চলিত বিত্তীয় বৰ্ষত নিৰ্মাণ সঁজুলি উদ্যোগত সৰ্বাধিক ৰপ্তানিৰ ৰেকৰ্ড...

আন্তঃগাঁথনি প্ৰকল্পত চৰকাৰী ব্যয়ৰ দ্বাৰা উৎসাহিত হৈ নিৰ্মাণ সঁজুলি উদ্যোগে তিনি বছৰৰ ভিতৰত সৰ্বাধিক আৰু ২০২৪ চনৰ এপ্ৰিল-ডিচেম্বৰ সময়ছোৱাতো সৰ্বাধিক ৰপ্তানিও লাভ কৰিছে।

author-image
Asomiya Pratidin
New Update
চলিত বিত্তীয় বৰ্ষত নিৰ্মাণ সঁজুলি উদ্যোগত সৰ্বাধিক ৰপ্তানিৰ ৰেকৰ্ড...

ডিজিটেল ডেস্কঃ আন্তঃগাঁথনি প্ৰকল্পত চৰকাৰী ব্যয়ৰ দ্বাৰা উৎসাহিতহৈ নিৰ্মাণ সঁজুলি উদ্যোগে তিনি বছৰৰ ভিতৰত সৰ্বাধিক সামগ্ৰিক পৰিমাণৰ লগতে ২০২৪ চনৰ এপ্ৰিল-ডিচেম্বৰ সময়ছোৱাত সৰ্বাধিক ৰপ্তানিও লাভ কৰিছে। উদ্যোগটোৰ শীৰ্ষ সংস্থা ভাৰতীয় নিৰ্মাণ সঁজুলি নিৰ্মাতা সংস্থা (আই চি ই এম এ) ৰ শেহতীয়া তথ্য অনুসৰি চলিত বিত্তীয় বৰ্ষৰ প্ৰথম ৯ মাহত উদ্যোগটোৱে ৯৮,৯৭০ ইউনিট লাভ কৰিছে।

ইয়াৰ বিপৰীতে  ২০২৩ চনৰ এপ্ৰিলৰ পৰা ডিচেম্বৰলৈ এই পৰিমাণ আছিল ৯৪,৬৮৫ ইউনিট। অৰ্থাৎ ২০২৩ ৰ তুলনাত চলিত বিত্তীয় বৰ্ষত ৫ শতাংশ বৃদ্ধি পাইছে।  ২০২২ চনৰ এপ্ৰিল ৰ পৰা ডিচেম্বৰলৈ বিক্ৰী হোৱা ৭৩,৭৯৫ ইউনিটৰ তুলনাত  আকৌ ৩৪ শতাংশ বৃদ্ধি পাইছে।

ৰপ্তানিৰ ক্ষেত্ৰতো উদ্যোগটোৱে তিনি বছৰৰ সৰ্বোচ্চ ৯,৭৩৩ ইউনিট লাভ কৰিছে। যি ২০২৩ চনত ৯,১৮১ ইউনিট আৰু ২০২২ চনত ৫,৭০০ ইউনিটৰ তুলনাত অধিক।

ক্ৰমাগতভাৱেও এই বছৰৰ তৃতীয় ত্ৰৈমাসিকৰ হিচাপ সৰ্বাধিক হৈছে আৰু ২৫ বিত্তীয় বৰ্ষত ঘৰুৱা বিক্ৰী ২৭,৩৮২ ইউনিট আৰু ৩,৩০৪ ইউনিট ৰপ্তানি হোৱাৰ বিপৰীতে ২৫ বিত্তীয় বৰ্ষৰ প্ৰথম ত্ৰৈমাসিক ঘৰুৱা বিক্ৰীত ২৬,০২০ ইউনিট আৰু ২,৮৮২ ইউনিট ৰপ্তানি হৈছে। 

আই চি ই এম এৰ মতে উদ্যোগটোৰ বৃদ্ধিত কেইবাটাও কাৰকে অৰিহণা যোগাইছে। ইয়াৰ ভিতৰত আছে নিৰ্বাচনৰ পিছত চৰকাৰে আন্তঃগাঁথনি উন্নয়নৰ ওপৰত লোৱা পদক্ষেপ, বাৰিষাৰ অন্ত পৰা, ২০২৫ চনৰ জানুৱাৰী মাহত কাৰ্বন নিৰ্গমনৰ মানদণ্ড ৰূপায়ণৰ পূৰ্বে প্ৰি-বাইং আৰু নিৰ্মাণ সঁজুলি যন্ত্ৰৰ বিভিন্ন নতুন ভিন্নতা প্ৰৱৰ্তন।

আইচিইএমএৰ সভাপতি আৰু কেটাৰপিলাৰ ইণ্ডিয়াৰ এমডি ভি বিবেকানন্দে এই সন্দৰ্ভত কয় যে, “শেহতীয়া বাজেটত আন্তঃগাঁথনি ব্যয়ৰ ওপৰত অব্যাহত মনোনিৱেশ কৰাৰ লগে লগে অনাগত ত্ৰৈমাসিকত চাহিদা আৰু অধিক শক্তিশালী হোৱাৰ বাবে এই খণ্ডত আৰু ভাল আশা কৰিব পাৰি।”

অৰ্থনীতি ৰপ্তানি