/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/3179c8c3-33be-4bd1-88e2-36ac240d78c3/AP_FOR_WEB_rakh.jpg)
দেৱব্ৰত বৰাৰ একান্ত প্ৰচেষ্টাত ৰাসপূৰ্ণিমালৈ সাজু বৃন্দাবন মঞ্চ...
ডিজিটেল সংবাদ বেবেজীয়াঃ সমাগত শ্ৰী শ্ৰী কৃষ্ণৰ ৰাস মহোৎসৱ। শৰতৰ পূৰ্ণিমাৰ চদ্ৰাৱলী নিশা যেন দুৱাৰদলিত। শৰতৰ পূৰ্ণিমা ৰাতিত সৰ্বতে অনুষ্ঠিত হয় গুৰুজনাৰ অমৰ সৃষ্টীৰাজি কেলিগোপালৰ আধাৰত শ্ৰী শ্ৰী কৃষ্ণৰ ৰাসলীলা।
ৰাসলীলাৰ এটি গুৰুত্বপূৰ্ণ অংগ হৈছে মুখাশিল্প। সত্ৰীয়া নগৰী মাজুলীত দেখা পোৱা সেই মুখাশিল্পৰ আলমত নগাঁৱৰ হাতীচোঙৰ উদ্যমী যুৱক দেৱব্ৰত বৰাৰ একান্ত প্ৰচেষ্টাত 'বৃন্দাবন' মঞ্চ নামেৰে মুখাশিল্পৰ নিৰ্মানৰ কামভাগ বিগত বৰ্ষৰ পৰা আৰম্ভ কৰি আহিছে। এইবেলিও বৃন্দাবন মঞ্চৰ দ্বাৰা আগন্তুক ৰাসৰ বাবে তীব্ৰ প্ৰস্তুতি দেখা পোৱা গৈছে।
কেইজনমান যুৱকক লগত লৈ দেৱব্ৰত বৰাই দিনে নিশাই এতিয়া মুখাশিল্পৰ কৰ্মত নিয়োজিত হোৱা দেখা গৈছে। দেৱব্ৰত বৰাৰ লগতে পংকজ বৰা, ধীৰাজ কলিতা,কল্পেন্দু বৰা, মানস নাথ, ৰাজদ্বীপ কুণ্ডিণ্য, সাৰংগ বৰা, গুণমনি নাথ,যুগল নাথ, গৌতম বৰা, পাৰ্থ শইকীয়াই নিৰ্মাণ কৰি উলিওৱা মুখাশিল্পৰ ভিতৰত অঘাসুৰ, বকাসুৰ, চলিত মৌৰা, শংখচূড়ৰ প্ৰৱেশ বিশেষকে ধৰি ৰাসত ব্যৱহাৰ্য্য সকলো সামগ্ৰী ইতিমধ্যে তৈয়াৰ কৰি উলিয়াইছে।
বিগত বৰ্ষত সাফল্যৰ পাছত ৰাইজৰ সহাঁৰিত এইবাৰো তেওলোক আগবাঢ়িব বিচাৰিছে। এতিয়া কেৱল আয়োজক সমিতৰ সহাৰিৰ প্ৰয়োজন বৃন্দাবন মঞ্চক। তেওলোকক আপোনাৰ অঞ্চলত পাৱলৈ ৯১০১২৯২৬৬৯ নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে ।
Also Read: ২০২৪ ত কিমান দিন পাব চৰকাৰী বন্ধ? চাই লওক এতিয়াই...