/asomiyapratidin/media/media_files/2025/02/27/vCduDkBlHm7zqvjSdeD2.jpg)
ডিজিটেল ডেস্কঃ আজি দিল্লীত অনুষ্ঠিত হৈছে কংগ্ৰেছ শীৰ্ষ নেতৃত্বৰে অসম প্ৰদেশ কংগ্ৰেছৰ এক গুৰুত্বপূৰ্ণ বৈঠক। ২০২৬ চনৰ অসম বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি অনুষ্ঠিত হোৱা এই বৈঠকত নিখিল ভাৰত কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে, বিৰোধী দলপতি তথা কংগ্ৰেছ যুৱৰাজ ৰাহুল গান্ধী, সাধাৰণ সম্পাদক জয়ৰাম ৰমেশ, সাংগঠনিক সম্পাদক কে চি বেণুগোপাল।
তাৰোপৰি এই বৈঠকত উপস্থিত আছে অসম প্ৰদেশ কংগ্ৰেছৰ তত্বাৱধায়ক জীতেন্দ্ৰ সিং। উল্লেখ্য যে, এই গুৰুত্বপূৰ্ণ বৈঠকৰ বাবে কংগ্ৰেছ শীৰ্ষ নেতৃত্বই ইতিমধ্যে অসম প্ৰদেশ কংগ্ৰেছ আৰু ইয়াৰ ভগ্নী সংগঠনসমূহৰ নেতৃত্বক তলব কৰিছিল। তাৰপৰি কংগ্ৰেছৰ প্ৰতিগৰাকী সাংসদ, কেইবাজনো বিধায়ককো তলব কৰা হৈছিল বৈঠকলৈ।
সেই মতেই এইসকল নেতাৰ উপস্থিতিত আৰম্ভ হৈছে এই বৈঠক। মূলত ২০২৬ ৰ অসম বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি অনুষ্ঠিত হোৱা এই বৈঠকত অসম প্ৰদেশ কংগ্ৰেছৰ ভিতৰত চলি থকা লবী কেন্দ্ৰিক সংঘাতো দূৰ কৰাৰ বাবে চেষ্টা চলোৱা হ’ব পাৰে বুলি চৰ্চা হৈছে। তাৰোপৰি এই বৈঠকতে ২০২৬ ৰ নিৰ্বাচনৰ ৰণনীতি প্ৰস্তুত কৰিব কংগ্ৰেছে।
সৰ্বোপৰি এই বৈঠকেই অসম প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বৰ পৰিবৰ্তনৰ বিষয়টোও স্পষ্ট হ’ব। ধাৰণা কৰা হৈছে এই বৈঠকৰ পাছতেই হয়তো যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তথা সংসদৰ বিৰোধী উপ-দলপতি গৌৰৱ গগৈক অসমৰ গুৰুত্বপূৰ্ণ দায়িত্ব অৰ্পণ কৰিব। অৱশ্যে বৈঠকৰ অন্তত হে এই বিষয়ে স্পষ্ট হ’ব।
উল্লেখ্য যে, এই বৈঠকত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, অসম বিধানসভাৰ বিৰোধী দলপতি দেবব্ৰত শইকীয়া, মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ, যুৱ কংগ্ৰেছৰ সভাপতি জুৱেইৰ আনম, কংগ্ৰেছ সেৱা বাহিনীৰ অসমৰ মুৰব্বী দীপ বায়ন, সাংসদ গৌৰৱ গগৈ, ৰকিবুল হুছেইন, প্ৰদ্যুত বৰদলৈ, বিধায়িকী শিৱামণি বৰা, জাকিৰ হুছেইন শিকদাৰ, ৰজলীনা তিৰ্কী, আব্দুল খালেক, ৰিপুণ বৰা, বকোৰ বিধায়িকা নন্দিতা দাস, ৱাজেদ আলী চৌধুৰী, হাফিজ ৰছিদ আহমদ চৌধুৰী আদি নেতাসকল উপস্থিত আছে।