Advertisment

বিষাদ মনেৰে অৱসৰ ল'লে দেশৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়ে...

বিষাদ মনেৰে আনুষ্ঠানিকভাৱে অৱসৰ ল'লে দেশৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়ে...

author-image
Asomiya Pratidin
New Update
বিষাদ মনেৰে অৱসৰ ল'লে দেশৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়ে...

ডিজিটেল ডেস্কঃ "আৰ্তজনক সেৱা আগবঢ়াব পৰাতকৈ ডাঙৰ অনুভৱ একো নাই। যদি মই কাৰোবাক কেতিয়াবা আঘাত দিছিলো তেন্তে মোক ক্ষমা কৰি দিব"-শুকুৰবাৰে শেষ কৰ্মদিনটোত আৱেগিক হৈ এইদৰে মন্তব্য কৰিলে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়ে।

Advertisment

১০ নৱেম্বৰত অৱসৰ ল’ব মুখ্য ন্যায়াধীশ চন্দ্ৰচুড়ে। আজি অন্তিমটো কৰ্ম দিনত চাৰিজনীয়া বিচাৰপীঠক আনুষ্ঠানিকভাৱে আহ্বান জনাই চন্দ্ৰচুড়ক বিদায় দিয়া হয়। উক্ত বিচাৰপীঠত আছিল মুখ্য ন্যায়াধীশৰ নিযুক্তিপ্ৰাপ্ত সঞ্জীৱ খান্না, ন্যায়াধীশ জে বি পাৰ্দিৱালা, মনোজ মিশ্ৰ।

লগতে বিদায় অনুষ্ঠানত জ্যেষ্ঠ অধিবক্তা অভিষেক মনু সিংভী আৰু কপিল ছিবাল উপস্থিত থাকে। জ্যেষ্ঠ অধিবক্তা কপিল ছিবালে মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়ক অসীম ধৈৰ্য্যৰ গৰাকী বুলি অভিহিত কৰে।

উল্লেখ্য যে, আজিৰ অনুষ্ঠানত নিজৰ দীঘলীয়া যাত্ৰাৰ বিষয়ে আলোকপাত কৰা লগতে অভিজ্ঞতাৰ স্মৃতিও ৰোমন্ঠন কৰে মুখ্য ন্যায়াধীশ চন্দ্ৰচুড়ে। শেষত তেওঁ কয় যে, "আপোনালোকে মোক সুধিছিল যে মোক কিহে আগবাঢ়ি যাবলৈ অনুপ্ৰেৰণা দিয়ে। এই আদালতখনে মোক অনুপ্ৰেৰণা দিয়ে। কাৰণ এনেকুৱা এটা দিন নাই যেতিয়া আপুনি অনুভৱ কৰি যে আপুনি কিবা এটা শিকিব পৰা নাই বা আপুনি সমাজ সেৱা কৰাৰ সুযোগ পোৱা নাই।"

লগতে তেওঁ কয়, “কাইলৈৰ পৰা মই ন্যায় প্ৰদান কৰিব নোৱাৰিম, কিন্তু মোৰ কৰ্মৰাজীক লৈ মই সন্তুষ্ট।"

Also Read: নিৰ্বাচনী ব্যস্ততাৰ মাজতে জৈনাচাৰ্য ৰত্নসুন্দৰ সুৰীশ্বৰজী মহাৰাজৰ আৰ্শীবাদ গ্ৰহণ প্ৰধানমন্ত্ৰীৰ...

CJI Chandrachud