১৪,৯০৩ কোটি টকা ব্যয় সাপেক্ষে ডিজিটেল ইণ্ডিয়া প্ৰকল্প সম্প্ৰসাৰণত অনুমোদন কেন্দ্ৰৰ

কেন্দ্ৰীয় কেবিনেটে বুধবাৰে ১৪,৯০৩ কোটি টকা ব্যয় সাপেক্ষে ডিজিটেল ইণ্ডিয়া প্ৰকল্পৰ সম্প্ৰসাৰণত অনুমোদন জনাইছে।

author-image
Asomiya Pratidin
New Update
১৪,৯০৩ কোটি টকা ব্যয় সাপেক্ষে ডিজিটেল ইণ্ডিয়া প্ৰকল্প সম্প্ৰসাৰণত অনুমোদন কেন্দ্ৰৰ

ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় কেবিনেটে বুধবাৰে ১৪,৯০৩ কোটি টকা ব্যয় সাপেক্ষে ডিজিটেল ইণ্ডিয়া প্ৰকল্পৰ সম্প্ৰসাৰণত অনুমোদন জনাইছে। কেন্দ্ৰীয় তথ্য প্ৰযুক্তি মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয়, "প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত ডিজিটেল ইণ্ডিয়া কাৰ্যসূচীৰ সম্প্ৰসাৰণত অনুমোদন জনোৱা হৈছে। ইয়াৰ বাবে ব্যয় হ'ব ১৪,৯০৩ কোটি টকা।

Advertisment

তেওঁ কয় যে, ডিজিটেল ইণ্ডিয়া সম্প্ৰসাৰণৰ অধীনত ইয়াক আগতে কৰা কামসমূগ আগবঢ়োৱা হ'ব। প্ৰকল্পটোৰ অধীনত এই প্ৰযুক্তিৰ অধীনত ৫.২৫ লাখ আইটি কৰ্মচাৰীক নতুনকৈ দক্ষ কৰি তোলা হ'ব। ইয়াৰ লগতে তথ্য প্ৰযুক্তি খণ্ডত ২.৬৫ লাখ লোকক প্ৰশিক্ষণ দিয়া হ'ব।

বিস্তাৰিত ডিজিটেল ইণ্ডিয়াৰ নেচনেল চুপাৰকম্পিউটিং মিছনৰ (এনচিএম) অধীনত আৰু ৯ টা চুপাৰ কম্পিউটাৰ যোগ কৰা হ'ব। মন্ত্ৰীজনে কয় যে এনচিএমৰ অধীনত ইতিমধ্যে ১৮ টা চুপাৰ কম্পিউটাৰ স্থাপন কৰা হৈছে।

Also Read: ন বিজেপিৰ বিৰুদ্ধে ক্ষোভ উজাৰি ভাইৰেল ফটো সন্দৰ্ভত সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ মন্তব্য...

degital india