Advertisment

গণৰাজ্য দিৱস উপলক্ষে সন্মানসূচক কমিছন প্ৰাপ্ত সেনাৰ তালিকা প্ৰকাশ...

গণৰাজ্য দিৱস উপলক্ষে ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰণালয়ে ৰাষ্ট্ৰপতিয়ে ২৬ জানুৱাৰীৰ পৰা কাৰ্যকৰী হোৱাকৈ সন্মানসূচক কেপ্টেইন/লেফটেনেণ্ট পদত কমিছন প্ৰদান কৰাৰ এক তালিকা প্ৰকাশ কৰিছে।

author-image
Asomiya Pratidin
New Update
গণৰাজ্য দিৱস উপলক্ষে সন্মানসূচক কমিছন প্ৰাপ্ত সেনাৰ তালিকা প্ৰকাশ...

গণৰাজ্য দিৱস উপলক্ষে সন্মানসূচক কমিছন প্ৰাপ্ত সেনাৰ তালিকা প্ৰকাশ...

ডিজিটেল ডেস্কঃ  গণৰাজ্য দিৱস উপলক্ষে ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰণালয়ে শুকুৰবাৰে সন্মানসূচক কমিছন প্ৰদানকাৰী এক তালিকা প্ৰকাশ কৰিছে। মন্ত্ৰণালয়ে প্ৰকাশ কৰা এক গেজেট অনুসৰি গণতন্ত্ৰ দিৱস উপলক্ষে ৰাষ্ট্ৰপতিয়ে ২৬ জানুৱাৰীৰ পৰা কাৰ্যকৰী হোৱাকৈ সন্মানসূচক কেপ্টেইন/লেফটেনেণ্ট পদত কমিছন প্ৰদান কৰিবলৈ পাই আনন্দিত। এই সন্মান প্ৰাপ্তিৰ ক্ষেত্ৰত সংশ্লিষ্ট ব্যক্তি কোনো শাস্তিমূলক ব্যৱস্থা গ্ৰহণৰ আওতাধীন হব নোৱাৰিব আৰু সন্তোষজনকভাৱে দায়িত্ব পালন কৰা হব লাগিব। 
এই তালিকাত বিভিন্ন ইউনিটৰ সদস্যৰ নাম অন্তৰ্ভু্ক্ত হৈছে। সন্মানসূচক কেপ্টেইন (এক্টিভ লিষ্ট) কেটেগৰীত ১২ জন আৰ্মড কোৰ সদস্য নিৰ্বাচিত হৈছে। এইসকলৰ মাজত আছে ৰিছ মেজৰ আৰু সন্মানসূচক লেফটেনেণ্ট ভাৰত ভূষণ, দীনেশ কুমাৰ, পৰমিজত সিং। অন্যান্য ইউনিটসমূহৰ ভিতৰত  আছে আৰ্টিলেৰী ৰেজিমেণ্ট, আৰ্মী এয়াৰ ডিফেন্স, মাদ্ৰাছ ইঞ্জিনীয়াৰছ গ্ৰুপ, বেংগল ইঞ্জিনীয়াৰছ গ্ৰুপ, বম্বে ইঞ্জিনীয়াৰছ গ্ৰুপ, ছিগনেল কোৰ, পেৰাট্ৰুপাৰ ৰেজিমেণ্ট, গ্ৰেণেডিয়াৰ্ছ, মাৰাঠা লাইট ইনফেণ্ট্ৰী, আৰ্মী মেডিকেল কোৰ, কোৰ অৱ মিলিটাৰী পুলিচ আৰু টেৰিটৰিয়েল আৰ্মী। 
সন্মানসূচক লেফটেনেণ্ট (এক্টিভ লিষ্ট) কেটেগৰীত ৫৩ জন আৰ্মড কোৰ সদস্যৰ নাম অন্তৰ্ভুক্ত হৈছে। অন্যান্য ইউনিটসমূহৰ ভিতৰত আছে আৰ্টিলেৰী ৰেজিমেণ্ট, আৰ্মি এয়াৰ ডিফেন্স, বম্বে ইঞ্জিনীয়াৰছ গ্ৰুপ, ছিগনেলছ কোৰ, পেৰট্ৰুপাৰ ৰেজিমেণ্ট, গ্ৰেণেডিয়াৰ্ছ, মাদ্ৰাছ ৰেজিমেণ্ট, ৰাজপুতানা ৰাইফলছ, শিখ ৰেজিমেণ্ট আৰু গাৰৱাল ৰাইফলছ। 

Advertisment

 

ভাৰতীয় সেনা ৰাষ্ট্ৰপতি প্ৰতিৰক্ষা মন্ত্ৰণালয়