ক্ৰমান্বয়ে বৃদ্ধি! ৬৫ হাজৰৰো অধিক লোকৰ দেহত কৰোনা ভাইৰাছ...

দেশত পুনৰ বৃদ্ধি পাইছে কৰোনাত আক্ৰান্ত ৰোগীৰ সংখ্যা। বিগত ২৪ ঘন্টাত দিল্লীত ১৬০৩ জন লোক আক্ৰান্ত হয় কৰোনাত।

author-image
Asomiya Pratidin
New Update
ভাল খবৰ, দেশত হ্ৰাস পাইছে কোৰোনা আক্ৰান্তৰ সংখ্যা…

ডিজিটেল ডেস্কঃ দেশত পুনৰ বৃদ্ধি পাইছে কৰোনাত আক্ৰান্ত ৰোগীৰ সংখ্যা। বিগত ২৪ ঘন্টাত দিল্লীত ১৬০৩ জন লোক আক্ৰান্ত হয় কৰোনাত। ইয়াৰ ফলত দিল্লীত কৰোনাৰ সক্ৰিয়তাৰ হাৰ ২৬.৭৫ লৈ বৃদ্ধি পায়। স্বাস্থ্য মন্ত্ৰালয়ে জনাইছে এই তথ্য।

Advertisment

ভাৰতত বৃদ্ধি পাই আহিছে কৰোনা ৰোগীৰ সংখ্যা। বৃহস্পতিবাৰে প্ৰায় ২০ শতাংশ বৃদ্ধি পায়। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি মঙলবাৰে ৭ হাজাৰৰো অধিক, বুধবাৰে ১০হাজাৰ ৫৪২ আৰু বৃহস্পতিবাৰে ১২,৫৯১ জন লোক আক্ৰান্ত হয় কৰোনাত।

বৰ্তমান ভাৰতত ৬৫,২৮৭ জন কৰোনাত সক্ৰিয় ৰোগী আছে। উল্লেখ্য যে, দিল্লীৰ উপৰিও মহাৰাষ্ট্ৰতো কৰোনাত আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে।

Also Read: নলবাৰীৰ সাৰ্বজনীন ৰঙালী বিহু উৎসৱ, উৎসৱত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল...