দুটা স্থানৰ দুটা আত্মহত্যাৰ ঘটনাই সৃষ্টি কৰিছে চাঞ্চল্য...

দুটা স্থানৰ দুটা আত্মহত্যাৰ ঘটনাই সৃষ্টি কৰিছে চাঞ্চল্য...
দুটা স্থানৰ দুটা আত্মহত্যাৰ ঘটনাই সৃষ্টি কৰিছে চাঞ্চল্য...

ডিজিটেল ডেস্কঃ দেশৰ দুটাকৈ স্থানত সংঘটিত হোৱা আত্মহত্যাৰ ঘটনাই দেশজুৰি চাঞ্চল্য সৃষ্টি কৰিছে। হোটেলৰ কোঠা আৰু নিজ বাসগৃহত সংঘটিত হোৱা এই দুই ঘটনাত ৪ জনকৈ লোকৰ মৃত্য হোৱাৰ উপৰি জীৱন-মৃত্যুৰে যুঁজি আছে এটি ৪ বছৰীয়া শিশুৱে।

ৰাষ্ট্ৰীয় ৰাজধানী নতুন দিল্লীত এহাল প্ৰেমিক যুগলে হোটেলৰ কোঠাত আত্মহত্যা কৰিছে। দিল্লীৰ মৌজপুৰ মেট্ৰ’ ষ্টেচনৰ কাষৰ এখন OYO হোটেলত এই প্ৰেমিক যুগলৰ নিথৰ দেহ উদ্ধাৰ হৈছে।

আত্মহত্যা কৰা প্ৰমেকি যুগলক ছোহৰাব (২৮) আৰু আয়েশা (২৭) বুলি জানিব পৰা গৈছে। পূৰ্বোত্তৰ দিল্লীৰ ডি চি পি জয় টিৰ্কীয়ে এই সন্দৰ্ভত কয় যে, ছোহৰাবৰ মৃতদেহ হোটেলখনৰ কোঠাৰ চিলিং ফেনত ওলমি থকাৰ অৱস্থাত আৰু আয়েশাৰ মৃতদেহ কোঠাৰ বিচনাত পোৱা গৈছে।

আনহাতে হোটেলখনৰ কোঠাৰ পৰা উদ্ধাৰ কৰা হৈছে হিন্দীত লিখা আধা পৃষ্ঠাৰ এখন ছুইচাইড নোট। য’ত কোৱা হৈছে তেওঁলোক দুয়োজনে এজনে আনজনক ভাল পাইছিল আৰু একেলগে জীৱন ত্যাগ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

আৰক্ষীৰ ভাষ্য অনুসৰি এই প্ৰমিক যুগলে শুকুৰবাৰে দিনৰ ১.০২ বজাত হোটেলখন এৰাৰ কথা আছিল যদিও সন্ধিয়া প্ৰায় ৭.৪৫ বজালৈ হোটেলৰ কোঠালিৰ পৰা ওলাই নহাত হোটেল কৰ্তৃপক্ষই দুৱাৰত টোকৰ মাৰে। কিন্তু ভিতৰৰ পৰা কোনো সঁহাৰি নাহে।

ইফালে হোটেলৰ কোঠালি পৰীক্ষা কৰি আৰক্ষীয়ে দুয়োৰে মাজত কোনো সংঘাত বা কাজিয়াৰ তথ্য লাভ কৰা নাই। যাৰ বাবে এই চূড়ান্ত সিদ্ধান্ত দুয়োৱে একেলগে লোৱা বুলিয়েই পতিয়ন গৈছে আৰক্ষী। অৱশ্যে ইয়াৰ আঁৰত কিবা কাৰণ আছে নেকি সেই কথা জানিব পৰা হোৱা নাই।

ইফালে হাৰিয়ানাৰ যমুনা নগৰতো শুকুৰবাৰে এহাল দম্পত্তিয়ে আত্মহত্যা কৰিছে। এই দম্পত্তিহালে বিহ পান কৰি আত্মহত্যা কৰিছে বুলি আৰক্ষীয়ে জনাইছে। তেওঁলোকে নিজৰ সন্তানটিকো বিহ খোৱাইছিল। অৱশ্যে শিশুটি জটিল অৱস্থাত এখন ব্যক্তিগত হাস্পতালত ভৰ্তি হৈ আছে।

এই ঘটনা শুকুৰবাৰে দিনৰ ভাগত সংঘটিত হৈছে। জানিব পৰা মতে বিহ পান কৰি পৰিয়ালটো অসুস্থ হৈ পৰাৰ খবৰ পোৱাৰ লগে লগে স্থানীয় লোকে তেওঁলোকক হাস্পতালত ভৰ্তি কৰিছিল।

স্থানীয় লোকে জনোৱা অনুসৰি শুকুৰবাৰে দিনৰ প্ৰায় ২ বজাত তেওঁলোকে পৰিয়ালটোৱে বাস কৰা ঘৰটোৰ পৰা চিঞৰ-বাখৰ শুনিছিল। ইয়াৰ পাছতে তেওঁলোক গৈ বাসগৃহত গৈ উপস্থিত হয় আৰু তেওঁলোকক অচেতন অৱস্থাত উদ্ধাৰ কৰে। পৰৱৰ্তী সময়ত তেওঁলোকক স্থানীয় লোকসকলে হাস্পতালত ভৰ্তি কৰে আৰু হাস্পতালতেই দম্পত্তিহালক মৃত ঘোষণা কৰে। তেওঁলোকৰ চাৰি বছৰীয়া শিশুটোও সংকটজনক অৱস্থাত আছে।

দুটা স্থানৰ দুটা আত্মহত্যাৰ ঘটনাই সৃষ্টি কৰিছে চাঞ্চল্য...
মণিপুৰত কে চি পিৰ ৫সদস্যক গ্ৰেপ্তাৰ : অস্ত্ৰ-শস্ত্ৰসহ বাহন জব্দ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in