/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/8ff592ae-3465-4505-b615-c49d67bba6fb/fdf.jpg)
ডিজিটেল ডেস্কঃ ঋণ পৰিশোধ কৰিব নোৱাৰাৰ বাবে এগৰাকী মহিলাক বিৱস্ত্ৰ কৰি প্ৰহাৰ কৰে একাংশই। জানিব পৰা মতে অভিযুক্তৰ ১৫০০ টকা ঋণ লৈছিল দলিত শ্ৰেণীৰ মহিলাগৰাকীৰ স্বামীয়ে। আৰু সেই ঋণৰ সুদ পৰিশোধ কৰিব নোৱাৰাৰ বাবে মহিলাগৰাকীক বিৱস্ত্ৰ কৰি নিৰ্মমভাৱে প্ৰহাৰ কৰাৰ লগতে প্ৰস্ৰাৱ পি খাব দিয়ে।
বিহাৰৰ পাটনাত দেওবাৰে নিশা প্ৰায় ১০ মান বজাত সংঘটিত হৈছে এই ঘটনা। মহিলাগৰাকীয়ে আৰক্ষীক জানিবলৈ দিয়া মতে নিশা প্ৰায় ১০ বজাত তেওঁ ঘৰৰ বাহিৰত এটা টেপৰ পৰা পানী লৈ আছিল। সেই সময়তে এজন ব্যক্তিয়ে তেওঁৰ স্বামীক বন্ধক বনাই থম বুলি লৈ যায়। তাৰ পাছতে প্ৰমোদ সিঙে তেওঁলোকক তেওঁৰ ঘৰলৈ লৈ গৈ নিৰ্মমভাৱে প্ৰহাৰ কৰে।
ভুক্তভোগী সুবোধ দাসৰ পত্নীয়ে কয় যে প্ৰমোদ সিঙে তেওঁৰ পুত্ৰ অংশু কুমাৰৰ দ্বাৰা তেওঁৰ মুখত প্ৰস্ৰাৱ কৰাইছিল। তাৰপাছতে মহিলাগৰাকীয়ে উলংগ অৱস্থাত উক্ত ঠাইৰ পৰা পলায়ন কৰিবলৈ সক্ষয় হয় আৰু ঘটনা সন্দৰ্ভত আৰক্ষীক অৱগত কৰে।
মহিলাগৰাকীক সংকটজনক অৱস্থাত হাস্পাতালত ভৰ্তি কৰোৱা হৈছে আৰু এজাহাৰৰ ভিত্তিত ৬ জন লোকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।
Also Read: বৰক্ষেত্ৰীত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৫ সংখ্যক জন্মোৎসৱ উদযাপন