জনতাই দিছে সুযোগ! ১৩৬ খন আসনেৰে বিজেপিৰ দুৰ্গ ধ্বংস কৰি কৰ্ণাটকত কংগ্ৰেছৰ জয়গান

লক্ষ্য কৰিলে দেখা যায় যে এইবাৰৰ জয় কংগ্ৰেছৰ বাবে ঐতিহাসিক। ইয়াৰ পূৰ্বে কোনো এটা দলে কৰ্ণাটকত ইমান খন আসন লাভ কৰা নাছিল।
জনতাই দিছে সুযোগ! ১৩৬ খন আসনেৰে বিজেপিৰ দুৰ্গ ধ্বংস কৰি কৰ্ণাটকত কংগ্ৰেছৰ জয়গান

ডিজিটেল ডেস্কঃ বিজেপিক পৰাস্ত কৰি কৰ্ণাটকত কংগ্ৰেছৰ বৃহৎ জয়। ৩৪ বছৰ পাছত কংগ্ৰেছে সৰ্বাধিক ভোটৰ অংশ লাভ কৰি এই জয়লাভ কৰিছে। ভোট গণনা চলি থকাৰ মাজতেই ৰাজনৈতিক কৰ্মী যোগেন্দ্ৰ যাদৱে কৈছিল যে এইবাৰৰ কৰ্ণাটকৰ নিৰ্বাচনত কংগ্ৰেছৰ বৃহৎ বিজয়। ইয়াৰ পূৰ্বে বীৰেন্দ্ৰ পাটিলৰ শাসনকালত ১৯৮৯ চনত কংগ্ৰেছে ১৭৮ খন আসনত জয় লাভ কৰি ৪৩.৭৬ শতাংশ ভোট লাভ কৰিছিল।তেওঁ উল্লেখ কৰা মতে ২০১৩ চনত কংগ্ৰেছে ১২২ খন (৩৬.৬শতাংশ) আসন লাভ কৰিছিল।

তেওঁ টুইটত উল্লেখ কৰা অনুসৰি ১৯৯৯চনত, কংগ্ৰেছে ১৩২(৪০.৮৩) খন আসন, ২০০৪ চনত বিজেপি, বিএছৱাই ৭৯ (২৮.৩৩শতাংশ) খন আসন,২০০৮ চনত বিজেপি, বিএছৱাই ১১০(৩৩.৮৬)খন আসন, ২০১৩ চনত ১২২ (৩৬.৬শতাংশ) খন আসন, ২০১৮ চনত বিজেপি, বিএছৱাইয়ে ১০৪(৩৬.৩শতাংশ) খন আসন লাভ কৰিছিল।

গতিকে লক্ষ্য কৰিলে দেখা যায় যে এইবাৰৰ জয় কংগ্ৰেছৰ বাবে ঐতিহাসিক। ইয়াৰ পূৰ্বে কোনো এটা দলে কৰ্ণাটকত ইমান খন আসন লাভ কৰা নাছিল।

উল্লেখ্য যে, কৰ্ণাটক বিধানসভা নিৰ্বাচনত কংগ্ৰেছে ১৩৬ খন আসনত জয় লাভ কৰি একক সংখ্যাগৰিষ্ঠতাৰে শাসনৰ বাঘজৰী ধৰিবলৈ সক্ষম হয়। আনহাতে বিজেপিয়ে ৬৫ খন আসন, জনতা দল(এছ) ১৯ খন আৰু অন্যান্যই ৪ খন আসন লাভ কৰিবলৈ সক্ষম হয়।

পূৰ্বৰ নিৰ্বাচনী ফলাফল পৰ্যালোচনা কৰিলে এইবাৰ কংগ্ৰেছৰ ৫৫ খন অধিক আসনত লাভ আৰু বিজেপিৰ ৩৯ খন আসন হেৰুৱাব লগা হয়।

এইবাৰ কৰ্ণাটকৰ নিৰ্বাচনী প্ৰচাৰ সভাত বিজেপিৰ হৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ আদিয়ে কেইবাখনো নিৰ্বাচনী সভাত অংশ গ্ৰহণ কৰিছিল। কিন্তু তাৰ পাছতো বিজেপিৰ ফলাফলে দলটোশ হতাশা যে কৰিছে সেয়া নিশ্চিত। কিয়নো দক্ষিণ ভাৰতত কৰ্ণাটকতেই মাত্ৰ বিজেপিৰ শাসন আছিল। কিন্তু কৰ্ণাটকো এতিয়া কংগ্ৰেছৰ হাতলৈ যোৱাতো বিজেপিৰ বাবে শুভ লক্ষণ নহয়।

ৰাজনীতিত জয়-পৰাজয় থাকেই। কিন্তু এয়াও সত্য যে আজিৰ নিৰ্বাচনী ফলাফলে দেশৰ লোকসভা নিৰ্বাচনত প্ৰভাৱ পেলাব। কংগ্ৰেছৰ দুৰ্দিনৰ মাজতে আজিৰ এই জয়েই দলটোক পুনৰ ট্ৰেকলৈ ঘূৰি অহাত যথেষ্ঠ খিনি সহায় কৰিব।

জনতাই দিছে সুযোগ! ১৩৬ খন আসনেৰে বিজেপিৰ দুৰ্গ ধ্বংস কৰি কৰ্ণাটকত কংগ্ৰেছৰ জয়গান
২০২৪ লোকসভা নিৰ্বাচনৰ প্ৰতিচ্ছবি কৰ্ণাটকৰ ফলাফল

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in