/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/00a4b24a-95d5-4207-8f33-bac45953110e/AP_FOR_WEB_new_format_Y_copy.jpg)
ডিজিটেল ডেস্কঃ দিল্লীৰ এইমছত সংঘটিত হৈছে অগ্নিকাণ্ডৰ ঘটনা। সোমবাৰে দিল্লীস্থিত এইমছৰ পুৰণি ৰাজ কুমাৰী অ'পিডি ভৱনৰ দ্বিতীয় মহলাৰ জৰুৰীকালীন ৱাৰ্ডৰ কাষতেই অৱস্থিত এণ্ডোস্কোপী কোঠাত হঠাৎ সূত্ৰপাত হয় জুইৰ। ঘটনা সংঘটিত হোৱাৰ লগে লগে ততাতৈয়াকৈ ৮খন অগ্নি নিৰ্বাপক বাহিনীৰ বাহনে জুই নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰে।
পুৱা প্ৰায় ১১:৫৪ বজাত জৰুৰীকালীন ৱাৰ্ডটোত সূত্ৰপাত হয় এই অগ্নিকাণ্ড। এই খবৰ বিয়পি পৰাৰ লগে লগে কাষৰ সকলো ৰোগী আৰু কৰ্মচাৰীক অন্য স্থানলৈ স্থানান্তৰ কৰা হয়। উল্লেখ্য বৰ্তমান নিয়ন্ত্ৰিত অৱস্থাত থকা অগ্নিকাণ্ডৰ পৰিস্থিতিৰ বুজ ল'বলৈ ঘটনাস্থলীত উপস্থিত হৈছে এইমছৰ সঞ্চালক প্ৰধান।
Also Read: দৰিদ্ৰ ঘৰখন পোহৰাবলৈ কৰ্ম জীৱন আৰম্ভ কৰোঁতেই নিয়তিৰ কোলাত সুজিত...
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us