ডিজিটেল ডেস্কঃ সমাগত দিল্লী বিধানসভা নিৰ্বাচন। বিধানসভা নিৰ্বাচনৰ পূৰ্বে উত্তপ্ত হৈ পৰিছে দিল্লীৰ ৰাজনীতি। আৰম্ভ হৈছে বিভিন্ন বিষয়ক লৈ অভিযোগ, প্ৰতি অভিযোগ।
ৰাষ্ট্ৰীয় পৰ্যায়ত আম আদমি পাৰ্টি কংগ্ৰেছৰ সৈতে মিত্ৰতাত থাকিলেও দিল্লীত আপে অকলেই নিৰ্বাচন খেলিব বুলি ইতিমধ্যে ঘোষণা কৰি প্ৰাৰ্থীও প্ৰক্ষেপ কৰিছে। দিল্লীত অকলেই নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰা আপৰ আক্ৰমণৰ লক্ষ্য হৈ পৰিছে কংগ্ৰেছ।
আপৰ এনে আক্ৰমণৰ প্ৰত্যুত্তৰ দিয়াত আকৌ অলপো ৰৈ থকা নাই কংগ্ৰেছ। এফালে বিজেপিয়ে দিল্লীত আপ বিৰোধী সকলোকে সমিলমিলেৰে লৈ আগবঢ়াৰ চেষ্টা কৰাৰ সময়তে আপ আৰু কংগ্ৰেছৰ মাজৰ যুঁজখন চৰ্চাৰ বিষয় হৈ পৰিছে।
আপৰ মুৰব্বী অৰবিন্দ কেজৰিৱালৰ বিৰুদ্ধে থিয় দিঠে জ্যেষ্ঠ কংগ্ৰেছ নেতা সন্দীপ দীক্ষিত। তেওঁ শেহতীয়াকৈ আপে উত্থাপন কৰা এক অভিযোগক লৈ দলটোক সমালোচনাৰ লক্ষ্য কৰি লৈছ। তাৰোপৰি তেওঁ আপ চৰকাৰৰ এখন আঁচনিৰ বিৰুদ্ধে দিল্লীৰ উপ-ৰাজ্যপালকো অভিযোগ দাখিল কৰিছে।
শেহতীয়াকৈ দিল্লীৰ শাসকীয় আম আদমি পাৰ্টিয়ে কংগ্ৰেছৰ বিৰুদ্ধে অভিযোগ কৰিছে যে, আগন্তুক বিধানসভা নিৰ্বাচনত আপৰ সম্ভাৱনীয়তাক ক্ষতি কৰিবলৈ কংগ্ৰেছে বিজেপিৰ সৈতে মিলি কাম কৰি আছে।
আপৰ এনে অভিযোগৰ পাছতে জ্যেষ্ঠ কংগ্ৰেছ নেতা সন্দীপ দীক্ষিতে অৰবিন্দ কেজৰিৱালক সমালোচনা কৰি কয়, তেওঁলোকৰ ক’বলৈ একো বিষয় নাই। সেয়ে এইবোৰ কথা কৈছে। সম্পূৰ্ণ আম আদমি পাৰ্টি এফালে আৰু মই এফালে। মই যিমান বিজেপিৰ বিৰোধিতা কৰিছো আপৰ গোটেই দলটোৱে মিলি সিমান বিজেপিৰ বিৰোধিতা কেতিয়াও কৰা নাই।
সন্দীপ দীক্ষিতে পুনৰ কয়, নাজানো মই এনেকুৱা কি কৰিলো যে তেওঁলোকে মোক লৈ ইমান ভয় কৰিছে। মোক কেজৰিৱালক পৰাস্ত কৰিবলৈ থিয় কৰোৱা হৈছে। ‘বি’ টীমৰ অৰ্থ কি? মোক এখন ঠাইৰ কথা কওক য’ত আম আদমি পাৰ্টিৰ উপস্থিতিত বিজেপি পৰাস্ত হৈছে। আপে সকলো ঠাইতে কংগ্ৰেছকহে পৰাস্ত কৰে।
জ্যেষ্ঠ কংগ্ৰেছ নেতাগৰাকীয়ে উপ ৰাজ্যপাল ভি কে ছাক্সেনাৰ ওচৰত আপৰ ‘মহিলা সন্মান যোজনা’ৰ বিৰুদ্ধে অভিযোগ দাখিল কৰি দাবী কৰিছে যে, শাসকীয় দলে দিল্লীৰ মহিলাসকলক প্ৰতাৰণা কৰিছে। তেওঁ অভিযোগ কৰিছে, আপে মহিলা সন্মান যোজনাৰ নামত মহিলাসকলৰ মাজত ফৰ্ম বিতৰণ কৰি তেওঁলোকৰ ঠিকনা, মোবাইল নম্বৰ আদি সংগ্ৰহ কৰিছে। অথচ এই পৰ্যন্ত ইয়াৰ কোন অস্তিত্বই নাই।
উল্লেখ্য যে, জ্যেষ্ঠ কংগ্ৰেছ নেতা সন্দীপ দীক্ষিতে দিল্লীত অৰবিন্দ কেজৰিৱালৰ বিৰুদ্ধে থিয় দিছে। তাৰ পাছতে এই নেতাগৰাকীৰ সৈতে আপৰ কথাৰ কটাকটি আৰম্ভ হৈছে।