/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/6c38b3a5-774f-4e76-8a16-b61cd80ea6d0/AP_FOR_WEB_modi2__1_.jpg)
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে নিৰ্বাচন আচৰণবিধি ভংগৰ অভিযোগ দাখিল...
ডিজিটেল ডেস্কঃ ছত্তিশগড়ত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৰেচনক লৈ এক বৃহৎ ঘোষণা কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। তেওঁ দেশজুৰি বিনামূলীয়া ৰেচনৰ ম্যাদ আৰু পাঁচবছৰ বৃদ্ধি কৰাৰ কথা ঘোষণা কৰিছে।
ফলত ৮০ কোটিৰো অধিক লোকে আগন্তুক ৫ বছৰত কেন্দ্ৰীয় চৰকাৰৰ পৰা বিনামূলীয়া ৰেচন খাদ্য সামগ্ৰী লাভ কৰিব। কিন্তু নিৰ্বাচনী প্ৰচাৰলৈ গৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এই চৰকাৰী সিদ্ধান্তৰ কথা ঘোষণা কৰাত অসন্তুষ্ট হৈ পৰিছে বিৰোধী।
মোডীৰ এনে কাৰ্যত অসন্তুষ্ট তৃণমূল কংগ্ৰেছৰ সাংসদ ছাকেট গোখলেয়ে এই সন্দৰ্ভত নিৰ্বাচন আয়োগত এক অভিযোগ দাখিল কৰিছে। তেওঁ মোডীৰ বিৰুদ্ধে উত্থাপন কৰিছে নিৰ্বাচনী আচৰণবিধি ভংগৰ অভিযোগ।
এক্স হেণ্ডেলত তেওঁ লিথিছে, নিৰ্বাচন আয়োগৰ নিয়ম অনুসৰি নিৰ্বাচনৰ সময়ত কোনো মন্ত্ৰীয়ে এই ধৰণৰ কথা ঘোষণা কৰিব নোৱাৰে। ভোটাৰ ইয়াৰ দ্বাৰা প্ৰভাৱিত হয়। বিনামূলীয়া ৰেচন সৰবহাৰ ম্যাদ বৃদ্ধি কোনো জৰুৰী ঘোষণা নহয়। কেন্দ্ৰৰ এই ঘোষণাৰ কথা প্ৰধানমন্ত্ৰীয়ে পৰৱৰ্তী সময়তো ঘোষণা কৰিব পাৰিলে হয়। কিন্তু তেওঁ নিৰ্বাচনী প্ৰচাৰলৈ গৈ এই কথা ঘোষণা কৰিছে।
ছাকেটে আৰু লিখিছে, মই নিৰ্বাচন আয়োগত এই বিষয়ে অভিযোগ দাখিল কৰিছো। পাঁচ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ আগত ভোটাৰক প্ৰভাৱিত কৰাৰ বাবে প্ৰধানমন্ত্ৰীৰ এই ব্যাকুলতাৰ বিৰুদ্ধে মই নিৰ্বাচন আয়োগৰ সন্মুখত দ্ৰুত পদক্ষেপৰ আৰ্জি কৰিছো ।
তেওঁ এই কথা উল্লেখ কৰি নিৰ্বাচন আয়োগত দাখিল কৰা অভিযোগপত্ৰৰ এখন ফটোও শ্বেয়াৰ কৰিছে। তেওঁ এক্স হেণ্ডলত আয়োগৰ নিয়ম উল্লেখ কৰি লিখিছে, নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ পাছৰ পৰা কোনো মন্ত্ৰী বা প্ৰশাসনিক বিষয়াই ভোটাৰৰ অৰ্থনৈতিক সাহায্যৰ প্ৰতিশ্ৰুতি দিবলৈ নোৱাৰে।
শনিবাৰে নিৰ্বাচনৰ প্ৰচাৰৰ বাবে ছত্তিশগড়ত উপস্থিত হৈছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। ৰাজ্যখনৰ দুৰ্গ এলাকাত এখন জনসভাত তেওঁ ভাষণৰ মাজতে কৈছিল, আমি সিদ্ধান্ত লৈছো, বিজেপি চৰকাৰে দেশৰ ৮০ কোটিৰো অধিক দৰিদ্ৰ মানুহক বিনামূলীয়াকৈ ৰেচন দিয়াৰ প্ৰকল্প আৰু পাঁচ বছৰ বৃদ্ধি কৰিম। জনতাৰ প্ৰেম আৰু আশীৰ্বাদে সকলো সময়তে আমাক পবিত্ৰ সিদ্ধান্ত ল'বলৈ শক্তি দিয়ে।
উল্লেখ্য, ২০২০ ৰ কোভিড মহামাৰীৰ সময়ত প্ৰধানমন্ত্ৰী গৰীৱ কল্যাণ অন্ন যোজনা প্ৰকল্প আৰম্ভ কৰা হৈছিল। যাৰ অধীনত দেশৰ দৰিদ্ৰ জনতাক পাঁচ কেজি পৰ্যন্ত খাদ্য, শস্য বিনামূলীয়াকৈ দিয়াৰ কথা ঘোষণা কৰা হৈছিল।
সময়ে সময়ে সেই প্ৰকল্পৰ ম্যাদ বৃদ্ধি কৰি অহা হৈছে। সেইদৰেই শনিবাৰে ছত্তিশগডড়ত নিৰ্বাচনী প্ৰচাৰৰ মাজতে প্ৰধানমন্ত্ৰী মোডীয়ে পুনৰ পাঁচ বছৰলৈ এই প্ৰকল্প বৃদ্ধিৰ কথা ঘোষণা কৰিছে।
ৰাজ্যখনত মুঠ দুটা পৰ্যায়ত ৭ নৱেম্বৰ আৰু ১৭ নৱেম্বৰত ভোটগ্ৰহণ অনুষ্ঠিত হ'ব। সেয়ে এই নিৰ্বাচনৰ লগতে ২০২৪ ৰ লোকসভা নিৰ্বাচনৰ কথা মনত ৰাখিয়েই মোডীয়ে জনতাৰ আস্থা লাভৰ বাবে নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত এই ঘোষণা কৰিলে বুলি অভিযোগ কৰিছে।
Important:
PM Modi yesterday announced the extension of the free ration program for another 5 years.
This is a policy decision that could've been announced anytime.
But PM Modi chose to announce this during an election rally for the BJP in Durg, Chhattisgarh.
Election… pic.twitter.com/CIDVPgOtoQ— Saket Gokhale (@SaketGokhale) November 5, 2023
Also Read: ক্ৰিকেটৰ 'তীৰ্থস্থান'ত সমুখ সমৰত নামিব 'টেবুল টপাৰ' ভাৰত আৰু দক্ষিণ আফ্ৰিকা