/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/c0a47d36-9348-4ba3-8a30-3eb0c88aec73/chandrayan.jpg)
ডিজিটেল ডেস্কঃ সৰ্বত্ৰে এতিয়া উৎকণ্ঠিত হৈ আছে ভাৰতবাসী। সমগ্ৰ বিশ্বজুৰি বৰ্তমান চৰ্চাৰ বিষয় হৈ পৰিছে চন্দ্ৰযান-৩। কেইটামান মুহূৰ্তৰ পিছতেই চন্দ্ৰৰ দক্ষিণ মেৰুত অৱতৰণ কৰিব ইছৰোৰ উৎক্ষেপিত মহাকাশযান 'চন্দ্ৰযান-৩' য়ে। ইতিমধ্যে ২৩ আগষ্টৰ সন্ধিয়া ৬ বাজি ০৪ মিনিটত চন্দ্ৰপৃষ্ঠত 'চন্দ্ৰযান-৩'ৰ অৱতৰণৰ সময় নিৰ্ধাৰণ কৰিছে ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই।
এই ঐতিহাসিক ক্ষণৰ বাবে অপেক্ষাৰত দেশবাসীৰ বাবে ‘ইছৰো’ৰ স্পেচ এপ্লিকেচন চেন্টাৰৰ সঞ্চালক নিলেশ এম ডেচাইয়ে প্ৰেৰণ কৰিছে এক বিষেশ বাৰ্তা। পৰিস্থিতি অনুকুল নহ’লে ২৩ আগষ্টত চন্দ্ৰপৃষ্ঠত অৱতৰণ নকৰে লেণ্ডাৰ বিক্ৰমে।
যদি চন্দ্ৰপৃষ্ঠত অৱতৰণৰ বাবে পৰিস্থিতি অনুকুল নহয় তেতিয়া ২৩ আগষ্টৰ পৰিৱৰ্তে ২৭ আগষ্টত চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰিব চন্দ্ৰযান-৩ য়ে। অৱশ্যে এতিয়ালৈ কোনো প্ৰতিকুল পৰিস্থিতিৰ সৃষ্টি হোৱা নাই বুলিও জনাই সঞ্চালক নিলেশ এম ডেচাইয়ে।
ৰাছিয়াৰ চন্দ্ৰ অভিযান ‘লুনা-২৫’ বিফল হোৱাৰ পিছত সমগ্ৰ বিশ্বৰ দৃষ্টি নিৱদ্ধ হৈ আছে ভাৰতৰ 'চন্দ্ৰযান-৩' ৰ ওপৰত। সকলো সুকলমে থাকিলে ২৩ আগষ্টৰ সন্ধিয়া নিৰ্ধাৰিত সময়ত চন্দ্ৰৰ দক্ষিণ মেৰুত অৱতৰণ কৰিব লেণ্ডাৰ বিক্ৰমে।
অৱতৰণৰ প্ৰায় ২ ঘণ্টা পূৰ্বৰ পৰাই ‘ইছৰো’ৰ মুখ্য কাৰ্যালয়ৰ পৰা আৰম্ভ কৰা হব ‘ছফ্ট লেণ্ডিং’ৰ প্ৰক্ৰিয়া। চন্দ্ৰপৃষ্ঠৰ ৩০ কিলোমিটাৰ ওপৰৰ পৰা ৰোভাৰ প্ৰজ্ঞানৰ সৈতে চন্দ্ৰপৃষ্ঠত অৱতৰণৰ চেষ্টা কৰিব লেণ্ডাৰ বিক্ৰমে।
চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰাৰ পিছত অনাগত পৃথিৱীৰ সময় অনুসৰি ১৪ দিনৰ বাবে বিভিন্ন পৰীক্ষা-নিৰীক্ষা চলাব ৰ'ভাৰ প্ৰজ্ঞানে । চন্দ্ৰৰ দক্ষিণ মেৰুত পানীৰ সন্ধান কৰাৰ লগতে তাৰ গেছীয় পৰিৱেশ আৰু গহ্বৰবোৰৰো পৰীক্ষা কৰিব।
উল্লেখ্য যে, ১৪ দিনৰ বাবেহে কাৰ্যক্ষম হৈ থাকিব চন্দ্ৰযান-৩। কাৰণ চন্দ্ৰপৃষ্ঠত একেৰাহে ১৪ দিনৰ বাবে পৰে সূৰ্যৰ ৰশ্মি আনহাতে বাকী ১৪ দিনৰ বাবে ই সম্পূৰ্ণৰূপে অন্ধকাৰত ডুবি থাকে। চন্দ্ৰযান-৩ যিহেতু এক সৌৰচালিত যন্ত্ৰ সেয়েহে সূৰ্যৰ ৰশ্মি চন্দ্ৰপৃষ্ঠত পৰি থকা ১৪ দিনতে ই ইয়াৰ সকলো কাৰ্য সম্পন্ন কৰিব লাগিব।