Advertisment

নিৰ্বাচনী ব্যস্ততাৰ মাজতে জৈনাচাৰ্য ৰত্নসুন্দৰ সুৰীশ্বৰজী মহাৰাজৰ আৰ্শীবাদ গ্ৰহণ প্ৰধানমন্ত্ৰীৰ...

নিৰ্বাচনী ব্যস্ততাৰ মাজতে জৈনাচাৰ্য ৰত্নসুন্দৰ সুৰীশ্বৰজী মহাৰাজৰ আৰ্শীবাদ গ্ৰহণ প্ৰধানমন্ত্ৰীৰ...

author-image
Asomiya Pratidin
New Update
নিৰ্বাচনী ব্যস্ততাৰ মাজতে জৈনাচাৰ্য ৰত্নসুন্দৰ সুৰীশ্বৰজী মহাৰাজৰ আৰ্শীবাদ গ্ৰহণ প্ৰধানমন্ত্ৰীৰ...

ডিজিটেল ডেস্কঃ  শুকুৰবাৰে মহাৰাষ্ট্ৰৰ আগন্তুক নিৰ্বাচনৰ প্ৰচাৰ চলাবলৈ গৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সাক্ষাৎ কৰে ধৰ্মগুৰু জৈনাচাৰ্য ৰত্নসুন্দৰ সুৰীশ্বৰজী মহাৰাজক। মহাৰাষ্ট্ৰৰ ধূলেত প্ৰধানমন্ত্ৰীগৰাকীয়ে ধৰ্মগুৰুগৰাকীক সাক্ষাৎ কৰি তেওঁৰ পৰা আৰ্শীবাদ লোৱাৰ কথা সামাজিক মাধ্যমযোগে সদৰি কৰে।

Advertisment

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়  যে, জৈনাচাৰ্য ৰত্নসুন্দৰ সুৰীশ্বৰজী মহাৰাজ ডাঙৰীয়াক সাক্ষাৎ লাভ কৰি ধন্য হ’লো। সামাজিক আৰু আধ্যাত্মিক জীৱনলৈ তেওঁৰ অৱদান অপৰিসীম। তেখেতৰ আৰ্শীবাদ গ্ৰহণ কৰো। তেখেতৰ সাহিত্য ৰচনাও খুবেই মনোগ্ৰাহী।

উল্লেখ কৰা প্ৰয়োজন যে, ২০নৱেম্বৰ অনুষ্ঠিত হ’বলগীয়া মহাৰাষ্ট্ৰৰ নিৰ্বাচনৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে শুকুৰবাৰে এক বিশাল জনসভা সম্বোধন কৰে।  মহাৰাষ্ট্ৰ নিৰ্বাচনৰ ফলাফল ঘোষণা হ’ব ২৩নৱেম্বৰত।

প্ৰণিধানযোগ্য যে, ধৰ্মগুৰু জৈনাচাৰ্য ৰত্নসুন্দৰ সুৰীশ্বৰজী মহাৰাজে ৰচনা কৰা 'Maru Bharat, Saru Bharat' শীৰ্ষক ৩০০পৃষ্ঠাজোৰা গ্ৰন্থখনি উন্মোচন কৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। গুজৰাটী আৰু হিন্দী ভাষাত প্ৰকাশিত এই গ্ৰন্থখনি উন্মোচন কৰা হৈছিল ২০১৬চনত। ২০১৭চনত জৈনাচাৰ্য ৰত্নসুন্দৰ সুৰীশ্বৰজী মহাৰাজক প্ৰদান কৰি হৈছিল পদ্মভূষণ।

জৈনাচাৰ্য ৰত্নসুন্দৰ সুৰীশ্বৰজী