰিলে এগৰাকী পাইলটে। যাৰ বাবে তেওঁৰ সতৰ্কতাক এতিয়া সকলোৱে শলাগ লৈছে।

ঘটনা অনুসৰি আহমেদাবাদ-ভিস্তাৰা বিমান আৰু একেটা এয়াৰলাইনতে আন এখন বিমানে অৱতৰণ কৰিবলৈ লোৱাৰ ফলতেই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ দিশে আগবাঢ়িছিল। উল্লেখ্য যে, এই দুয়োখন বিমানত মুঠ প্ৰায় ৩০০গৰাকী যাত্ৰী আছিল।

আহমেদাবাদৰ পৰা দিল্লী অভিমুখী বিমানখনে অৱতৰণ কৰাৰ পাছতেই ভিস্তাৰা এয়াৰলাইনছৰ দিল্লী-বাগডোগ্ৰা বিমানখনক সেই একেটা ৰানৱেত উৰা মাৰিবলৈ অনুমতি প্ৰদান কৰে কৰ্তৃপক্ষই। ইপিনে দুয়োখন বিমানৰ মাজৰ ব্যৱধান আছিল মাত্ৰ ১.৮ কিঃমিঃ

এই দুৰ্ঘটনাক ৰক্ষা কৰিলে আহমেদাবাদ-দিল্লী বিমানৰ ৪৫ বছৰীয়া কেপ্টেইন চনু গিলে। কেপ্টইনগৰাকীয়ে আনখন বিমানৰ উপস্থিতিৰ কথা গম পাই টেক-অফ বাতিল কৰে। যাৰ বাবে প্ৰাণ ৰক্ষা পৰে ৩০০জনকৈ যাত্ৰীৰ।

ভয়ংকৰ দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা পৰিল দুই বিমান...
ৰাছিয়াই আনিছিল ধূলি, চীনৰ আলু আৰু ভাৰতে বিচাৰি উলিয়াইছিল পানীৰ অৱস্থিতি...

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in