দিল্লীত অসম ইলেক্ট্ৰনিকছ ৰাউণ্ড টেবুল-২০২৫ঃ মুখ্যমন্ত্ৰী ড০ শৰ্মাই কৰিলে উদ্বোধন...

দিল্লীৰ তাজ পেলেচ হোটেলত অনুষ্ঠিত অসম ইলেক্ট্ৰনিকছ ৰাউণ্ড টেবুল ২০২৫ৰ উদ্বোধনী অনুষ্ঠান উদ্বোধন কৰি অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বিকাশৰ বহু কথাই উল্লেখ কৰে।

author-image
Tushar Pratim
New Update
দিল্লীত অসম ইলেক্ট্ৰনিকছ ৰাউণ্ড টেবুল-২০২৫ঃ মুখ্যমন্ত্ৰী ড০ শৰ্মাই কৰিলে উদ্বোধন...

ডিজিটেল ডেস্কঃ  ‘উত্তৰ পূৰ্বাঞ্চলৰ কেন্দ্ৰবিন্দু তথা ভূটান আৰু বাংলাদেশৰ সৈতে কৌশলগপূৰ্ণ ভাৱে ভৌগলিক স্থানত অৱস্থিত অসম। ৰাজ্যখনে ভাৰতৰ এক্ট ইষ্ট নীতিতো এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে’। এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ।

Advertisment

সোমবাৰে দিল্লীৰ তাজ পেলেচ হোটেলত অনুষ্ঠিত ‘অসম ইলেক্ট্ৰনিকছ ৰাউণ্ড টেবুল ২০২৫’ৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ অৰ্থনীতিৰ সন্দৰ্ভতো বহু কেইটা গুৰুত্বপূৰ্ণ বিষয় উত্থাপন কৰে।

তেওঁ কয়, বিগত ১০ বছৰত, কোভিড সময়ক বাদ দি অসমৰ GDP ১৩ ৰ পৰা ১৫ শতাংশৰ হাৰত বৃদ্ধি হৈছে। গুৱাহাটীসহ ৰাজ্যখনত ইলেক্ট্ৰনিকছ উদ্যোগৰ বাবে উন্নত আন্তঃগাঁথনি, অনুকূল পৰিৱেশ আৰু প্ৰশিক্ষিত মানৱ সম্পদো উপলব্ধ আছে।
তেওঁ কয় বিনিয়োগ সন্মিলন ২.০-ত অসমৰ বাবে ৫.৩০ লাখ কোটি টকাৰ বিনিয়োগ প্ৰস্তাৱ আহিছে আৰু সন্মিলনৰ পিছতো এই ধাৰা অব্যাহত আছে। তেওঁ উল্লেখ কৰা অনুসৰি ৰাজ্যখনত ১১ খন ফাইভ ষ্টাৰ হোটেল নিৰ্মাণৰ প্ৰস্তাৱে ৰাজ্যিক কেবিনেটৰ দ্বাৰা অনুমোদন লাভ কৰিছে আৰু গুৱাহাটীস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত আধুনিক ষ্টেট-অফ-দ্য-আৰ্ট টাৰ্মিনেলো মুকলি কৰা হ’ব।

ড০ শৰ্মাই কয়, টাটা গ্ৰীণ ফিল্ড OSAT সুবিধাৰ কাষৰ জাগিৰোডসহ তিনিখন চেটেলাইট টাউনশ্বিপৰ কথাও উল্লেখ কৰে। তেওঁ গুজৰাটৰ OSAT ৰ তুলনাত জাগিৰোডৰ OSAT প্ৰকল্প উন্নত অৱস্থাত আছে আৰু চলিত বছৰতে ৪.৮ কোটি চিপ প্ৰস্তুত হোৱাৰ সম্ভাৱনা আছে বুলি উল্লেখ কৰে। 

প্ৰশিক্ষিত কৰ্মশক্তিৰ জৰিয়তে ইলেক্ট্ৰনিকছ উদ্যোগক সহায় কৰিবলৈ, ৰাজ্য চৰকাৰে যুৱকসকলক বেংগালুৰুলৈ প্ৰশিক্ষণৰ বাবে প্ৰেৰণ কৰিছে। লগতে NIELIT আৰু আছাম স্কিল ইউনিভাৰচিটীৰ জৰিয়তে দক্ষতাৰ ভঁৰাল গঢ়ি তোলাৰ কথা উল্লেখ কৰি ইয়াৰ বাবে এছিয়ান ডেভলপমেণ্ট বেংকে  ১০০০ কোটি টকাৰ অনুদান আগবঢ়াইছে বুলিও কয়।

মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে, ইচ্ছুক উদ্যোগপতিসকলক চৰকাৰে বিনামূলীয়া ভূমি, ভাৰত চৰকাৰে আগবঢ়োৱা সুবিধাৰ উপৰিও ৬০ শতাংশৰো অধিক অনুদান, আৰু ১০০ শতাংশ GST ৰিফাণ্ড প্ৰদান কৰিব। অসম ইলেক্ট্ৰনিকছ পলিচি, ৰাজ্যিক উদ্যোগ নীতি আৰু UNNATI নীতিৰ অধীনত এইসমূহ সুবিধা প্ৰদান কৰা হ’ব।

২৫,০০০ কোটি টকাৰ প্ৰডাকচন লিংকড ইনচেনটিভছ চমুকৈ PLI আৰু Top-up Scheme-ৰ বাবেও ৰাজহ সংৰক্ষিত কৰা হৈছে বুলি জনায়।

অনুষ্ঠানত উদ্যোগ, বাণিজ্য আৰু ৰাজহ বিভাগৰ মন্ত্ৰী বিমল বৰা, মুখ্য সচিব ড০ ৰবি কোটা, গৃহ আৰু নগৰ উন্নয়ন বিভাগৰ আয়ুক্ত কবিতা পদ্মনাভন, MeitY-ৰ যুটীয়া সচিব সুশীল পাল, Invest India-ৰ উপ-সভাপতি বিনোদ সুব্ৰমনিয়ম আৰু টাটা ইলেক্ট্ৰনিকছৰ পুৰুষোত্তম লিঙ্গমে অংশ গ্ৰহণ কৰে। তাৰোপৰি Jabil, CP Plus, VVDN, Kaynes, NXP, Elcina আদি বহুতো কোম্পানী আলোচনা সভাত উপস্থিত থাকে।

মুখ্যমন্ত্ৰীয়ে সংবাদ মাধ্যমৰ সৈতে হোৱা সাক্ষাৎকাৰত কয়, "অসম হৈছে ভাৰতৰ পৰৱৰ্তী 'গ্ৰ’থ ষ্টৰী', যিয়ে ১৩ ৰ পৰা ১৫ শতাংশ GSDP বৃদ্ধিৰ হাৰ দেখুৱাইছে। অসম চৰকাৰে স্বাস্থ্য, শিক্ষা, শক্তি, দীৰ্ঘম্যাদি উদ্যোগ, নগৰ উন্নয়ন আদিকে ধৰি গুৰুত্বপূর্ণ ক্ষেত্ৰ উন্নয়নৰ বাবে চিহ্নিত কৰিছে।"

তেওঁ কয়, "আমাৰ ভূ-অৱস্থান, প্ৰাকৃতিক সম্পদ, কৃষি-পযুক্ত পৰিৱেশ আৰু সঠিক নীতিৰ জৰিয়তে অসমক ইলেক্ট্ৰনিকছ তথা চেমিকণ্ডাক্টৰ উৎপাদনৰ বাবে এক আগশাৰীৰ গন্তব্য হিচাপে গঢ়ি তোলাৰ লক্ষ্য লোৱা হৈছে।"

 

বিমল বৰা দিল্লী ড০ হিমন্ত বিশ্ব শৰ্মা