২৫ ৰাজ্যত কংগ্ৰেছৰ তত্ত্বাৱধায়ক, সহঃ তত্ত্বাৱধায়ক নিযুক্তি, ওড়িষ্যাৰ দায়িত্ব পালে ৰ'জলীনা তিৰ্কীয়ে...

অসমৰ দায়িত্বত পুনৰ পৃথ্বিৰাজ সাথে
২৫ ৰাজ্যত কংগ্ৰেছৰ তত্ত্বাৱধায়ক, সহঃ তত্ত্বাৱধায়ক নিযুক্তি, ওড়িষ্যাৰ দায়িত্ব পালে ৰ'জলীনা তিৰ্কীয়ে...
২৫ ৰাজ্যত কংগ্ৰেছৰ তত্ত্বাৱধায়ক, সহঃ তত্ত্বাৱধায়ক নিযুক্তি, ওড়িষ্যাৰ দায়িত্ব পালে ৰ'জলীনা তিৰ্কীয়ে...
Published on
Updated on

ডিজিটেল ডেস্কঃ সৰ্বভাৰতীয় কংগ্ৰেছ কমিটীৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেয়ে আজি মুঠ ২৫ খন ৰাজ্যত তত্ত্বাৱধায়ক আৰু সহঃতত্ত্বাৱধায়ক নিযুক্তি প্ৰদান কৰিছে। কংগ্ৰেছৰ সাধাৰণ সম্পাদক কে চি বেণুগোপালে স্বাক্ষৰ কৰা এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে এই বিষয়ে অৱগত কৰিছে।

কংগ্ৰেছে জাৰি কৰা প্ৰেছ বিজ্ঞপ্তি অনুসৰি অসম প্ৰদেশ কংগ্ৰেছৰ সহঃ তত্ত্বাৱধায়ক হিচাপে পুনৰবাৰ নিযুক্তি দিয়া হৈছে পৃথ্বিৰাজ সাথেক। সাথেৰ লগত জীতেন্দ্ৰ বাঘেলকো অসমৰ দায়িত্ব দিয়া হৈছে।

আনহাতে শেহতীয়াকৈ কাজিৰঙা লোকসভা সমষ্টিত কংগ্ৰেছৰ হৈ প্ৰতিদ্বন্দিতা কৰা সৰুপথাৰ বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়িকা ৰ'জলীনা তিৰ্কীক ওড়িষ্যাৰ সহঃতত্ত্বাৱধায়ক হিচাপে নিযুক্তি দিয়া হৈছে।

সেইদৰেই অন্ধ্ৰপ্ৰদেশ, আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ তত্ত্বাৱধায়ক হিচাপে গণেশ কুমাৰ যাৱদক, সহঃ তত্ত্বাৱধায়ক হিচাপে ড০ পলক বৰ্মাক, অৰুণাচল প্ৰদেশ, মেঘালয় আৰু মিজোৰামৰ তত্ত্বাৱধায়ক হিচাপে শুভংকৰ সৰকাৰ, সহঃতত্ত্বৱধায়ক হিচাপে মেথিউ এণ্টনীক, বিহাৰৰ তত্ত্বাৱধায়ক হিচাপে দেৱেন্দ্ৰ যাদৱ, সুশীল কুমাৰ পাছী, শ্বাহনাৱাজ আলম, চট্টিশগড়ৰ তত্ত্বাৱধায়ক হিচাপে এছ এ সম্পথ কুমাৰ, ছাজাৰিতা লাইথপ্লাং, সহঃতত্ত্বাৱধায়ক হিচাপে বিজয় জংগীড, গোৱা, দাদৰা আৰু নগৰ হাৱেলী, ডামন আৰু ডিউৰ তত্ত্বাৱধায়ক হিচাপে ড০ অঞ্জলী নিম্বলকাৰক নিযুক্তি দিয়া হৈছে।

সেইদৰেই গুজৰাটৰ তত্ত্বাৱধায়ক হিচাপে ৰামকৃষ্ণন ওজা, উষা নাইডু, ভূপেন্দ্ৰ মাৰভি, শুভাশীষ যাৱদ, হাৰিয়ানাৰ তত্ত্বাৱধায়ক হিচাপে মনোজ চৌহান, প্ৰফুল্ল বিনোদৰাও গোদাধে, হিমাচল প্ৰদেশ আৰু চন্দ্ৰিগড়ৰ তত্ত্বাৱধায়ক হিচাপে চেতন চৌহান আৰু বিদিত চৌধুৰী, ঝাৰখণ্ডৰ তত্ত্বাৱধায়ক হিচাপে সপ্তগিৰী শংকৰ ওলাকা আৰু ড০ শ্ৰীভেল্লা প্ৰসাদক দায়িত্ব দিয়া হৈছে।

কৰ্ণাটকৰ তত্ত্বাৱধায়ক হিচাপে ৰজী এম জন, ময়ূৰ এছ জয়কুমাৰ, অভিষক দত্ত,পি গোপীক, কেৰালা আৰু লক্ষদ্বীপৰ তত্ত্বাৱধায়ক হিচাপে পি ভি মোহন, ভি কে এৰিভাজগান, মনছুৰ আলী খান, মধ্যপ্ৰদেশৰ তত্ত্বাৱধায়ক হিচাপে সঞ্জয় দত্ত, চন্দন যাদৱ, আনন্দ চৌধুৰী আৰু সহঃ তত্ত্বাৱধায়ক হিচাপে ৰণবিজয় সিং লোচাও, মহাৰাষ্ট্ৰৰ তত্ত্বাৱধায়ক হিচাপে বি এম সন্দীপ, কাজি নিজামুদ্দিন, কুনাল চৌধুৰী, ইউ বি ভেংকটেশ, মণিপুৰ, নাগালেণ্ড, ত্ৰিপুৰা আৰু ছিকিমৰ তত্ত্বাৱধায়ক হিচাপে ক্ৰিষ্টফাৰ তিলকক তত্ত্বাৱধায়ক হিচাপে দায়িত্ব দিয়া হৈছে।

পঞ্জাৱৰ তত্ত্বাৱধায়ক হিচাপে অলক শৰ্মা, ৰবীন্দ্ৰ দালভি, ৰাজস্থানত তত্ত্বাৱধায়ক হিচাপে চিৰঞ্জীৱ ৰাও, ৰুটভিক মাকৱানা, পুনম পাছৱান, তামিলনাডু আৰু পুডুচেৰীৰ তত্ত্বাৱধায়ক হিচাপে সুৰয হেগ্ৰেক, তেলেংগানাৰ তত্ত্বৱধায়ক হিচাপে পি চি বিষ্ণুনাধ আৰু পি বিশ্বনাথক দায়িত্ব দিছে।

উত্তৰ প্ৰদেশৰ তত্ত্বাৱধায়ক হিচাপে ধীৰাজ গুৰল, ৰাজেশ তিৱাৰী, তাকিৰ আলম, প্ৰদীপ নাৰৱাল, নীলাংশু চতুৰ্বেদী, সত্যনাৰায়ণ পাটেল, উত্তৰাখণ্ডৰ তত্ত্বাৱধায়ক হিচাপে প্ৰগত সিং, সুৰেন্দ্ৰ শৰ্মা, পশ্চিমবংগৰ তত্ত্বাৱধায়ক হিচাপে অম্বা প্ৰসাদ, আশ্বাফ আলী খান, দিল্লীৰ তত্ত্বাৱধায়ক হিচাপে ডানিশ আব্ৰাৰ, সুখবিন্দৰ সিং ডানি, জম্মু কাশ্মীৰ আৰু লাডাখৰ তত্ত্বাৱধায়ক হিচাপে দিব্যা মাডেৰনা আৰু মনোজ যাদৱক দায়িত্ব দিয়া হৈছে।

দলটোৰ সাংগঠিন তত্ত্বাৱধায়ক হিচাপে নিতা ডিছোজা, নবীন শৰ্মা, নীৰজ কুন্দনক দায়িত্ব দিয়া হৈছে। প্ৰশাসনিক সহঃ তত্ত্বাৱধায়ক হিচাপে সুশান্ত মিশ্ৰ আৰু মনোজ ত্যাগীক দায়িত্ব দিছে।

সেইদৰেই কোষাধ্যক্ষ, যোগাযোগ আৰু প্ৰচাৰ, সংবাদ, কংগ্ৰেছ সভাপতি কাৰ্যালয়, ইণ্ডিয়ান অভাৰচিজ কংগ্ৰেছ আৰু বৈদেশিক পৰিক্ৰমা আদি বিভাগসমূহো কেইবাজনো সদস্যক তত্ত্বাৱধায়ক আৰু সহ তত্ত্বাৱধায়কৰ দায়িত্ব দিয়া হৈছে।

২৫ ৰাজ্যত কংগ্ৰেছৰ তত্ত্বাৱধায়ক, সহঃ তত্ত্বাৱধায়ক নিযুক্তি, ওড়িষ্যাৰ দায়িত্ব পালে ৰ'জলীনা তিৰ্কীয়ে...
অক্টোবৰত পাকিস্তানলৈ নিমন্ত্ৰিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in