ভাৰতক জোকাই বিপদত চীন, পাকিস্তান ! ৰাজনাথ সিঙৰ মন্তব্যত কম্পিত দুয়ো বৈৰী ৰাষ্ট্ৰ...

rajnath singh
rajnath singh

ডিজিটেল ডেস্কঃ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ এক মন্তব্যই কপনি তুলিছে চীন আৰু পাকিস্তানত। গিলগিট, বেলুচিস্তান আৰু পাকিস্তান সন্দৰ্ভত কৰা এই মন্তব্যই জোকাৰণি চীৰ বৈৰী পাকিস্তান আৰু চীনৰ আভ্যন্তৰত। কেৱল এই পাকিস্তান আৰু চীনেই নহয়, ৰাজনাথ সিঙৰ মন্তব্যত হতবাক হৈ পৰিছে সৰ্ব শক্তিমান আমেৰিকা যুক্তৰাষ্ট্ৰও।

কাশ্মীৰক লৈ ভাৰত আৰু পাকিস্তানৰ মাজৰ সংঘাত বিশ্বৰ বাবে নতুন কথা নহয়। দুয়োখন ৰাষ্ট্ৰৰ আভ্যন্তৰণীৰ ক্ষেত্ৰৰ পৰা কাশ্মীৰ বিষয়ক কেন্দ্ৰ কৰি তীব্ৰ বাক্যবাণ নৈমিত্তিক ঘটনা যদিও বিশ্ব মঞ্চটো দুয়োখন দেশে কাশ্মীৰক কেন্দ্ৰ কৰি যুক্ত তৰ্ক অব্যাহত ৰাখিছে। আন্তঃৰাষ্ট্ৰীয় মঞ্চ যেনে ৰাষ্ট্ৰসংঘৰ দৰে মজিয়াত ইতিমধ্য়ে কাশ্মীৰ প্ৰসংগত ভাৰতৰ যুক্তিত কেইবা বাৰো মুখ বন্ধ কৰিবলৈ বাধ্য হৈছে পাকিস্তান।

এনে প্ৰেক্ষাপটত কাশ্মীৰ প্ৰসংগত চীনে পাকিস্তানক ভাৰতৰ বিপক্ষে উচতাই জুল খোৱাৰ চেষ্টা কৰি থকাৰ কথাও কোনো নতুন কথা নহয়। চীনৰ সাহসতে পাকিস্তানে ভাৰতৰ বিৰুদ্ধে বাৰে বাৰে লিপ্ত হৈছে ষড়যন্ত্ৰত। অৱশ্যে এনে বহু ষড়যন্ত্ৰ ইতিমধ্যে ভাৰতে বিফল কৰিবলৈ সক্ষম হৈছে।

শেহতীয়াকৈ চীনে পুনৰ কাশ্মীৰ প্ৰসংগত মাত মাতি যেন নিজৰ নাক নিজেই কাটিলে। কিয়নো প্ৰতিৰক্ষামন্ত্ৰী ৰাজনাথ সিঙৰ তীক্ষ্ণ বাক্যবাণত মুখ বন্ধ কৰিবলৈ বাধ্য হৈছে। কপনি তুলিছে দুয়োখন ৰাষ্ট্ৰৰ ভিতৰচৰাত।

ভাৰতে বাৰে বাৰে কাশ্মীৰ প্ৰসংগত তৃতীয় শক্তিৰ হস্তক্ষেপ অস্বীকাৰ কৰি অহাৰ পিছতো চীনে কাশ্মীৰ প্ৰসংগত পাকিস্তানৰ সপক্ষে মাত মাতি কাশ্মীৰ সমস্যা সমাধানৰ বাবে আলোচনাৰ পৰামৰ্শ আগবঢ়াইছে। ইয়াতেই খৰ্গহস্ত হৈ ৰাজনাথ সিঙে দুয়োখন দেশক উদ্দেশ্যি কৈছে, প্ৰধানমন্ত্ৰী মোডীৰ নেতৃত্বত ভাৰতে সকলো ক্ষেত্ৰতে যথেষ্ট অগ্ৰগতি লাভ কৰিছে।

তেওঁ কৈছে। কাশ্মীৰৰ পৰা লাডাখলৈ সকলো নতুন গতিত আগবাঢ়িছে। কাশ্মীৰে উন্নয়নৰ নতুন মাত্ৰা লাভ কৰিছে। তেওঁ কয় অঞ্চলটোৰ উন্নয়নৰ ক্ষেত্ৰত এতিয়াৰে পৰা উত্তৰ দিশলৈ আগবাঢ়িব।

এই উন্নয়ন তেতিয়াহে সম্পূৰ্ণ হ'ব যেতিয়া ১৯৪৯ চনৰ ২২ ফেব্ৰুৱাৰীত ভাৰতীয় সংসদত গৃহীত হোৱা প্ৰস্তাৱ কাৰ্যকৰী কৰিব পৰা যাব। সেই অনুসৰি ভাৰতে এতিয়াৰে পৰা গিলগিট, বেলুচিস্তান আৰু পাকিস্তানৰ দিশলৈ গতি কৰিব। এই অংশৰ উন্নয় সম্পূৰ্ণ হ'লে হে ভাৰতৰ উন্নয়নৰ যাত্ৰা সম্পূৰ্ণ হ'ব।

পাকিস্তান অধিকৃত কাশ্মীৰ ভাৰতৰ অংশ। ভাৰতে এই পাকিস্তান অধিকৃত কাশ্মীৰ নিজৰ দখললৈ অনাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। এই বিষয়কৈ লৈ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ভাৰতে ইতিমধ্যে নিজৰ স্থিতি স্পষ্ট কৰিছে।

তাৰ মাজতে ৰাজনাথ সিঙে এতিয়া গিলগিট আৰু বেলুচিস্তানৰো প্ৰসংগ উত্থাপন কৰাত পাকিস্তান আৰু চীনৰ মুখৰ মাত হেৰাইছে। বিশষকৈ পাকিস্তানে ভাৰতক জোকাই লৈ এতিয়া নিজৰ বিপদ নিজেই মাতি আনিছে বুলিও চৰ্চা চলিছে।

কিয়নো এই মুহূৰ্তত ভাৰত বিশ্বৰ এক অন্যতন শক্তি হিচাপে প্ৰতিষ্ঠা হৈছে। আন্তঃৰাষ্ট্ৰীয় মঞ্চত বিভিন্ন বিষয়ত এতিয়া বহু উন্নত ৰাষ্ট্ৰয়ো ভাৰতৰ স্থিতিক গুৰুত্ব দিহে নিজৰ মন্তব্য প্ৰকাশ কৰি আহিছে। আনকি ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধও ভাৰতে ইচ্ছা কৰিলে সমাপ্ত কৰিব পাৰে বুলিও বিশ্বাস কৰিবলৈ লৈছে একাংশ ৰাষ্ট্ৰই।

তেনে প্ৰেক্ষাপটত ৰাজনাথ সিঙৰ এনে কঠোৰ আৰু শক্তিশালী ব্যক্তব্যই যে চীন আৰু পাকিস্তানৰ ভিতৰচৰাত কপনি তুলিছে সেই কথা নিশ্চিত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in