ধাৰাসাৰ বৰষুণ, গলিছে বৰফ! ইয়াৰ মাজতে আহি আছে ঘূৰ্ণি বতাহ, সতৰ্কতা জাৰি

বৰ্তমান সময়ত কৰ্ণাটক, কেৰালা, তামিলনাডু আৰু মহাৰাষ্ট্ৰৰ বহুতো অঞ্চলত ধাৰাসাৰ বৰষুণ হৈ আছে

author-image
Asomiya Pratidin
New Update
ধাৰাসাৰ বৰষুণ, গলিছে বৰফ! ইয়াৰ মাজতে আহি আছে ঘূৰ্ণি বতাহ, সতৰ্কতা জাৰি

Cyclone

ডিজিটেল ডেস্ক: বৰ্তমান সময়ত কৰ্ণাটক, কেৰালা, তামিলনাডু আৰু মহাৰাষ্ট্ৰৰ বহুতো অঞ্চলত ধাৰাসাৰ বৰষুণ হৈ আছে, আনহাতে জম্মু-কাশ্মীৰত প্ৰচণ্ড তুষাৰপাত আৰম্ভ হৈছে। ইয়াৰ ফলত উত্তৰ ভাৰতত ঠাণ্ডাৰ দিন আৰম্ভ হৈছে।

Advertisment

ইয়াৰ মাজতে অহা সপ্তাহত বংগোপসাগৰত হোৱা ঘূৰ্ণীবতাহে পশ্চিম বংগ আৰু বাংলাদেশৰ উপকূলত খুন্দা মৰাৰ সম্ভাৱণা আছে। যাৰ বাবে উত্তৰ-পূব ভাৰতকে ধৰি উৰিষ্যা, বংগ, বিহাৰ আৰু ঝাৰখণ্ডত ইয়াৰ প্ৰভাৱ পৰিব পাৰে।

বতৰ বিজ্ঞান বিভাগে বুধবাৰৰ পৰা উৰিষ্যাৰ বহুতো জিলাত ধাৰাসাৰ বৰষুণৰ সতৰ্কবাণী জাৰি কৰিছে। ২৪ আৰু ২৫ অক্টোবৰত গাঙ্গেয় সমভূমিত ধাৰাসাৰ বৰষুণৰ আগজাননী দিয়া হৈছে।

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে জনোৱা অনুসৰি এই ঘূৰ্ণি বতাহ উৰিষ্যাৰ উপকূলৰ পৰা ২৫ অক্টোবৰত পশ্চিম বংগ-বাংলাদেশত খুন্দা মাৰিব পাৰে। লগতে জনাই যে বৃহস্পতিবাৰে বংগোপসাগৰত এটা নিম্ন চাপৰ এলেকা সৃষ্টি হৈছে আৰু অহা চাৰি দিনৰ ভিতৰত ই ঘূৰ্ণীবতাহত পৰিণত হোৱাৰ সম্ভাৱনা আছে।

বতৰ বিজ্ঞান কেন্দ্ৰৰ জাননীৰ পাছতেই ৰাজ্য সমূহৰ প্ৰশাসনে সতৰ্কতা জাৰি কৰিছে। লগতে মাছমৰীয়া সকলক সাগৰৰ পাৰৰ পৰা উভতি অহাৰ নিৰ্দেশ দিছে।

west bengal cyclone bay of bengal