/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/920c7e2c-7dd3-4e87-9631-6fdbd100250e/bhagwant_maan.jpg)
cm bhagwant man drunk on flight
ডিজিটেল ডেস্ক: পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানৰ বিৰুদ্ধে এক গুৰুতৰ অভিযোগ উত্থাপন হৈছে।অভিযোগ অনুসৰি নিচাসক্ত অৱস্থাত বিমান বন্দৰলৈ আহিছিল মুখ্যমন্ত্ৰী গৰাকী।
পঞ্জাৱৰ মুখ্যমন্ত্ৰী জাৰ্মানী যাত্ৰাত আছিল। অভিযোগ উত্থাপন হৈছে যে সোমবাৰে জাৰ্মানীৰ পৰা ভাৰতলৈ অহাৰ সময়ত মানে নিচাসক্ত অৱস্থাত বিমান বন্দৰলৈ আহিছিল। যাৰ বাবে তেওঁক বিমানৰ পৰা নমাই দিয়া হয় আৰু প্ৰায় ৪ ঘন্টা পাছত বিমান উৰা মাৰে।
শিৰোমণি অকালি দলৰ নেতা সুখবীৰ সিঙে সোমবাৰে কয় যে নিচাসক্ত অৱস্থাত থকাৰ বাবে ফ্ৰেকফৰ্ট বিমান বন্দৰৰ পৰা মানক বিমানৰ পৰা নমাই দিয়া হয়। কংগ্ৰেছৰ নেতা প্ৰতাপ সিঙেও এই সন্দৰ্ভত তদন্তৰ দাবী কৰি কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিদাৰিত্যলৈ পত্ৰ প্ৰেৰণ কৰিছে।
অন্যহাতে এই সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে কয় যে এই ঘটনাটো আন্তৰাষ্ট্ৰীয় বিমান বন্দৰত হৈছে। গতিকে সেই বিমান বন্দৰৰ পৰা তথ্য লোৱাৰ চেষ্টা কৰিব।