ট্ৰাম্পৰ সৈতে ঘনিষ্ঠ হ'বলৈ ষ্টাৰলিংকক ভাৰতলৈ মাতিছে মোডীয়ে !

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ সৈতে সম্পৰ্ক ঘনিষ্ঠ কৰিবলৈকে ইলন মাস্কৰ ষ্টাৰলিংকক ভাৰতলৈ অনাৰ পৰিকল্পনা কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। অভিযোগ কংগ্ৰেছৰ।

author-image
Tushar Pratim
New Update
ট্ৰাম্পৰ সৈতে ঘনিষ্ঠ হ'বলৈ ষ্টাৰলিংকক ভাৰতলৈ মাতিছে মোডীয়ে !

ডিজিটেল ডেস্কঃ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ সৈতে সম্পৰ্ক ঘনিষ্ঠ কৰিবলৈকে ইলন মাস্কৰ ষ্টাৰলিংকক ভাৰতলৈ অনাৰ পৰিকল্পনা কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। কংগ্ৰেৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক জয়ৰাম ৰমেশে এই অভিযোগ উত্থাপন কৰিছে।

Advertisment

উল্লেখ্য যে, শেহতীয়াকৈ ভাৰতীয় দুই টেলিকম কোম্পানী এয়াৰটেল আৰু জিঅ’ই ১২ ঘণ্টাৰ ব্যৱধানত ষ্টাৰলিংকৰ সৈতে বুজাবুজিৰ স্বাক্ষৰ কৰিছে। এই দুই ভাৰতীয় টেলিকম কোম্পানীৰ হাতত ধৰিয়েই ভাৰতত প্ৰবেশৰ বাবে সাজু হৈছে ষ্টাৰলিংক। অপেক্ষা কেৱল কেন্দ্ৰীয় চৰকাৰৰ অনুমোদনলৈ। 

তাৰ মাজতেই আজি কংগ্ৰেছে উত্থাপন কৰা অভিযোগে বিশেষ চৰ্চা লাভ কৰিছে। কংগ্ৰেছে দাবী কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে নিজেই এয়াৰটেল আৰু জিঅ’ক ষ্টাৰলিংকৰ সৈতে চুক্তিবন্ধ কৰোৱাই ড’নাল্ড ট্ৰাম্পৰ সৈতে তেওঁৰ সম্পৰ্ক ঘনিষ্ঠ কৰাৰ চেষ্টা কৰিছে। তাৰোপৰি ৰাষ্ট্ৰীয় নিৰাপত্তাক লৈয়ো প্ৰশ্ন উত্থাপন কৰিছে। 

কংগ্ৰেছৰ সাধাৰণ সম্পাদক জয়ৰাম ৰমেশে কয় যে, মাত্ৰ ১২ ঘণ্টাৰ ভিতৰতে এয়াৰটেল আৰু জিঅ’ এই  দুয়োটা প্ৰতিষ্ঠানে ষ্টাৰলিংকৰ সৈতে যুটি বন্ধাৰ কথা ঘোষণা কৰিছে। তেওঁ কয়, ইয়াৰ পূৰ্বেও এই কোম্পানীসমূহে ষ্টাৰলিংক ভাৰতলৈ অহাৰ ক্ষেত্ৰত আপত্তি দৰ্শাইছিল। সেই সকলো আপত্তিৰ মাজত একেলগে দুটাকৈ প্ৰতিষ্ঠানে যুটী বান্ধি ষ্টাৰলিংকক ভাৰতলৈ আদৰা কেনেকৈ সম্ভৱ বুলি প্ৰশ্ন উত্থাপন কৰিছে। 

জয়ৰামৰ অভিযোগ, ‘এই ষড়যন্ত্ৰ যে প্ৰধানমন্ত্ৰীৰ বাহিৰে আন কোনোৱে পৰিকল্পনা কৰা নাছিল সেয়া স্পষ্ট। ষ্টাৰলিংকৰ মুৰব্বী ইলন মাস্কৰ জৰিয়তে তেওঁ ৰাষ্ট্ৰপতি (ড’নাল্ড) ট্ৰাম্পৰ ঘনিষ্ঠতা লাভ কৰিবলৈ চেষ্টা কৰিছে।’

সামাজিক মাধ্যমৰ জৰিয়তে জয়ৰাম ৰমেশে প্ৰশ্ন কৰে, "ৰাষ্ট্ৰীয় সুৰক্ষাৰ ক্ষেত্ৰত প্ৰয়োজন হ'লে (ইণ্টাৰনেট) সংযোগ অন বা অফ কৰাৰ ক্ষমতা কাৰ হাতত থাকিব?" ষ্টাৰলিংকৰ হাতত থাকিব নে ভাৰতীয় কোম্পানীৰ হাতত থাকিব? 

উপগ্ৰহ ভিত্তিক সেৱা প্ৰদান কৰা আন কোম্পানীকো এনে অনুমতি দিয়া হ’বনে?  তেনে অনুমতি কি ভিত্তিত দিয়া হ'ব?" উল্লেখ্য যে, ষ্টাৰলিংক আৰু স্পেছএক্সৰ মুৰব্বী ইলন মাস্ক বৰ্তমান ট্ৰাম্প প্ৰশাসনৰ এক গুৰুত্বপূৰ্ণ পদবীত অধিষ্ঠিত হৈ আছে। 

এনে পৰিস্থিতিত দুই ভাৰতীয় কোম্পানী আৰু ইলনৰ মাস্কৰ কোম্পানীৰ মাজত হোৱা চুক্তিক লৈ প্ৰশ্ন উত্থাপন কৰিছে বিৰোধীয়ে। স্পেছেএক্সে এতিয়াও ভাৰতত ষ্টাৰলিংকৰ ইণ্টাৰনেট সেৱা প্ৰদানৰ অনুমতি লাভ কৰা নাই।

দেশত উপগ্ৰহ ভিত্তিক ইণ্টাৰনেট সেৱাৰ অনুমোদন দিয়াৰ ক্ষেত্ৰত ভাৰত চৰকাৰ অতি সতৰ্ক হৈ আছে। মাস্কে ইয়াৰ পূৰ্বেও একাধিকবাৰ ষ্টাৰলিংক সেৱাৰ অনুমোদনৰ বাবে ভাৰত চৰকাৰৰ ওচৰত আবেদন জনাইছে। 

কিন্তু এতিয়ালৈকে ভাৰত চৰকাৰে তেওঁক অনুমোদন দিয়া নাই আৰু এই সম্পৰ্কত কোনো আনুষ্ঠানিক কথা উল্লেখ কৰা নাই। ষ্টাৰলিংকক ভাৰতত প্ৰবেশৰ অনুমতি দিব নে নাই সেয়াও স্পষ্ট কৰা নাই।

স্মৰ্তব্য, ইলন মাস্কৰ কোম্পানী স্পেছএক্সে বিশ্বজুৰি ষ্টাৰলিংক ইণ্টাৰনেট সেৱা আগবঢ়ায়। ইতিমধ্যে এই সেৱা অতি জনপ্ৰিয় হৈ পৰিছে। এই সেৱাই গ্ৰাহকক দ্ৰুতবেগী ইন্টাৰনেট প্ৰদানৰ বাবে উপগ্ৰহ সংযোগ ব্যৱহাৰ কৰে। 

যিহেতু ই কোনো ফাইবাৰ কেবলৰ জৰিয়তে সেৱা প্ৰদান নকৰে, গতিকে এই সেৱাই দূৰৱৰ্তী অঞ্চললৈ সহজেই প্ৰসাৰিত হয়। প্রাকৃতিক দুৰ্যোগৰ সময়তো সেৱা ব্যাহত নহয় বুলি কোম্পানীটোৱে দাবী কৰিছে। এই আমেৰিকান কোম্পানীটোৰ সৈতে দুই ভাৰতীয় কোম্পানী মাজত বুজাবুজিৰ চুক্তিৰ খবৰ ৰাজহুৱা হোৱাৰ কিছু সময়ৰ পাছতে কেন্দ্ৰীয় আই টি মন্ত্ৰী অশ্বিনী বৈষ্ণৱে ষ্টাৰলিংক ভাৰতলৈ আদৰণি জনাই সামাজিক মাধ্যমত পোষ্ট কৰিছিল। 

কিন্তু কিছু সময়ৰ পাছতে তেওঁ সেই পোষ্ট ডিলিট কৰিছে। বৰ্তমান সামাজিক মাধ্যমৰ কোনো এটা প্লেটফৰ্মতে তেওঁৰ সেই পোষ্ট নাই। ৰে’ল মন্ত্ৰণালয়ৰো দায়িত্বত থকা বৈষ্ণৱে ডিলিট কৰা সেই পোষ্টত লিখিছিল দুৰ্গম অঞ্চলৰ ৰে’ল প্ৰকল্পত এই সেৱা ফলপ্ৰসূ হ’ব। 

মন কৰিবলগীয়া যে, শেহতীয়াকৈ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আমেৰিকা ভ্ৰমণ কৰিছিল। এই ভ্ৰমণৰ সময়তে ভাৰত আৰু আমেৰিকাৰ মাজত বাণিজ্যিত সম্পৰ্কক লৈ আলোচনা হৈছিল যদিও ট্ৰাম্পে ভাৰতৰ সামগ্ৰীৰ ওপৰত ২৫ শতাংশ শুল্ক আৰোপ কৰিছে। তাৰোপৰি ভাৰতে আমেৰিকাৰ সামগ্ৰীৰ ওপৰত ১০০ ৰ পৰা ২০০ শতাংশ কৰ আৰোপ কৰি অহা বুলি কৈ অসন্তুষ্টি প্ৰকাশ কৰিছিল।

ট্ৰাম্পে ভাৰত সামগ্ৰীৰ ওপৰত ২৫ শতাংশ শুল্ক আৰোপ কৰাত বিপদত পৰিছে ভাৰত। ভাৰত চৰকাৰে এতিয়াও যিকোনো প্ৰকাৰে ট্ৰাম্পক সন্তুষ্ট কৰি এই শুল্ক নীতিৰ পৰা পৰিত্ৰাণ পাবলৈ চেষ্টা কৰিছে যদিও মুকলিকৈ এই বিষয়ত কোনো মন্তব্য প্ৰকাশ কৰা নাই। 

ইয়াৰ বিপৰীতে কানাডা, চীন, মেক্সিকো আদিৰ দৰে দেশে ট্ৰাম্পে আৰোপ কৰাৰ দৰেই আমেৰিকাৰ সামগ্ৰীৰ ওপৰতো অনুৰূপ ধৰণে শুল্ক আৰোপ কৰিছে। এনে এক শুল্ক যুদ্ধ অব্যাহত থকাৰ মাজতে আকৌ চলিত মাহৰ শেষৰ ফালে ভাৰতলৈ আহিবলৈ সাজু হৈছে আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি। 

সেয়ে এনে সময়তে আমেৰিকান কোম্পানী যি ট্ৰাম্পৰ অতি ঘনিষ্ঠ ইলন মাস্কৰ মালিকানাধীন ষ্টাৰলিংকৰ দৰে প্ৰতিষ্ঠানে ভাৰতত কাম কৰাৰ বাবে এইদৰে সাজু হোৱা বিষয়টোৱে ব্যাপক চৰ্চা লাভ কৰিছে। 

 

কংগ্ৰেছ নৰেন্দ্ৰ মোডী ড'নাল্ড ট্ৰাম্প