কতৰ্ব্যৰত অৱস্থাত আৰক্ষী উপ পৰিদৰ্শকৰ মৃত্যু

হেমকান্ত চুতীয়াৰ কৰ্তব্যৰত বুধবাৰে অৱস্থাততে মৃত্যু হোৱা ঘটনাই চহৰ খনত চাঞ্চল্যৰ সৃষ্টি কৰিছে।

author-image
Asomiya Pratidin
New Update
কতৰ্ব্যৰত অৱস্থাত আৰক্ষী উপ পৰিদৰ্শকৰ মৃত্যু

ডিজিটেল সংবাদ, গোলাঘাট: গোলাঘাট আৰক্ষী থানাৰ এগৰাকী নিষ্ঠাবান আৰক্ষী বিষয়া হেমকান্ত চুতীয়াৰ কৰ্তব্যৰত বুধবাৰে অৱস্থাততে মৃত্যু হোৱা ঘটনাই চহৰ খনত চাঞ্চল্যৰ সৃষ্টি কৰিছে। জানিব পৰা অনুসৰি উপ পৰিদৰ্শক গৰাকীয়ে যোৰহাটলৈ গৈ এজন লোকৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰি যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ পৰা গোলাঘাটলৈ আহি থকা বাটত এখন হোটেলত ভাত খাই থকা অৱস্থাত উচ্চ ৰক্তচাপত ৰোগত আক্ৰান্ত হয়।

Advertisment

ততাতৈয়াকৈ তেওক যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হয় যদিও অৱস্থা অধিক সংকটজনক দেখি যোৰহাটৰ পৰা ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় নিয়া হয় আৰু তাতেই তেওঁ ইহলীলা সম্বৰণ কৰে। ।উল্লেখ্য যে অতি ব্যস্ততাপূৰ্ণ জীৱন শৈলী আৰু মানসিক চাপৰ বাবেই উচ্চ ৰক্তচাপত আক্ৰান্ত হৈ আৰক্ষী বিষয়া গৰাকী মৃত্যুমুখত পৰে বুলি ধাৰণা কৰা হৈছে।

Also Read: বোমা বিস্ফোৰণৰ দৃশ্য গ্ৰহণ কৰি থকাৰ সময়তে আঘাতপ্ৰাপ্ত সঞ্জয় দত্ত