/asomiyapratidin/media/media_files/2025/03/18/6S8j3rY9ybs8yA4cvg4D.jpg)
ডিজিটেল ডেস্কঃ ৰে'ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে সোমবাৰে ৰাজ্যসভাত জনাইছে, দেশত পূৰ্বৰ তুলনাত ৰে'ল দুৰ্ঘটনাৰ সংখ্যা ৯০ শতাংশ হ্ৰাস পাইছে। তেওঁ কয়, পূৰ্বৰ ৰে'ল মন্ত্ৰী মমতা বেনাৰ্জী, লালু প্ৰসাদ যাদৱ আদিৰ কাৰ্যকালত প্ৰতিদিনে এটা বা দুটা বা তাতকৈ অধিক দুৰ্ঘটনা, ৰে'ল লাইনচ্যুত হোৱাৰ ঘটনা সংঘটিত হৈছিল।
সোমবাৰে ৰে'ল মন্ত্ৰণালয়ৰ ওপৰত হোৱা এক বিতৰ্কৰ ওপৰত ভাষণ দি ৰে'ল মন্ত্ৰীগৰাকীয়ে কয়, ২০০৫-০৬ বৰ্ষত লালু প্ৰসাদ যাদৱ ৰে'ল মন্ত্ৰী হৈ থাকোঁতে ৬৯৮ টা দুৰ্ঘটনা আৰু লাইনচ্যুত হোৱাৰ ঘটনা সংঘটিত হৈছিল। তৃণমূল কংগ্ৰেছৰ নেত্ৰী মমতা বেনাৰ্জী ৰে'ল মন্ত্ৰী হৈ থকাৰ সময়ত ৩৯৫ টা ৰে'ল দুৰ্ঘটনা, লাইনচ্যুত হোৱাৰ ঘটনা সংঘটিত হৈছিল।
তাৰোপৰি তেওঁ কয়, কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গে ৰে'ল মন্ত্ৰী হৈ থকাৰ সময়ত ৩৮ টা ৰে'ল দুৰ্ঘটনা সংঘটিত হৈছিল।
ৰে'ল মন্ত্ৰীগৰাকীয়ে কয়, পূৰ্বে দৈনিক প্ৰায় এটাকৈ ৰে'ল দুৰ্ঘটনা সংঘটিত হৈছিল। কিন্তু এতিয়া সেই সংখ্যা বছৰি ৩০ টালৈ হ্ৰাস পাইছে।
যদি ৪৩ টা লাইনচ্যুত হোৱাৰ ঘটনাও ইয়াৰ সৈতে একেলগে ধৰোঁ তেন্তে এই সংখ্যা হ’বগৈ মাত্ৰ ৭৩ টা। পূৰ্বে যি সংখ্যা প্ৰায় ৭০০ ৰ ওচৰত আছিল। সেই সংখ্যাক ৮০ ৰ তললৈ নমাই অনা হৈছে। অৰ্থাৎ ৯০ শতাংশ হ্ৰাস পাইছে।
তেওঁ লগতে কয় যে, বিহাৰৰ ছাৰাণ জিলাৰ মাড়হৌৰা কাৰখানাৰ পৰা শীঘ্ৰেই ১০০ টা লোক’মোটিভ ৰপ্তানি কৰা হ’ব। লালু প্ৰসাদ যাদৱে এই কাৰখানা ঘোষণা কৰিছিল। কিন্তু ইয়াৰ কাম বন্ধ হৈ আছিল। নৰেন্দ্ৰ মোডী চৰকাৰ অহাৰ পাছত ইয়াত পুনৰ কাম আৰম্ভ কৰা হৈছে।
তেওঁ কয়, মেড ইন বিহাৰ লোক’মোটিভ শীঘ্ৰেই বিশ্বৰ বিভিন্ন ঠাইলৈ প্ৰেৰণ কৰা হ’ব। অশ্বিনিয়ে জনাই ভাৰতীয় ৰে'লে অষ্ট্ৰেলিয়া মেট্ৰ ৰে'ল কোচ, ইউ কে, ছৌদি আৰৱ, ফ্ৰান্স আৰু অষ্ট্ৰেলিয়াৰ ৰে'লৰ ডবা আৰু ফ্ৰান্স, মেক্সিকো, ৰোমানিয়া, স্পেইন, জাৰ্মানী আৰু ইটালিলৈ প্ৰপালচন ছিষ্টেম ৰপ্তানি কৰিছে।
বৈষ্ণৱে কয় যে ৰে'ল মন্ত্ৰণালয়ৰ বিত্তীয় অৱস্থা সুস্থিৰ হৈ আছে।তেওঁ কয়, ৰে'লৰ প্ৰতি কিলোমিটাৰত খৰচ হয় ১.৪ টকা। কিন্তু যাত্ৰীৰ পৰা মাত্ৰ ৭৩ পইছাহে লোৱা হয়। এই বছৰত ১,৪০০ টা লোক’মোটিভ প্ৰস্তুত কৰা হৈছে, যি আমেৰিকা আৰু ইউৰোপৰ মুঠ উৎপাদনৰ সমতুল্য।
৩১ মাৰ্চৰ ভিতৰত, ১.৬ বিলিয়ন টন সামগ্ৰী পৰিবহণ কৰি ভাৰতীয় ৰে'লে বিশ্বৰ শীৰ্ষ ৩ টা মালবাহী পৰিবাহকৰ মাজত স্থান লাভ কৰিব। ইফালে নন-এচি আৰু সাধাৰণ ডবাৰ সংখ্যা হ্ৰাস কৰাৰ অভিযোগৰ প্ৰতি প্ৰতিক্ৰিয়া জনাই বৈষ্ণৱে কয় যে সাধাৰণ ডবাৰ সংখ্যা এচি ডবাৰ তুলনাত ২.৫ গুণ বৃদ্ধি কৰা হৈছে। বৰ্তমান উৎপাদন পৰিকল্পনা অনুসৰি, ১৭,০০০ টা নন-এচি ডবা প্ৰস্তুত কৰা হ'ব।