'পেলেষ্টাইন' লিখা বেগ লৈ সংসদত প্ৰবেশ প্ৰিয়ংকা গান্ধীৰ....

প্ৰথমবাৰৰ বাবে সংসদলৈ নিৰ্বাচিত হৈ অহাৰ পৰা চৰ্চাৰ শীৰ্ষত আছে কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধী। সোমবাৰে সংসদৰ শীতকালীন অধিবেশনলৈ অহাৰ সময়ত প্ৰিয়ংকা গান্ধীয়ে লগত লৈ অনা এটা বেগে পুনৰ তেওঁক চৰ্চালৈ আনিছে।

author-image
Asomiya Pratidin
New Update
'পেলেষ্টাইন' লিখা বেগ লৈ সংসদত প্ৰবেশ প্ৰিয়ংকা গান্ধীৰ....

ডিজিটেল ডেস্কঃ প্ৰথমবাৰৰ বাবে সংসদলৈ নিৰ্বাচিত হৈ অহাৰ পৰা চৰ্চাৰ শীৰ্ষত আছে কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধী। সোমবাৰে সংসদৰ শীতকালীন অধিবেশনলৈ অহাৰ সময়ত প্ৰিয়ংকা গান্ধীয়ে লগত লৈ অনা এটা বেগে পুনৰ তেওঁক চৰ্চালৈ আনিছে।

Advertisment

প্ৰিয়ংকা গান্ধীক পুনৰ চৰ্চালৈ অনা এই বেগটোত লিখা আছিল পেলেষ্টাইন। ইজৰাইলী সেনাই ১৪ মাহৰ পূৰ্বে গাজা দখল কৰাৰ লগে লগে বিশ্বজুৰি বিতৰ্কৰ সূচনা হৈছিল। সোমবাৰে সেই বিতৰ্কক নতুনকৈ এক গতি দিলে প্ৰিয়ংকা গান্ধীয়ে।

ৱায়নাডৰ কংগ্ৰেছ সাংসদগৰাকীয়ে সোমবাৰে সংসদত প্ৰবেশ কৰাৰ সময়ত তেওঁৰ লগত দেখা গৈছিল পেলেষ্টাইন লিখা এটা বেগ। ইয়াৰ পিছতে এতিয়া বিজেপি সাংসদে অভিযোগ কৰিছে প্ৰিয়ংকা গান্ধীয়ে সংখ্যালঘুৰ তুষ্টিকৰণৰ ৰাজনীতি আৰম্ভ কৰিছে।

উল্লেখ্য যে, যোৱা ৭ অক্টোবৰত পেলেষ্টাইনী সশস্ত্ৰ বিদ্ৰোহী হামাছে গাজা ষ্ট্ৰিপৰ পৰা ইজৰাইল আক্ৰমণ কৰিছিল। তাৰ পাছৰে পৰা ইজৰাইলী সেনাই গাজা আৰু পেলেষ্টাইৰ পশ্চিম প্ৰান্তৰ ভূ-খণ্ডত ধাৰাবাহিক আক্ৰমণ চলাইছে। আকাশ মাৰ্গৰ লগতে স্থল অভিযানত এই পৰ্যন্ত ৫০ হাজাৰৰো অধিক মুছলমান লোকৰ মৃত্যু হৈছে। মৃতকৰ অধিকাংশই সাধাৰণ নাগৰিক। যাৰ ভিতৰত আছে বহু হাজাৰ মহিলা, শিশু।

পেলেষ্টাইনত চলা এই গণহত্যাৰ বিৰুদ্ধে কংগ্ৰেছে ইতিমধ্যে সন্ত্ৰাসবাদ বিৰোধীতা কৰিও ইজৰাইলৰ বিৰুদ্ধে মাত মাতিছে। কংগ্ৰেছৰ মুখপাত্ৰ শ্বামা মহম্মদে সোমবাৰে কয়, প্ৰিয়ংকা গান্ধীৰ এই পদক্ষেপ পেলেষ্টাইনী জনসাধাৰণৰ সৈতে থিয় দিয়াৰ উদ্দেশ্যি এক প্ৰদৰ্শন। 

প্ৰিয়ংকা গান্ধীয়ে লোৱা বেগটোত আছিল তৰমুজৰ পেইণ্টিং। এয়া পেলেষ্টাইনৰ প্ৰতীক। শ্বামা মহম্মদে এক্সত উল্লেখ কৰা মতে প্ৰিয়ংকা গান্ধীয়ে এই বিশেষ মোনা লৈ পেলেষ্টাইনৰ সৈতে একাত্মতা প্ৰকাশ কৰিছে। এয়া হৈছে সহানুভূতি, ন্যায় আৰু মানৱতাৰ প্ৰতি প্ৰতিশ্ৰুতি।

উল্লেখ্য যে, যোৱা সপ্তাহ প্ৰিয়ংকা গান্ধীক ৱায়নাডত বিজয়ৰ বাবে শুভেচ্ছা জনাবলৈ তেওঁৰ কাষলৈ গৈছিল স্বায়ত্তশাসিত পেলেষ্টাইন কৰ্তৃপক্ষৰ দূত আবেদ এলৰাজেগে। আজি প্ৰিয়ংকা গান্ধীৰ কান্ধত পেলেষ্টাইনী এই বেগ দেখি বিজেপি সাংসদসকল আচৰিত হৈ পৰিছে। 

উৰিষ্যাৰ সাংসদ তথা বিজেপিৰ মুখপাত্ৰ সম্বিত পাত্ৰই সোমবাৰে আবেলি কয়, "নেহৰু-গান্ধী পৰিয়ালৰ এনে আচৰণ নতুন কথা নহয়। জৱাহৰলালৰ পৰা প্ৰিয়ংকালৈকে, সকলোৱে তোষণৰ মোনা এখন লৈ ঘূৰি ফুৰে। কেতিয়াও তেওঁলোকৰ কান্ধত জাতীয়তাবাদ বা দেশপ্ৰেমৰ মোনা নেদেখে।‘’
 

শীতকালীন অধিৱেশন কংগ্ৰেছ পেলেষ্টাইন প্ৰিয়ংকা গান্ধী