NEET-UG 2024: প্ৰশ্ন কাকত ফাদিলৰে জড়িত আন্তঃৰাজ্যিক বৃহৎ চক্ৰ

২০২৪ চনৰ  NEET-UG পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিলৰ মাষ্টাৰমাইণ্ড  সঞ্জীৱ কুমাৰ ওৰফে সঞ্জীৱ মুখিয়াক জেৰাৰ সময়ত প্ৰশ্ন কাকত ফাদিল সম্পৰ্কীয় বহু গুৰুত্বপূৰ্ণ তথ্য উন্মোচিত হৈছে।

author-image
Tushar Pratim
New Update
NEET-UG 2024: প্ৰশ্ন কাকত ফাদিলৰে জড়িত আন্তঃৰাজ্যিক বৃহৎ চক্ৰ

ডিজিটেল ডেস্কঃ ২০২৪ চনৰ  NEET-UG পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিলৰ মাষ্টাৰমাইণ্ড  সঞ্জীৱ কুমাৰ ওৰফে সঞ্জীৱ মুখিয়াক জেৰাৰ সময়ত প্ৰশ্ন কাকত ফাদিল সম্পৰ্কীয় বহু গুৰুত্বপূৰ্ণ তথ্য উন্মোচিত হৈছে। সঞ্জীৱ মুখিয়াই চি বি আইৰ আগত প্ৰকাশ কৰা মতে প্ৰশ্ন কাকত ফাদিল কৰিবলৈ তেওঁ আন্তঃৰাজ্যিক সহযোগী আৰু বিহাৰৰ একাংশ লোকৰ সৈতে সমন্বয় ৰক্ষা কৰি চলিছিল। এই ক্ষেত্ৰত তেওঁক “ছলভাৰ গেং”ৰ সদস্যসকলে লজিষ্টিক সুবিধা প্ৰদান কৰিছিল। 

Advertisment

উল্লেখ্য যে, যোৱা শুকুৰবাৰে বিহাৰৰ অৰ্থনৈতিক অপৰাধ শাখাই ২০২৪ চনত দাখিল ৰুজু হোৱা দুটা গোচৰকে ধৰি মুঠ ৫টা গোচৰত দনাপুৰৰ পৰা সঞ্জীৱ মুখিয়া আৰু আন দুজনক গ্ৰেপ্তাৰ কৰিছিল। যোৱা বছৰৰ মে’ মাহৰ পাটনাত NEET-UG পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিলৰ গোচৰৰ মূল অভিযুক্ত আছিল তেওঁলোক।  

প্ৰথমে স্থানীয় আৰক্ষীয়ে তদন্ত কৰা এই গোচৰটো পাছত অৰ্থনৈতিক অপৰাধ শাখাৰ হাতত গতাই দিয়া হৈছিল। তাৰ পাছত গোচৰৰ দায়িত্ব লৈছিল চিবিআইয়ে।এই পৰ্যন্ত এই গোচৰত কমেও ২০ খন চাৰ্জশ্বীট দাখিল কৰা হৈছে আৰু মুখিয়াকে ধৰি ৩৭জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে।

২০২৩ চনৰ শিক্ষক নিযুক্তি পৰীক্ষা (TRE-II)ৰ প্ৰশ্ন কাকত ফাদিল হোৱা ঘটনাৰো মূল অভিযুক্ত সঞ্জীৱ মুখীয়া। শনিবাৰে মুখিয়াক তিনিদিনৰ বাবে বিহাৰ আৰক্ষীৰ অৰ্থনৈতিক অপৰাধ শাখাই নিজৰ জিম্মালৈ নিয়ে। 

তাৰ পাছতেই অৰ্থনৈতিক অপৰধা শাখা আৰু চি বি আইৰ বিষয়াই একেলগে তেওঁক সোধা-পোছা কৰে। সূত্ৰত প্ৰকাশিত খবৰ অনুসৰি চিবিআইয়ে মুখিয়াক পাটনাৰ পৰা NEET ৰ প্ৰশ্ন কাকত কিদৰে ফাদিল কৰিছিল সেই বিষয়ে প্ৰশ্ন কৰে আৰু মুখিয়াই সবিশেষ প্ৰকাশ কৰিছে।

তাৰোপৰি প্ৰতিযোগিতামূলক পৰীক্ষাৰ ফাদিল হোৱা প্ৰশ্নকাকত সমাধানৰ বাবেও একাংশক নিযুক্তি দিয়া হৈছিল বুলি জনাইছে। তেওঁলোকক এই কাম-কাজত লজিষ্টিক সহযোগিতা আগবঢ়াইছিল ছলভাৰ গেঙে।

 

প্ৰশ্ন কাকত ফাদিল নীট কেলেংকাৰী