অভিযোগ-প্ৰতি অভিযোগেৰে উত্তাল সংসদঃ বিজেপিয়ে দেশক বিভাজন কৰিবলৈ চেষ্টা কৰাৰ অভিযোগ কংগ্ৰেছৰ

কৰ্ণাটকৰ মুছলমান সংৰক্ষণৰ বিষয়ক লৈ আজি অস্থিৰ হৈ পৰে সংসদ। বিজেপিৰ অভিযোগ কংগ্ৰেছে মুছলমানসকলক সংৰক্ষণৰ ব্যৱস্থা কৰিবলৈ সংবিধান সলনি কৰাৰ পৰিকল্পনা কৰিছে।

author-image
Asomiya Pratidin
New Update
অভিযোগ-প্ৰতি অভিযোগেৰে উত্তাল সংসদঃ বিজেপিয়ে দেশক বিভাজন কৰিবলৈ চেষ্টা কৰাৰ অভিযোগ কংগ্ৰেছৰ

ডিজিটেল ডেস্কঃ কৰ্ণাটকৰ মুছলমান সংৰক্ষণৰ বিষয়ক লৈ আজি অস্থিৰ হৈ পৰে সংসদ। বিজেপিৰ অভিযোগ কংগ্ৰেছে মুছলমানসকলক সংৰক্ষণৰ ব্যৱস্থা কৰিবলৈ সংবিধান সলনি কৰাৰ পৰিকল্পনা কৰিছে। কৰ্ণাটকৰ উপ-মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰে নিজ মুখে সংবিধান সলনি কৰাৰ কথা কৈছে। 

Advertisment

অৱশ্যে কংগ্ৰেছে বিজেপিৰ এনে দাবীৰ বিপৰীতে কয়, বাবা ছাহেব আম্বেদকাৰৰ সংবিধান কোনেও সলনি কৰিব নোৱাৰে। যদি কোনোবাই সংবিধান সলনি কৰাৰ পৰিক্লপনা কৰিছে তেন্তে সেয়া কৰিছে বিজেপিয়েহে।  

দৰাচলতে যোৱা শুকুৰবাৰে কৰ্ণাটক বিধানসভাত মুছলমান সংৰক্ষণ বিধেয়ক গৃহীত হৈছে। যদি ৰাজ্যপালে এই বিধেয়কত সন্মতি দিয়ে তেন্তে কৰ্ণাটকত চৰকাৰীখণ্ডত সংখ্যালঘুসকলে ৪ শতাংশ সংৰক্ষণ লাভ কৰিব।

সংখ্যালঘুসকলক অবিচি বিত অন্তৰ্ভুক্ত কৰি সেই সংৰক্ষণ দিয়া হব। বিধেয়কখন বিধানসভাত উত্থাপন কৰাৰ সময়ত বিজেপিয়ে ইয়াৰ তীব্ৰ বিৰোধিতা কৰিছিল। কৰ্ণাটকৰ এই সংৰক্ষণ আইন সংবিধানৰ বিৰুদ্ধে বুলি দাবী কৰিছে গেৰুৱা বাহিনীয়ে।

হিন্দুত্ববাদী সংগঠন আৰ এছ এছে কয় যে, বাবা ছাহেব আম্বেদকাৰে প্ৰণয়ন কৰা সংবিধানত ধৰ্মৰ ভিত্তিত সংৰক্ষণৰ অনুমতি নাই। যিয়ে এই কাম কৰিছে তেওঁ সংবিধান প্ৰণয়নকাৰীৰ বিৰুদ্ধে গৈছে। এনে ধৰণৰ সংৰক্ষণ গ্ৰহণযোগ্য নহয়।

কিন্তু বিজেপি বা আৰ এছ এছৰ প্ৰতিবাদক গুৰুত্ব নিদিয়াকৈ বিধানসভাত কংগ্ৰেছে এই বিধেয়কখন গৃহীত কৰে। দেওবাৰে এই সন্দৰ্ভত কৰ্ণাটকৰ উপ-মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰে কয় যে, পিছপৰা আৰু অনগ্ৰসৰ লোকসকলক মূলসুঁতিলৈ অনাৰ বাবে সংৰক্ষণ দিয়া হব। প্ৰয়োজন হলে সংবিধানো সলনি কৰিব লাগিব।

শিৱকুমাৰৰ এই মন্তব্যক কেন্দ্ৰ কৰিয়েই মঙলবাৰে ৰাজ্যসভাত বিষয়টো উত্থাপন কৰে সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুৱে। ৰাজ্যসভাৰ বিৰোধী দলপতি আৰু কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেক পোনপটীয়াকৈ লক্ষ্য কৰি তেওঁ কয়, "এজন জ্যেষ্ঠ আৰু দায়িত্বশীল কংগ্ৰেছ নেতাই চৰকাৰী নিবিদাত মুছলমানক সংৰক্ষণৰ ব্যৱস্থা কৰিবলৈ সংবিধান সলনি কৰিম বুলি কৈছে। এই মন্তব্যক কোনো কাৰণতে আওকাণ কৰিব নোৱাৰি। এয়া সংবিধানৰ ওপৰত কৰা আক্ৰমণ।"

ৰিজিজুৱে কয় যে কংগ্ৰেছে মুছলমানৰ বাবে সংৰক্ষণৰ কথা কৈ আম্বেদকাৰক অপমান কৰিছে।তেওঁলোকে পুনৰ দেশ বিভাজনৰ বিচাৰিছে।

ৰিজিজুৰ এনে অভিযোগৰ পাছতে মল্লিকাৰ্জুন খাৰ্গেয়ে প্ৰত্যুত্তৰত কয়, "কোনোৱেই সংবিধান সলনি কৰিব নোৱাৰে। সংবিধানতেই সংৰক্ষণৰ অধিকাৰৰ বিষয়ে লিখা আছে। তাক কোনেও শেষ কৰিব নোৱাৰে। সংবিধান ৰক্ষাৰ বাবে আমি কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈ যাত্ৰা হাতত লৈছো। বিজেপিয়েহে ভাৰতক ভাঙিবলৈ চেষ্টা কৰিছে।"

খৰ্গেৰ এনে উত্তৰ পাছতে ৰাজ্যসভা উত্তাল হৈ পৰে। শাসক, বিৰোধীয়ে নিজা নিজা স্থিতিত অটল থাকি হুলস্থুলীয়া পৰিবেশৰ সৃষ্টি কৰাত অধ্যক্ষ জগদীপ ধনখৰে অধিবেশন স্থগিত ৰাখিবলৈ বাধ্য হয়।

কৰ্ণাটক বিজেপি ভাৰতীয় সংবিধান কংগ্ৰেছ