দক্ষিণ আফ্ৰিকাৰ পৰা অনা 'উদয়' নামৰ চিতাৰ মৃত্যু...

দক্ষিণ আফ্ৰিকাৰ পৰা অনা আন এটা চিতাৰ দেওবাৰে মৃত্যু হয়। মধ্য প্ৰদেশৰ কুনো ৰাষ্ট্ৰীয় উদ্যানত মৃত্যু হয় চিতাটোৰ।

author-image
Asomiya Pratidin
New Update
দক্ষিণ আফ্ৰিকাৰ পৰা অনা 'উদয়' নামৰ চিতাৰ মৃত্যু...

চিতা

ডিজিটেল ডেস্কঃ দক্ষিণ আফ্ৰিকাৰ পৰা অনা আন এটা চিতাৰ দেওবাৰে মৃত্যু হয়। মধ্য প্ৰদেশৰ কুনো ৰাষ্ট্ৰীয় উদ্যানত মৃত্যু হয় চিতাটোৰ। উদয় নামৰ চিতাটোক আজি কুনো ৰাষ্ট্ৰীয় উদ্যানত অসুস্থ অৱস্থাত পোৱা গৈছিল। কিন্তু চিকিৎসাৰ সময়ত চিতাটোৰ মৃত্যু হয়।

দক্ষিণ আফ্ৰিকাৰ পৰা অনাৰ পিছত মধ্য প্ৰদেশৰ কুনো ৰাষ্ট্ৰীয় উদ্যানত এইটো দ্বিতীয় নাহৰফুটুকী বাঘৰ মৃত্যু হৈছে। ভাৰতলৈ অনা হৈছিল ১২ টাকৈ চিতা। মৃত্যুৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। মৰণোত্তৰ পৰীক্ষাৰ পাছতহে প্ৰকৃত কাৰণ পোহৰলৈ আহিব।

ইয়াৰ পূৰ্বে বৃক্কৰ সংক্ৰমণৰ ফলত পাঁচ বছৰীয়া নামিবিয়াৰ চিতা 'ছাছা'ৰ মৃত্যু হৈছিল। যোৱা বছৰ নামিবিয়াৰ পাঁচটা মাইকী চিতাৰ ভিতৰত এটা আছিল 'ছাছা'।

Also Read: বিয়াৰ ১৫ মাহ পাছতেই ছহীদ হৈছিল স্বামী, জীৱন যুঁজত হাৰ নামানি ৰেখা এতিয়া সেনাৰ লেফটেনেণ্ট