/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/1722362c-3542-4416-b594-bdfa8a13fc85/cow.jpg)
ডিজিটেল ডেস্ক: সমগ্ৰ দেশত একাংশই প্ৰস্তুতি চলাইছে ভেলেণ্টাইন দেৰ। ইয়াৰ মাজতে ভাৰতীয় পশু কল্যাণ পৰিষদে ১৪ ফেব্ৰুৱাৰী 'গৰু আলিঙ্গন দিৱস' হিচাপে পালন কৰিবলৈ আহ্বান জনাইছে। গৰুৰ লাভালাভ আৰু গৰুয়ে কেনেদৰে ভাৰতীয় সংস্কৃতি আৰু গ্ৰাম্য অৰ্থনীতিৰ মেৰুদণ্ড সেই কথাও উল্লেখ কৰে পৰিষদে।
পৰিষদে এক জাননী যোগে কয় যে "আমি সকলোৱে জানো যে গৰু হৈছে ভাৰতীয় সংস্কৃতি আৰু গ্ৰাম্য অৰ্থনীতিৰ মেৰুদণ্ড। গৰু জৈৱ বৈচিত্ৰ্যক প্ৰতিনিধিত্ব কৰে। ইয়াক 'কামধেনু' আৰু 'গৌমাতা' বুলি জনা যায়।
গৰুৰ লাভালাভৰ কথা উল্লেখ কৰি বোৰ্ডে সকলোকে ১৪ ফেব্ৰুৱাৰীক 'গৰু আলিঙ্গন দিৱস' হিচাপেও পালন কৰিবলৈ আহ্বান জনাইছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/e9f23be0-4f5a-4845-a6f7-bf6daf905f01/8b5f1874_2261_441b_b397_bf0829e64449.jpg)
পৰিষদে কয় যে, "সময়ৰ লগে লগে পশ্চিমীয়া সংস্কৃতিৰ অগ্ৰগতিৰ বাবে বৈদিক পৰম্পৰা প্ৰায় বিলুপ্তিৰ পথত । পশ্চিমীয়া সভ্যতাৰ চমকতাৰ ফলত আমাৰ ভৌতিক সংস্কৃতি আৰু ঐতিহ্যক প্ৰায় পাহৰি যোৱাৰ নিচিনা হৈছে"।
গতিকে পৰিষদে গৰুৰ অস্তিত্ব আৰু বিভিন্ন লাভালাভৰ কথা উল্লেখ কৰি গৰু আলিংগন দিৱস পালনৰ বাবে আহ্বান জনাইছে।
আৰু পঢ়ক: ভাৰতক 'প্ৰকৃত বন্ধু' আখ্যা তুৰস্কৰ, ধ্বংসস্তুপত পৰিণতি ৰাষ্ট্ৰক ২৪ ঘন্টাৰ ভিতৰতে সহায়...