/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/7108d262-67e7-4d3b-820c-a8c97c7f90a0/AP_FOR_WEB__OFFICE.jpg)
ডিজিটেল সংবাদ নগাঁও: পৰিস্কাৰ-পৰিচন্নতাৰ নিদৰ্শন দেখুৱাইছে এটি চৰকাৰী কাৰ্যালয়ৰ কৰ্মচাৰীয়ে ৷ কৰ্মস্হলীক পবিত্ৰ স্হানলৈ পৰ্যবেক্ষিত কৰি তুলিছে ১৭ জনকৈ চৰকাৰী বিষয়া, কৰ্মচাৰীয়ে ৷
সিমানে নহয় খৰাঙ প্ৰবৰ এলেকাত থকা কাৰ্যালয়টোৰ চৌহদটিত ৰোপণ কৰা হৈছে নিম পুলি ৷ ১০০ নিম পুলি ৰোপণ কৰি চৰকাৰী কাৰ্যালয়টোৰ চৌহদটো সেউজীয়া আবৰনৰে আবৰিব বিচাৰিছে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/5488f06c-4ab1-4837-8fa7-925030b8130d/cebf686b_8b9d_4d07_9f18_42ef98374737.jpg)
নগাঁও জিলাৰ কঠিয়াতলিত থকা এই চৰকাৰী কাৰ্যালয়টোৱে বৰ্তমান এক নিদৰ্শন দেখুৱাবলৈ সক্ষম হৈছে ৷ নামবৰ লালুঙ গাঁৱত পঞ্চায়তত আছে কঠিয়াতলি জনস্বাস্হ্য কাৰিকৰী উপ-সংমণ্ডল বিষয়া কাৰ্যালয় ৷
কাৰ্যালয়টোৰ উপ-সংমণ্ডলটোৰ বিষয়াজনৰ নাম হৈছে অনুপ কুমাৰ দাস ৷ বিষয়া দাসৰ নেতৃত্বতে ২০২২ চনৰ পৰা এক জাগৰন আনিবলৈ চেষ্টা কৰা হৈছিল কাৰ্যালয়টোত ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/df126ca2-1908-42e0-8d13-96f69cadaff8/b8107588_dd2f_42de_baa3_aa2e72c690ea.jpg)
বিষয়া দাস আৰু আন বিষয়া কৰ্মচাৰীৰ ঐক্যবদ্ধ প্ৰচেষ্টাত কাৰ্যালয়টোত গঢ়ি উঠা পৰিবেশে এতিয়া নিদৰ্শনৰ সৃষ্টি কৰিছে সমগ্ৰ নগাঁও জিলাত ৷ কাৰ্যালয়টোত কোনো লোকে জোতা, চেণ্ডেল পিন্ধি প্ৰবেশ নকৰে ৷
সকলোৱে জোতা, চেণ্ডেল বাহিৰত খুলি কাৰ্যালয়ৰ ভিতৰত প্ৰবেশ কৰে ৷ জনস্বাস্হ্যকাৰিকৰী বিভাগৰ মুখ্য অভিযন্তাই কাৰ্যালয় চৌহদত উপস্হিত হওঁতে জোতা খুলি কাৰ্যালয়ৰ ভিতৰত প্ৰবেশ কৰা বুলি জানিব পৰা গৈছে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/4b12f47c-a217-4570-9e9a-3207b147340b/708b124a_9ad6_4c49_a0c7_ad31fe4eb237.jpg)
পুৱা কাৰ্যালয় খোলাৰ সময়ত এগছি চাকি জলোৱা হয় প্ৰতিস্হা কৰা থাপনাত ৷ প্ৰতিজন কৰ্মচাৰীয়ে সেৱা কৰি দিনটোৰ চৰকাৰী কৰ্ম সম্পাদন কৰে ৷
কাৰ্যালয়টোৰ আন এক উল্লেখযোগ্য দিশ হৈছে কৰ্মচাৰীৰ টেবুলত এটিও ফাইল নথকাটো ৷ প্ৰতিদিনে ফাইলৰ কাম সম্পূৰ্ণ কৰি বিষয়া কৰ্মচাৰীয়ে নিৰ্দিষ্ট আলমিৰাত ফাইলসমূহ সুন্দৰভাবে থৈ দিয়ে ৷ কোনো টেবুলত ফাইল বা কোনো নথি জমা হৈ পৰি নাথাকে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/986ac283-773d-4ba7-a2bd-838a5af48373/63b19071_5f7a_433e_a4b4_4803b2d85f5f.jpg)
নিজৰ ঘৰখন যেনেদৰে পৰিস্কাৰ, পৰিচন্ন, পৰিপাতি কৰি ৰখা হয় ঠিক সেইদৰে কঠিয়াতলি জনস্বাস্হ্য কাৰিকৰী উপ-সংমণ্ডল বিষয়া কাৰ্যালয়টো পৰিস্কাৰ, পৰিচন্ন, পৰিপাতি ৷ এক সুস্হ পৰিবেশত এই কাৰ্যালয়টোত কাম কৰে ১৭ জনকৈ কৰ্মচাৰীয়ে ৷
আহাৰ খাবলৈ হোটেলত গৈ সময় নষ্ট নকৰে এজনো কৰ্মচাৰীয়ে ৷ কৰ্মচাৰীসকলে নিজাকে স্হাপন কৰি লৈছে এখনি কেন্টিন ৷ চাহ, দুপৰীয়া আহাৰ, বিয়লিৰ চাহ আদি ঘৰুৱা পৰিবেশত গ্ৰহণ কৰে তেওঁলোকে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/2744ad2e-72b1-4f1b-b2fa-785867ca5b3d/c9b4a1ed_3195_4253_9ffd_dbdcde653ce6.jpg)
শেহতীয়াকৈ কাৰ্যালয়টোৰ চৌহদ সেউজীয়া আবৰনে ঢাকি ৰাখিবলৈ ৰোপণ কৰা হৈছে নিম পুলি ৷ ৰোপণ কৰা পুলিসমূহ থন ধৰি উঠিছে ৷ ৬০ টাকৈ নিম পুলি থন ধৰি উঠাৰ পিছত পুনৰ ৪০ টা পুলি ৰোপণৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে ৷ ইয়াৰ বাহিৰেও বিভিন্ন ফলমূলৰ পুলিও ৰোপণ কৰা হৈছে কাৰ্যালয়টোৰ চৌহদত ৷
ৰাজ্য চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগে বিভাগীয় কাৰ্যালয়সমূহ পৰিস্কাৰ পৰিছন্ন কৰি ৰখাৰ ক্ষেত্ৰত প্ৰতিযোগিতাৰ আয়োজন কৰিছিল ৷ এই প্ৰতিযোগিতাত কঠিয়াতলি উপ-সংমণ্ডলৰ সহকাৰী কাৰ্যবাহী অভিযন্তা অনুপ কুমাৰ দাসৰ নেতৃত্বত কাৰ্যালয়টোৰ কৰ্মৰত সকলোৱে লোৱা আন্তৰিক প্ৰচেষ্টাৰ বাবে কাৰ্যালয়টোয়ে পৰিস্কাৰ, পৰিচন্ন আৰু সু-সজ্জিত কাৰ্যালয় হিচাপে শীৰ্ষ স্হান লাভ কৰিছে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/b383b17c-88cb-44ee-9144-2f4f175994b0/6b3d38a7_0486_4611_b567_7789fb5ff7be.jpg)
বিভাগীয় জ্যেষ্ঠ বিষয়াবৰ্গৰ দ্বাৰা দুটা পৰ্যায়ত পৰিদৰ্শন আৰু পৰ্যবেক্ষণৰ অন্তত নগাঁও জিলাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কঠিয়াতলী উপ-সংমণ্ডল কাৰ্যালয় ভৱনটো অসমৰ ভিতৰতে পৰিস্কাৰ পৰিছন্ন আৰু সুসজ্জিত কাৰ্যালয় ভৱন হিচাবে নিৰ্বাচন কৰা হৈছে বুলি জানিব পৰা গৈছে ৷
উল্লেখ্য বিষয়া অনুপ কুমাৰ দাসৰ নেতৃত্বত থকা এই কাৰ্য়ালয়টো হৈছে বৰ্তমান ৰাজ্যৰ প্ৰথমটো পৰিস্কাৰ পৰিচন্ন আৰু সু-সজ্জিত কাৰ্যালয় ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/0a763a77-effe-474f-9440-9c4c38421ec6/33ab4f8c_e340_4fbe_9ba3_a1d851719b5c.jpg)
Also Read: জম্মু-কাশ্মীৰৰ পৰা ৩৭০ ধাৰা প্ৰত্যাহাৰক লৈ আজি উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়দান