ডিজিটেল ডেস্কঃ কিছু হ্ৰাস পাইছে দিল্লীৰ ভয়াৱহ বায়ু প্ৰদূষণৰ মাত্ৰা। বৃহস্পতিবাৰে দিল্লীৰ লগতে ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলৰ বায়ুমণ্ডলৰ গুণগত সূচকৰ মান (AQI) ৩৭৯ হৈছে।
যোৱা কেইবাদিনো ধৰি দিল্লীত AQI ৪৫০ অতিক্ৰম কৰি প্ৰায় ৫০০ ৰ ঘৰ স্পৰ্শ কৰিছিল। মঙ্গলবাৰে প্ৰায় ৫০০ ত উপনীত হোৱা দিল্লীৰ AQI বুধবাৰে সামান্য হ্ৰাসহৈ হৈছে ৪২২। তাৰ পাছত আজিৰ দিনটোত দিল্লীৰ AQI হয় ৩৭৯।
কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ ব'ৰ্ডৰ তথ্য অনুসৰি বতাহৰ গুণগত মান যদি শূন্যৰ পৰা ৫০ ৰ ভিতৰত থাকে তেন্তে তেনে অৱস্থাক 'ভাল' পৰ্যায়ৰ বুলি ধৰা হয়। ৫১ ৰ পৰা ১০০ ৰ ভিতৰত থাকিলে 'সন্তোষজনক', ১০১ ৰ পৰা ২০০ ৰ ভিতৰত থাকিলে 'সামান্য বেয়া', ২০১ ৰ পৰা ৩০০ ৰ ভিতৰত থাকিলে 'বেয়া', ৩০১ ৰ পৰা ৪০০ ৰ ভিতৰত 'অতি বেয়া' আৰু ৪০০ ৰ পৰা ৫০০ লৈ 'অতি ভয়ানক' বুলি ধৰা হয়।
অৰ্থাৎ দিল্লীৰ বায়ুমণ্ডলৰ গুণগত সূচক মঙ্গলবাৰে 'অতি ভয়ানক' অৱস্থাৰ পৰা কিছু হ্ৰাস হৈ আজি 'বেয়া' অৱস্থালৈ সলনি হৈছে। অৱশ্যে দিল্লীৰ কিছু কিছু অঞ্চলত আজিও AQI 'অতি ভয়ানক' অৱস্থাতে আছে।
সামগ্ৰীকভাৱে AQI হ্ৰাস পালেও এতিয়াও দিল্লীৰ আকাশ ধোঁৱাবৰণীয়া এক আৱৰণে ঢাকি ৰাখিছে। দৃশ্যমানতা কম হোৱাৰ বাবে ৯৭ খন বিমানৰ চলাচলত পলম হৈছে বুলি জানিব পৰা গৈছে।
দিল্লীত সৃষ্টি হোৱা ভয়ানক বায়ু প্ৰদূষণৰ এনে পৰিস্থিতিৰ বাবেই ইতিমধ্যে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনাত চতুৰ্থ স্তৰৰ নিয়ন্ত্ৰণ ব্যৱস্থা কাৰ্যকৰী কৰা হৈছে। সকলো শিক্ষানুষ্ঠান বন্ধ ৰাখি অনলাইন পাঠদানৰ ব্যৱস্থা কৰা হৈছে।
বাদ পৰি ৰোৱা নাই দিল্লী বিশ্ববিদ্যালয়ৰ দৰে উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানো। দিল্লীৰ দৰেই ইয়াৰ দাঁতি কাষৰীয়া অঞ্চলসমূহতো এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে।
প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে দিল্লী চৰকাৰে কৃত্ৰিম বৰষুণৰ সৃষ্টি কৰিবলৈ কেন্দ্ৰীয় পৰিবেশ মন্ত্ৰাণলায়লৈয়ো পত্ৰ প্ৰেৰণ কৰিছে। অৱশ্যে এতিয়ালৈকে কৃত্ৰিম বৰষুণৰ ব্যৱস্থা হাতত লোৱা নাই কেন্দ্ৰীয় চৰকাৰে।