যৌন শোষণৰ অভিযুক্ত ব্ৰীজ ভূষণৰ পকচ' আইন সলাবলৈ শোভাযাত্ৰাৰ আয়োজন !

অথলে যাব নেকি মল্লযুদ্ধাৰ দীৰ্ঘদিনীয়া প্ৰতিবাদ ?
যৌন শোষণৰ অভিযুক্ত ব্ৰীজ ভূষণৰ পকচ' আইন সলাবলৈ শোভাযাত্ৰাৰ আয়োজন !

ডিজিটেল ডেস্ক : ৰেষ্টলিং ফেডাৰেছন অৱ ইণ্ডিয়াৰ সভাপতি তথা ভাৰতীয় জনতা পাৰ্টীৰ সাংসদ ব্ৰীজ ভূষণৰ বিৰুদ্ধে উত্থাপন হৈছিল গুৰুতৰ অভিযোগ । নিৰ্বাচনৰ সময়ত মহিলা মল্লযুদ্ধাসকলক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছিল ব্ৰীজ ভূষণৰ বিৰুদ্ধে । সেই মল্লযুদ্ধাসকলৰ ভিতৰত আছিল এগৰাকী নাবালিকাও । যাৰ ফলত সমগ্ৰ ঘটনা পক'চ আইনৰ আওতালৈ আহিছিল যদিও সঠিক তদন্ত কৰাৰ বিফল হয় দিল্লী আৰক্ষী । যাৰ ফলত দীৰ্ঘদিনীয়া প্ৰতিবাদত বহিবলগীয়া হৈছিল ভাৰতীয় মল্লযুদ্ধাসকল ।

কিন্তু ইমানৰ পাছতো অন্ত নপৰিল এই বিতৰ্কৰ । বৰং ক্ষমতাশালী ব্ৰীজ ভূষণে এইবাৰ সংবাদ মেলৰ জৰিয়তে পকচ' আইনৰ হে আওপকীয়াকৈ বিৰোধিতা কৰে । নেতা গৰাকীৰ মন্তব্য অনুসৰি, ভাৰতত শিশুৰ যৌন আতিশয্যৰ পৰা সুৰক্ষা আইন (Protection of Children from Sexual Offences Act, 2012 ) ৰ অপব্যৱহাৰ কৰা হৈছে । যাৰ বাবে চৰকাৰক আইনখন সংশোধন কৰিবলৈ আবেদন জনাব ব্ৰীজ ভূষণে ।

ব্ৰীজ ভূষণে সংবাদ মাধ্যমৰ সন্মুখত দিয়া ভাষ্য অনুসৰি, ৫ জুনত অযোধ্যাত পকচ' আইনৰ সংশোধনৰ বাবে এক শোভাযাত্ৰা উলিয়াব ব্ৰীজ ভূষণে য'ত প্ৰায় ১১ লাখ লোকে অংশগ্ৰহণ কৰিব ।

নেতা গৰাকীয়ে পৰৱৰ্তী সময়ত মন্তব্য কৰে যে, "এই আইনৰ অপব্যৱহাৰৰ পৰা চৰকাৰী বিষয়া-আমোলা সকলো সাৰি যোৱা নাই । আৰু কংগ্ৰেছে এই আইন বলবৎ কৰা সময়ত ইয়াৰ সৈতে জড়িত থকা আনুসংগিক দিশসমূহৰ প্ৰতি হেনো লক্ষ্য ৰখা নাছিল । যাব বাবেই এই আইন সংশোধনৰ বাবে চেষ্টা চলাব ব্ৰীজ ভূষণে ।

আনহাতে, নতুন দিল্লীৰ যন্তৰ মন্তৰত অব্যাহত আছে মল্লযুঁজাৰু সকলৰ প্ৰতিবাদ । ভাৰতীয় মল্লযুদ্ধ সংস্থাৰ সভাপতি তথা ভাৰতীয় জনতা পাৰ্টীৰ সাংসদ ব্ৰীজ ভূষণৰ বিৰুদ্ধে মহিলা খেলুৱৈসকলে উত্থাপন কৰিছিল এক গুৰুতৰ অভিযোগৰ । এই অভিযোগৰ তথ্য অনুসৰি হেনো ব্ৰীজ ভূষণৰ যৌন উৎপীড়নৰ বলি হৈছিল বহু কেইগৰাকী মহিলা খেলুৱৈ, যি সকলৰ ভিতৰত আছিল এগৰাকী নাবালিকাও ।

কিন্তু এই সন্দৰ্ভত আৰক্ষী তথা প্ৰশাসনে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত প্ৰতিবাদত বহিবলৈ বাধ্য হৈছিল কেইবাগৰাকীও ৰাষ্ট্ৰীয়, আন্ত:ৰাষ্ট্ৰীয় তথা অলিম্পিক পৰ্যায়ৰ খেলুৱৈ । কেৱল মহিলা খেলুৱৈয়ে নহয় বৰং বজৰং পুনিয়াৰ দৰে খেলুৱৈও এই প্ৰতিবাদৰ অংশীদাৰ হৈছিল । কেইবাদিনো ধৰি চলি থকা প্ৰতিবাদৰ অন্ততো কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ দিল্লীৰ আৰক্ষী বিভাগে কোনো ধৰণৰ সহায় সহযোগিতা আগবঢ়োৱা পৰিলক্ষিত হোৱা নাছিল খেলুৱৈসকলৰ প্ৰতি । যাৰ বাবেই বিগত ১১ মে', শুক্ৰবাৰে খেলুৱৈসকলে বাহু আৰু শিৰত ক'লা বস্ত্ৰ পৰিধান কৰি ক'লা দিৱস পালন কৰিছিল প্ৰতিবাদস্বৰূপে ।

যৌন শোষণৰ অভিযুক্ত ব্ৰীজ ভূষণৰ পকচ' আইন সলাবলৈ শোভাযাত্ৰাৰ আয়োজন !
জলবিস্ফোৰণঃ গৃহহীন হৈ পৰা একাংশই আশ্ৰয় লৈছে প্ৰাথমিক বিদ্যালয়ত

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in