/asomiyapratidin/media/media_files/2025/05/10/1HYJfFW0Qjmo9T7nRrmJ.jpg)
ডিজিটেল ডেস্কঃ পশ্চিম সীমান্ত আৰু লাইন অৱ কণ্ট্ৰ'ল (LoC)ত পাকিস্তানৰ আগ্ৰাসী কাৰ্যকলাপৰ বিৰুদ্ধে কঠোৰ প্ৰতিৰোধ আৰু প্ৰত্যাঘাত অব্যাহত ৰাখিছে ভাৰতীয় সেনাবাহিনীয়ে। পাকিস্তানৰ আগ্ৰাসী কাৰ্যকলাপৰ বিৰু্দ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰি ভাৰতীয় সেনাই শনিবাৰে পাকিস্তানৰ গুৰুত্বপূর্ণ সামৰিক ঘাটিত নিৰ্ভুল প্ৰহাৰ চলোৱা বুলি স্পষ্ট কৰিছে সেনা বাহিনীয়ে।
ভাৰতীয় বায়ুসেনাৰ যুদ্ধবিমানৰ জৰিয়তে পাকিস্তানৰ ৰাফিকি, মুৰিদ, চাকলালা, ৰহিম ইয়াৰ খান, চুক্কুৰ আৰু চুনিয়ান অঞ্চলৰ সামৰিক আন্তঃগাঁথনি, ৰাডাৰ ছাইট আৰু গোলাবাৰুদ সংৰক্ষণ কেন্দ্ৰসমূহক লক্ষ্য কৰি এই প্ৰহাৰ কৰা হয়। ইয়াৰোপৰি পাসৰুৰ আৰু শিয়ালকোটত থকা বিমান ঘাঁটিৰ ৰাডাৰ ছাইটসমূহতো নিখুঁত প্ৰহাৰ কৰা হয়।
ভাৰতীয় সেনাৰ কৰ্ণেল শ্বফিয়া কুৰেশ্বীয়ে আজি সংবাদ মেলত স্পষ্টকৈ কয়, “পাকিস্তানে আৱাসিক এলেকা লক্ষ্য কৰি আগ্ৰাসী আক্ৰমণ চলোৱাৰ প্ৰত্যুত্তৰ হিচাপে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। ভাৰতৰ লক্ষ্য কেৱল সামৰিক ঘাটিসমূহত আঘাত কৰাতেই সীমিত ৰখা। যাতে সাধাৰণ নাগৰিকৰ কোনোধৰণৰ ক্ষতি নহয়।”
তেওঁ আৰু কয়, “পাকিস্তানে UCAV (Unmanned Combat Aerial Vehicles), দীৰ্ঘ দূৰত্বৰ অস্ত্ৰ, ল'ইটাৰিং গোলাবাৰুদ আৰু যুদ্ধবিমান ব্যৱহাৰ কৰি ভাৰতীয় সামৰিক ঘাটিক লক্ষ্য কৰি লৈছে। শ্ৰীনগৰ পৰা নলীয়া পৰ্যন্ত ২৬ টাতকৈ অধিক স্থানত বায়ু সীমা অতিক্ৰম কৰিবলা চেষ্টা কৰিছে।”
এই সংঘাতত ভাৰতীয় বায়ুসেনাৰ উধমপুৰ, পাঠানকোট, আদমপুৰ, ভূজ আৰু ভাটিণ্ডাৰ বিমান ঘাঁটিত ক্ষয়-ক্ষতি হৈছে, লগতে বহুজন জোৱান আহত হোৱাৰ কথা জানিব পৰা গৈছে। সেইদৰে, ১:৪০ বজাত পাঞ্জাবত থকা বিমান ঘাঁটি লক্ষ্য কৰি পাকিস্তানে উচ্চ-গতিৰ ক্ষেপণাস্ত্ৰ ব্যৱহাৰ কৰিছিল বুলি উল্লেখ কৰে কুৰেশ্বীয়ে।
শ্ৰীনগৰ, অৱন্তীপোৰা আৰু উধমপুৰৰ বিমান ঘাঁটিত থকা চিকিৎসালয় আৰু বিদ্যালয় লক্ষ্য কৰা পাকিস্তানৰ এই কাণ্ডক কঠোৰভাবে নিন্দা কৰিছে ভাৰতে।