তেলংগানাত ৰাহুল, প্ৰিয়ংকাৰ নিৰ্বাচনী অভিযানঃ প্ৰসিদ্ধ মন্দিৰত আগবঢ়ালে পূজা অৰ্চনা...

তেলংগানাত ৰাহুল, প্ৰিয়ংকাৰ নিৰ্বাচনী অভিযানঃ প্ৰসিদ্ধ মন্দিৰত আগবঢ়ালে পূজা অৰ্চনা...

author-image
Asomiya Pratidin
New Update
তেলংগানাত ৰাহুল, প্ৰিয়ংকাৰ নিৰ্বাচনী অভিযানঃ প্ৰসিদ্ধ মন্দিৰত আগবঢ়ালে পূজা অৰ্চনা...

তেলংগানাত ৰাহুল, প্ৰিয়ংকাৰ নিৰ্বাচনী অভিযানঃ প্ৰসিদ্ধ মন্দিৰত আগবঢ়ালে পূজা অৰ্চনা...

ডিজিটেল ডেস্কঃ কংগ্ৰেছ নেতা ৰাহুল গান্ধী আৰু তেওঁৰ ভগ্নী তথা কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী ভদ্ৰায়ে বুধবাৰে তেলেংগানা ভ্ৰমণ কৰে। ইয়াৰ মাজতে তেওঁলোকে তেলেংগানাৰ প্ৰসিদ্ধ মুলুগুৰ ৰামাপ্পা মন্দিৰত পূজা অৰ্চনা কৰে। 

এই সময়ছোৱাত তেওঁলোকক সংগ দিয়ে ৰাজ্যখনৰ কেইবাজনো জ্যেষ্ঠ কংগ্ৰেছ নেতাই। মন্দিৰটোত পূজা অৰ্চনা কৰাৰ পাছতে তেওঁলোক দুয়োৱে বাছ যাত্ৰাত অংশগ্ৰহণ কৰে।

ইয়াৰ জৰিয়তে ৰাজ্যখনত ৩০ নৱেম্বৰত অনুষ্ঠিত হ’বলগীয়া ৰাজ্যিক বিধানসভা নিৰ্বাচনৰ অভিযানো আৰম্ভ কৰে। কাৰ্যসূচী অনুসৰি ৰাহুল গান্ধীয়ে এই যাত্ৰাৰ পাছতে এক জনসভা সম্বোধিত কৰিব।

এই ৰেলীৰ পাছতে প্ৰিয়ংকা গান্ধী ভদ্ৰায়ে দিল্লীলৈ উভতিব। ইয়াৰ বিপৰীতে ৰাহুল গান্ধীয়ে ৰাজ্যখনতে থাকি নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখিব।

Also Read: বহুমহলীয়া অট্টালিকাৰ পাবত অগ্নিকাণ্ডঃ প্ৰাণৰ মমতাত জপিয়ালে এজনে...

কংগ্ৰেছ ৰাহুল গান্ধী