ড্ৰিংক এণ্ড ড্ৰাইভ গোচৰ! অভিনেতাক কাৰাদণ্ড আদালতৰ

ড্ৰিংক এণ্ড ড্ৰাইভ গোচৰ! অভিনেতাক কাৰাদণ্ড আদালতৰ

author-image
Asomiya Pratidin
New Update
ড্ৰিংক এণ্ড ড্ৰাইভ গোচৰ! অভিনেতাক কাৰাদণ্ড আদালতৰ

ডিজিটেল ডেস্কঃ ড্ৰিংক এণ্ড ড্ৰাইভিং গোচৰত অভিনেতা অভিনেতা দালিপ তালিহক দুমাহৰ কাৰাদণ্ড আৰু ৫০০ টকা জৰিমণা বিহে আদালতে। মুম্বাইৰ বান্দ্ৰাৰ ০৯ তম আদালতৰ অতিৰিক্ত মুখ্য মেট্ৰ'পলিটান মেজিষ্ট্ৰেটে ২০১৮ চনৰ এটা গোচৰত অভিনেতাগৰাকীক এই শাস্তি প্ৰদান কৰিছে।

Advertisment

আঘাতপ্ৰাপ্ত মহিলাগৰাকীক ৫,০০০ টকা ক্ষতিপূৰণ পৰিশোধ কৰিবলৈও নিৰ্দেশ দিয়ে আদালতে।

আনহাতে এই সমগ্ৰ ঘটনা সন্দৰ্ভত দিলিপ তাহিলে কয়, "মই ন্যায়াধীশ আৰু দণ্ডাধীশৰ আদালতত লোৱা সিদ্ধান্তক সন্মান কৰো। আমি সমগ্ৰ সিদ্ধান্ত আৰু সমগ্ৰ ৰায়ক উচ্চ আদালতত প্ৰত্যাহ্বান জনাইছো। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাতো এই ঘটনাত কোনোৱে গুৰুতৰভাৱে আঘাত প্ৰাপ্ত হোৱা নাছিল।

উল্লেখ্য যে দালিপ তাহিল এজন আগশাৰীৰ অভিনেতা। তেওঁ বলিউডৰ কেইবাখনো

ছবিত অভিনয় কৰিছে।

Also Read: ২০,০০০ ফুট উচ্চতাত ডিউটি! প্ৰচণ্ড ঠাণ্ডাত প্ৰাণ গ'ল অগ্নিবীৰৰ

dalip tahil