মহান বিপ্লৱী চে গুৱেভাৰাৰ জীয়ৰী আৰু নাতিনী আহিছিল ভাৰতলৈঃ ক'তো নহ'ল চৰ্চা...

মহান বিপ্লৱী চে গুৱেভাৰাৰ জীয়ৰী আৰু নাতিনী আহিছিল ভাৰতলৈঃ ক'তো নহ'ল চৰ্চা...
মহান বিপ্লৱী চে গুৱেভাৰাৰ জীয়ৰী আৰু নাতিনী আহিছিল ভাৰতলৈঃ ক'তো নহ'ল চৰ্চা...

ডিজিটেল ডেস্কঃ মহান বিপ্লৱী, কিউবাৰ জাতীয় মুক্তি সংগ্ৰামৰ ভোটা তৰা, বিপ্লৱৰ বিশ্ব প্ৰতীক আৰ্নেষ্টো চে গুৱেভাৰাৰ জীয়ৰী আৰু নাতিনী আহিছিল ভাৰতলৈ। অথচ ক’তো ন’হল চৰ্চা। কোনো ৰাষ্ট্ৰীয় সংবাদ মাধ্যমতেই প্ৰকাশ নহ’ল এই খবৰ।

সুদীৰ্ঘ ২৫ টা বছৰ পিছত ভাৰতলৈ আহিল চে গুৱেভাৰাৰ জীয়াৰী আলেইদা গুৱেভাৰা আৰু তেওঁৰ কইনা তথা চেৰ নাতিনী এষ্টেফানিয়া গুৱেভাৰা। চেৰ জীয়ৰী আলেইদা গুৱেভাৰা পেছাত এগৰাকী প্ৰখ্যাত চিকিৎসক।নাতিনী এষ্টেফানিয়া এগৰাকী অৰ্থনীতিবিদ।

চি আই এম আৰু বহু শাখা সংগঠনৰ কৰ্মীৰ উদ্যোগত কেইবাটাও কাৰ্যসূচীৰে তেওঁলোক ভাৰত ভ্ৰমণলৈ আহি গ’ল। প্ৰথমে কেৰালা আৰু তামিলনাডুত কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰা আলেইদা গুৱেভাৰা আৰু এষ্টেফানিয়া গুৱেভাৰাক দুয়োখন ৰাজ্যত বহু দল, সংগঠনে শুভেচ্ছা আৰু সম্বৰ্ধনা জ্ঞাপন কৰে।

ইয়াৰ পিছতে দুয়োগৰকী আহে কলকাতালৈ। ২১ আৰু ২২ জানুৱাৰীত কলকাতাত উপস্থিত হোৱা আলেইদা আৰু এষ্টেফানিয়াই কলকাতাত অংশগ্ৰহণ কৰে কেইবাটাও কাৰ্যসূচীত।

ইয়াতেই বাওঁপন্থী দলসমূহে তেওঁলোকক আদৰণি জনায়। দুয়োগৰাকীয়ে আলিমুদ্দিন ষ্ট্ৰীটৰ মুজাফ্ফৰ আহমেদ ভৱন, আলেদা আৰু এষ্টেফানিয়া যাদৱপুৰ বিশ্ববিদ্যালয়, কলেজ ষ্ট্ৰীট, বাৰেকপুৰৰ ভাৰতীয় পৰিসাংখ্যিক প্ৰতিষ্ঠানত বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰে।

উল্লেখ্য যে ৯০ ৰ দশকত আলেইদা গুৱেভাৰাই আমেৰিকাৰ কাৰাগাৰৰ পৰা ৫ জন কিউবান বিপ্লৱীক মুক্তি দিয়াৰ দাবীত জনতম গঠন কৰাৰ উদ্দেশ্যে বিভিন্ন দেশ ভ্ৰমণ কৰিছিল। তাৰ মাজতে তেওঁ আহিছিল ভাৰতলৈও।

মহান বিপ্লৱী চে গুৱেভাৰাৰ জীয়ৰী আৰু নাতিনী আহিছিল ভাৰতলৈঃ ক'তো নহ'ল চৰ্চা...
বজাৰৰ আটকধুনীয়া প্ৰতিমা নহয়, গছৰ পাত-ফুলেৰে তৈয়াৰ কৰি সৰস্বতী পূজা পাতিছে এইখন শিক্ষানুষ্ঠানে...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in