শেষ হোৱা নাই কংগ্ৰেছ সাংসদ ধীৰাজ চাহুৰ ঘৰত উদ্ধাৰ হোৱা ধনৰ গণনাঃ এই পৰ্যন্ত ৩৫৩ কোটিৰ গণনা সম্পূৰ্ণ

শেষ হোৱা নাই কংগ্ৰেছ সাংসদ ধীৰাজ চাহুৰ ঘৰত উদ্ধাৰ হোৱা ধনৰ গণনাঃ এই পৰ্যন্ত ৩৫৩ কোটিৰ গণনা সম্পূৰ্ণ
শেষ হোৱা নাই কংগ্ৰেছ সাংসদ ধীৰাজ চাহুৰ ঘৰত উদ্ধাৰ হোৱা ধনৰ গণনাঃ এই পৰ্যন্ত ৩৫৩ কোটিৰ গণনা সম্পূৰ্ণ

ডিজিটেল ডেস্কঃ কংগ্ৰেছৰ ৰাজ্যসভাৰ সাংসদ ধীৰাজ চাহুৰ ঘৰত উদ্ধাৰ হোৱা পৰ্বতসম ধনৰ গণনা অব্যাহত আছে। ইয়াৰ বাহিৰে আন আন স্থানত উদ্ধাৰ হোৱা ধন গণি শেষ কৰিছে অভিযানকাৰী দলে।

উল্লেখ্য যে, কংগ্ৰেছ সাংসদগৰাকীৰ ঝাৰখণ্ড, উৰিষ্যা, পশ্চিমবংগ আদিত থকা ৯টা কৈ ঘৰ তথা কাৰ্যালয়ত অভিযান চলাইছে আয়কৰ বিভাগে। ইয়াৰে আটাইকেইটা স্থানত উদ্ধাৰ হোৱা ধনৰ গণনা শেষ হৈছে যদিও ঝাৰখণ্ডৰ ৰাঁচীত থকা চাহুৰ ঘৰত উদ্ধাৰ হোৱা ধনৰ গণনা অব্যাহত আছে।

এতিয়ালৈকে আয়কৰ বিভাগে উদ্ধাৰ কৰিছে ৩৫৩.৫ কোটি নগদ ধন। যিহেতু ৰাঁচীৰ ঘৰত এতিয়াও ধনৰ গণনা চলি আছে গতিকে এই সংখ্যা যে আৰু অধিক বৃদ্ধি পাব সেয়া নিশ্চিত।

স্থানীয় বেংকৰ মতে ৫০ জনকৈ অধিক ভাৰতীয় ষ্টেট বেংকৰ কৰ্মচাৰীয়ে ২৫ টাতকৈ অধিক টকা গণনা কৰা যন্ত্ৰৰে উদ্ধাৰহোৱা নোটবোৰ গণনা কৰিছে। নোট গণনাৰ ফলত কেইবাবাৰো মেচিনবোৰ গৰম হৈ গৈছে।

ফলত কেইবাটাও নোট গণনা কৰা মেচিন নোট গণনাৰ পৰা বাদ দিবলগীয়া হৈছে। নোটৰ পাহৰ দেখি আয়কৰ বিভাগৰ লোকসকলো আচৰিত হৈ পৰিছে। ইয়াৰ পূৰ্বে ২০১৯ ত কানপুৰত এইদৰে পৰ্বতসম নগদ ধন উদ্ধাৰ কৰা হৈছিল।

সেইবাৰ জব্দ কৰা হৈছিল ২৫৭ কোটি টকা। কিন্তু এইবাৰ চাহুৰ ঘৰত উদ্ধাৰ হোৱা টকাৰ পৰিমাণ সেইবাৰতকৈ বহু বেছি।

অৱশ্যে আয়কৰ বিভাগে এতিয়ালৈকে এই সন্দৰ্ভত কোনো আনুষ্ঠানিক বিবৃতি জাৰি কৰা নাই। বিভাগে অভিযান সম্পূৰ্ণ কৰাৰ পাছতে আনুষ্ঠানিক বিবৃতি জাৰি কৰিব।

শেষ হোৱা নাই কংগ্ৰেছ সাংসদ ধীৰাজ চাহুৰ ঘৰত উদ্ধাৰ হোৱা ধনৰ গণনাঃ এই পৰ্যন্ত ৩৫৩ কোটিৰ গণনা সম্পূৰ্ণ
ৰাজ্যৰ আটাইতকৈ পৰিস্কাৰ আৰু সু-সজ্জিত চৰকাৰী কাৰ্যালয়টো...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in