'মোকা'ৰ দ্বাৰা প্ৰভাৱিত লাখ লাখ লোক, মৃত্যু প্ৰায় ৬০ জনৰ...

'মোকা'ৰ প্ৰভাৱ বাংলাদেশ আৰু ম্যানমাৰত যথেষ্ঠ পৰিমাণে পৰিছে। ইতিমধ্যে 'মোকা'ৰ দ্বাৰা প্ৰভাৱিত লাখ লাখ লোকক অন্য স্থানলৈ স্থানান্তৰ কৰা হৈছে

author-image
Asomiya Pratidin
New Update
'মোকা'ৰ দ্বাৰা প্ৰভাৱিত লাখ লাখ লোক,  মৃত্যু প্ৰায় ৬০ জনৰ...

ডিজিটেল ডেস্কঃ ঘূৰ্ণী বতাহ 'মোকা'ৰ প্ৰভাৱ বাংলাদেশ আৰু ম্যানমাৰত যথেষ্ঠ পৰিমাণে পৰিছে। ইতিমধ্যে 'মোকা'ৰ দ্বাৰা প্ৰভাৱিত লাখ লাখ লোকক অন্য স্থানলৈ স্থানান্তৰ কৰা হৈছে। বহুলোকৰ মৃত্যু হোৱাৰ উপৰি হাজাৰ হাজাৰ লোক আঘাতপ্ৰাপ্ত হৈছে।

Advertisment

বংগোপসাগৰৰ মাজেৰে যোৱা ঘূৰ্ণী বতাহৰ ফলত ম্যানমাৰত মৃত্যুৰ সংখ্যা বৃদ্ধি পাইছে। ম্যানমাৰত এই ঘূৰ্ণী বতাহৰ ফলত ৬০ জনতকৈ অধিক লোকৰ মৃত্যু হৈছে ।এই বতাহৰ গতি ম্যানমাৰত প্ৰতি ঘন্টাত ২০৯ কিলোমিটাৰ।

এই ঘূৰ্ণী বতাহৰ প্ৰভাৱ উত্তৰ পূৱৰ ৰাজ্য সমূহতো পৰিছে। অসমতো ইয়াৰ প্ৰভাৱ কিছু পৰিমাণে পৰিছে। যাৰ বাবে ৰাজ্যৰ বিভিন্ন স্থানত ধুমুহা, বৃষ্টিপাত হৈছে। সোমবাৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বৰষুণ দিয়াৰ লগতে মঙলবাৰেও বৰষুণ, ধুমুহা অহা দেখা যায়।

আনহাতে মিজোৰামতো ইয়াৰ যথেষ্ঠ প্ৰভাৱ পৰিছে। ২০০ তকৈ অধিক ঘৰ ক্ষতিগ্ৰস্ত হোৱাৰ উপৰিও হাজাৰ হাজৰ লোক প্ৰভাৱিক হৈছে। বহুলোকক ইতিমধ্যে স্থানান্তৰ কৰা হৈছে।

Also Read: কৰ্ণাটকৰ মুখ্যমন্ত্ৰী পদৰ দায়িত্ব কাক দিয়াৰ সিদ্ধান্ত ল'লে কংগ্ৰেছে?

mocha