পুনৰ কৰোনাৰ সংক্ৰমণ বৃদ্ধি, ৭০০০তকৈ অধিক লোক আক্ৰান্ত

পুনৰ কৰোনাৰ সংক্ৰমণ বৃদ্ধি, ৭০০০তকৈ অধিক লোক আক্ৰান্ত

ডিজিটেল ডেস্কঃ দেশত পুনৰ বৃদ্ধি পাইছে কৰোনাত আক্ৰান্ত লোকৰ সংখ্যা। ১২ এপ্ৰিলৰ তথ্য অনুসৰি বিগত ২৪ ঘন্টাত দিল্লীত ১১৪৯ জন লোক আক্ৰান্ত হয় কৰোনাত। আনহাতে সংক্ৰমণৰ হাৰ বৃদ্ধি পায় ২৩.৮ লৈ।

আনহাতে মৃত্যু হয় এজন লোকৰ। বৰ্তমান দিল্লীত কৰোনাৰ ৩৩৪৮ টা সক্ৰিয় ঘটনা আছে। যাৰ ভিতৰত ১৯৯৫ জন ঘৰত আৰু ২০৩ জন ৰোগী চিকিৎসালয়ত ভৰ্তি হৈছে।

আনহাতে মহাৰাষ্ট্ৰতো কৰোনাৰ সংক্ৰমণ বৃদ্ধি পাইছে। বিগত ২৪ ঘন্টাত ৯ গৰাকী লোকৰ মৃত্যু হৈছে ৰাজ্যখনত। আনহাতে ৰাজ্যখনত ১০০০ তকৈ অধিক লোক আক্ৰান্ত হৈছে কৰোনাত।

স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি, বিগত ২৪ ঘণ্টাত দেশত ৭৮৩০ জন লোক আক্ৰান্ত হৈছে কৰোনাত। ১৮ জন লোকে হেৰুৱাইছে প্ৰাণ। ৭ মাহৰ পাছত ৭০০০ ৰো অধিক লোক আক্ৰান্ত হৈছে কৰোনাত।

পুনৰ কৰোনাৰ সংক্ৰমণ বৃদ্ধি, ৭০০০তকৈ অধিক লোক আক্ৰান্ত
কতৰ্ব্যৰত অৱস্থাত আৰক্ষী উপ পৰিদৰ্শকৰ মৃত্যু

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in