প্ৰধানমন্ত্ৰী মোডী অ'বিচি নহয়, জাতিগত পৰিচয়ক লৈ ভুৱা প্ৰচাৰ কৰিছেঃ ৰাহুল গান্ধী

প্ৰধানমন্ত্ৰী মোডী অ'বিচি নহয়, জাতিগত পৰিচয়ক লৈ ভুৱা প্ৰচাৰ কৰিছেঃ ৰাহুল গান্ধী
প্ৰধানমন্ত্ৰী মোডী অ'বিচি নহয়, জাতিগত পৰিচয়ক লৈ ভুৱা প্ৰচাৰ কৰিছেঃ ৰাহুল গান্ধী

ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জাতিগত পৰিচয়ক লৈ পুনৰ সৰৱ হৈছে ৰাহুল গান্ধী। পূৰ্বে 'মোডী' উপাধি সন্দৰ্ভত কৰা এক মন্তব্যৰ বাবে ফৌজদাৰি গোচৰৰ সন্মুখীন হোৱা ৰাহুল গান্ধীয়ে এইবাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিৰুদ্ধে জাতিগত পৰিচয় সন্দৰ্ভত অসত্য ভাষণৰ অভিযোগ তুলিছে।

উৰিষ্যাত ভাৰত জোড়ো ন্যায় যাত্ৰাৰ মাজতে এখন সভাত ৰাহুল গান্ধীয়ে বৃহস্পতিবাৰে কয়, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে তেওঁৰ জাতিগত পৰিচয় লৈ অসত্যৰ আশ্ৰয় লৈছে। প্ৰকৃততে তেওঁ অনান্য পিচপৰা শ্ৰেণী (অ' বি চি)ৰ অন্তৰ্গত নহয়। তেওঁ সাধাৰণ শ্ৰেণীৰহে অন্তৰ্গত।

এই সন্দৰ্ভত ৰাহুল গান্ধীয়ে তেওঁৰ ব্যাখ্যাও দাঙি ধৰে। তেওঁ কয়, মোডী অ' বি চি জাতিভুক্ত কোনো পৰিয়ালত জন্মগ্ৰহণ কৰা নাই। গুজৰাটৰ সাধাৰণ শ্ৰেণীভুক্ত 'তেলী' পৰিয়ালতহে তেওঁৰ জন্ম হৈছিল। ২০০০ চনত গুজৰাটৰ বিজেপি চৰকাৰে সেই জনগোষ্ঠীক অ' বি চি হিচাপে স্বীকৃতি প্ৰদান কৰিছিল।

ৰাহুলৰ এই ব্যাখ্যা অৱশ্যে ভুল নহয় বুলি দাবী কৰিছে বিশেষজ্ঞসকলে। মোডী 'মোধ ঘাঞ্চি তেলী' জাতিভুক্ত। তেওঁলোকে বিজেপিৰ শাসনৰ সময়তে গুজৰাটৰ অ' বি চি শ্ৰেণীৰ অন্তৰ্ভুক্ত হৈছিল।

ইয়াৰ পাছৰে পৰা সুযোগ পালেই প্ৰধানমন্ত্ৰী মোডীয়ে নিজকে নিম্ন জাতিৰ হোৱাৰ বাবেই কংগ্ৰেছে তেওঁক আক্ৰমণ কৰি অহাৰ অভিযোগ উত্থাপন কৰিছিল। ২০২৪ ৰ লোকসভাৰ নিৰ্বাচনৰ সময়ত তেওঁ প্ৰিয়ংকা গান্ধীৰ এক মন্তব্যৰ আলম লৈ তেওঁক নিম্ন জাতিৰ বুলি অৱমাননা কৰাৰ অভিযোগ কৰি নিৰ্বাচনী ইছ্যু কৰি তুলিছিল।

প্ৰধানমন্ত্ৰী মোডী অ'বিচি নহয়, জাতিগত পৰিচয়ক লৈ ভুৱা প্ৰচাৰ কৰিছেঃ ৰাহুল গান্ধী
আপৰ ৩ প্ৰাৰ্থী ঘোষণাঃ অসহায় ভূপেন বৰা, কি হ'ব লুৰিণৰ অৱস্থা ?

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in