বিপদত 'ইণ্ডিয়া'! চিপিআই(এম)য়ে কৰিব অকলে প্ৰতিদ্বন্দ্বিতা

বিপদত 'ইণ্ডিয়া'! চিপিআই(এম)য়ে কৰিব অকলে প্ৰতিদ্বন্দ্বিতা

author-image
Asomiya Pratidin
New Update
বিপদত 'ইণ্ডিয়া'! চিপিআই(এম)য়ে কৰিব অকলে প্ৰতিদ্বন্দ্বিতা

ডিজিটেল ডেস্কঃ ২০২৪ চনৰ লোকসভা নিৰ্বাচনত বিজেপিক পৰাস্ত কৰিবলৈ 'ইণ্ডিয়া' মিত্ৰজোটে প্ৰস্তুত কৰি থকা ৰণনীতিৰ মাজতে আন এক সংকটৰ সন্মুখীন হৈছে। চিপিআই-এমে পশ্চিম বংগ আৰু কেৰালাত ইণ্ডিয়াৰ সৈতে মিত্ৰতা নকৰাৰ সিদ্ধান্ত লৈছে। দুয়োখন ৰাজ্যতে তেওঁলোকৰ মুখ্য প্ৰতিদ্বন্দ্বি কংগ্ৰেছ আৰু তৃণমূল কংগ্ৰেছ।

Advertisment

সূত্ৰ অনুসৰি জানিব পৰা মতে চিপিআই-এমে পশ্চিম বংগত কংগ্ৰেছ আৰু তৃণমূলৰ পৰা আঁতৰি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ সিদ্ধান্ত লৈছে। এনেবোৰ কাৰণতে এতিয়া বিৰোধী মিত্ৰজোটৰ ভুলসমূহ পোহৰলৈ আহিছে।

দিল্লীত চিপিএম পলিটব্যুৰোৰ এখন বৈঠকত এই সিদ্ধান্ত লোৱা হৈছিল। সূত্ৰই এয়াও দাবী কৰিছে যে বিৰোধী ভোটৰ কোনো বিভাজন নোহোৱাটো নিশ্চিত কৰাৰ এক ৰণনীতিৰ অংশ হিচাপে এনে কৰাৰ সিদ্ধান্ত লোৱা হৈছে। উল্লেখ্য যে, চিপিএমে যোৱা সপ্তাহত 'ইণ্ডিয়া' সমন্বয় সমিতিৰ বৈঠকত উপস্থিত নাছিল।

Also Read: নৱ-বিবাহিত মহিলাৰ মৃতদেহ উদ্ধাৰ, হত্যাৰ সন্দেহ পৰিয়ালৰ

cpi