/asomiyapratidin/media/media_files/2025/02/03/2hOirZCbGzlFunZCb99c.png)
ডিজিটেল ডেস্কঃ সংসদত চলি থকা বাজেট অধিবেশনৰ মাজতে আজি ৰাজ্যসভাত সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই চীনত নিৰ্মিয়মাণ নদীবান্ধৰ প্ৰসংগ উত্থাপন কৰে। ৰাজ্যসভাৰ শূন্যকালীন ঘণ্টাত সাংসদগৰাকীয়ে চীনত নিৰ্মাণ কৰা বৃহৎ নদীবান্ধে কিদৰে ব্ৰহ্মপুত্ৰলৈ ভাবুকি কঢ়িয়াই আনিছে আৰু অসম তথা উত্তৰ পূৰ্বাঞ্চললৈৰ জৈৱ বৈচিত্ৰক অন্ধকাৰৰ দিশলৈ লৈ গৈছে সেই সন্দৰ্ভত উল্লেখ কৰে।
ভাষণত তেওঁ বিষয়টোৰ সন্দৰ্ভত গুৰুত্বসহকাৰে পদক্ষেপগ্ৰহণ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰলৈ আহ্বান জনায়। তেওঁ কয়, ব্ৰহ্মপুত্ৰ সভ্যতা বিশ্বৰ এক বৃহৎ সভ্যতা। চীনত নিৰ্মাণ কৰা নদীবান্ধে অসমৰ জন জীৱনলৈ, জৈৱ বৈচিত্ৰলৈ সংকট কঢ়িয়াই আনিব।
ভাষণত কয়, ব্ৰহ্মপুত্ৰ অসমৰ জীৱন ৰেখা। ব্ৰহ্মপুত্ৰ সভ্যতা আমাৰ দেশৰ অন্যতম এক পুৰণি সভ্যতা। এই ব্ৰহ্মপুত্ৰ নদীৰ ওপৰতে চীনে বৃহৎ নদীবান্ধ নিৰ্মাণৰ বাবে লোৱা প্ৰকল্পই আমাক উদ্বেগ কৰি তুলিছে। এয়া আমাৰ ব্ৰহ্মপুত্ৰ উপত্যকাৰ সভত্যৰ বাবে, ব্ৰহ্মপুত্ৰ উপত্যকাৰ মানৱ সমাজৰ সামাজিক, অৰ্থনৈতিক জীৱনৰ বাবে এক বৃহৎ ভাবুকি।
ব্ৰহ্মপুত্ৰৰ উৎপত্তিস্থল চীন। চীনে এতিয়া সিদ্ধান্ত লৈছে বিশ্বৰ সৰ্ববৃহৎ বিদ্যুৎ উৎপাদন কেন্দ্ৰ ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ কৰাৰ সিদ্ধান্ত লৈছে। তেওঁলোকে ব্ৰহ্মপুত্ৰৰ সোঁতক পৃথক কৰিবলৈ চেষ্টা কৰিছে।
যদি তেওঁলোকে ব্ৰহ্মপুত্ৰক বোৱতী সোঁতক তেওঁলোকৰ দিশে গতি সলনি কৰে তেন্তে ব্ৰহ্মপুত্ৰৰ বাবে এক ভয়ানক ভাবুকি হৈ পৰিব। যিহেতু ব্ৰহ্মপুত্ৰ আমাৰ জীৱন ৰেখা, গতিকে আমি সকলো হেৰুৱাম। আমাৰ সংস্কৃতি, আমাৰ অৰ্থনীতি, আমাৰ সমাজ এই সকলো ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্ভৰশীল। সেয়ে এই বিষয়টো অসম, উত্তৰ পূৰ্বাঞ্চলৰ লগতে দেশৰ বাবেই এটা অতি গুৰুত্বপূৰ্ণ বিষয়।
গতিকে কেন্দ্ৰীয় চৰকাৰে শীঘ্ৰে, গুৰুত্বসহকাৰে বিষয়টোৰ ওপৰত হস্তক্ষেপ কৰিব লাগে আৰু এই বৃহৎ প্ৰকল্পটোৰ কাম বন্ধ কৰিব লাগে। নতুবা অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ ভৱিষ্যত অতি অন্ধকাৰ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us