আজি জেৰা কৰা হ'ব আম আদমি পাৰ্টীৰ ৰাজেন্দ্ৰ পালক...

ধৰ্মান্তকৰণ কাৰ্যসূচীৰ সৈতে জড়িত থকাৰ অভিযোগত কৰা হ'ব জেৰা
আজি জেৰা কৰা হ'ব আম আদমি পাৰ্টীৰ ৰাজেন্দ্ৰ পালক...

ডিজিটেল ডেস্ক : দিল্লী আৰক্ষীয়ে মঙলবাৰে জেৰা কৰিব আম আদমি পাৰ্টীৰ কেবিনেট মন্ত্ৰী ৰাজেন্দ্ৰ পাল গৌতমক । অক্টোবৰৰ ৫ তাৰিখে দিল্লীৰ আম্বেদকাৰ ভৱনত অনুষ্ঠিত হোৱা এক ধৰ্মান্তকৰণ প্ৰক্ৰিয়াৰ সৈতে জড়িত থকাৰ অভিযোগত জেৰা কৰা হ'ব নেতা গৰাকীক । এই কাৰ্যসূচীটোত ১০ হেজাৰ লোকক বৌদ্ধ ধৰ্মলৈ ধৰ্মান্তকৰণ কৰা হৈছিল আনুষ্ঠানিক ভাৱে ।

উল্লেখ্য যে, ৰবিবাৰে ৰাজেন্দ্ৰ পাল গৌতম এই অনুষ্ঠানটিত উপস্থিত থকাৰ ভিডিঅ' প্ৰকাশ হোৱাৰ পাছতেই নেতা গৰাকীয়ে দলৰ মুৰব্বী তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰৱিন্দ কেজৰিৱালক দাখিল কৰিছিল পদত্যাগ পত্ৰ । সোমবাৰে, এই পদত্যাগ পত্ৰ গ্ৰহণ কৰাৰ কথা ৰাজহুৱা কৰে স্বয়ং অৰৱিন্দ কেজৰিৱালে ।

নেতা গৰাকীক জেৰা কৰা সন্দৰ্ভত, দিল্লী আৰক্ষীয়ে দিয়া ভাষ্য অনুসৰি তেওঁলোকে এই অনুষ্ঠানটিত ৰাজেন্দ্ৰ পাল গৌতমৰ উপস্থিতি আৰু ইয়াৰ অন্তৰালৰ কাৰণ ব্যাখ্যা কৰিবলৈ আহ্বান জনাইছে নেতা গৰাকীক ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in