২৩ আগষ্টত চন্দ্ৰপৃষ্ঠত সফল অৱতৰণ কৰিব পাৰে চন্দ্ৰযান-৩ য়ে...

২৩ আগষ্টত চন্দ্ৰপৃষ্ঠত সফল অৱতৰণ কৰিব পাৰে চন্দ্ৰযান-৩ য়ে...

ডিজিটেল ডেস্কঃ ভাৰতীয় মহাকাশ গৱেষণা সংস্থা(ইছৰো)ই দেওবাৰে কয় যে চন্দ্ৰযান-৩ অভিযানৰ লেণ্ডাৰ মডিউল (এলএম) সফলতাৰে কক্ষপথলৈ অলপ আগুৱাই নিছে। ২৩ আগষ্টৰ সন্ধিয়া ৬.০৪ বজাত ই চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰিব বুলি আশা কৰা হৈছে।

ইছৰোই কৈছে যে, লেণ্ডাৰ (বিক্ৰম) আৰু ৰোভাৰ (প্ৰজ্ঞান)ক লৈ গঠিত লেণ্ডাৰ মডিউলটো ২৩ আগষ্টৰ সন্ধিয়া ৬.০৪ বজাত চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰাৰ সম্ভাৱনা আছে। ইয়াৰ পূৰ্বে, ইছৰোৱে কৈছিল যে মডিউলটো ২৩ আগষ্টৰ সন্ধিয়া ৫.৪৭ বজাত চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰিব।

দ্বিতীয় আৰু অন্তিম প্ৰক্ৰিয়াত লেণ্ডাৰ মডিউল সফলতাৰে তললৈ আৰু কক্ষপথলৈ আহিছে। মডিউলটো এতিয়া এক আভ্যন্তৰীণ স্ক্ৰীণিং প্ৰক্ৰিয়াৰ মাজেৰে যাব আৰু নিৰ্ধাৰিত অৱতৰণ স্থানত সূৰ্যোদয়ৰ বাবে অপেক্ষা কৰিব। ইছৰোৰ মতে ভাৰতে চন্দ্ৰযান-৩ অভিযানৰ জৰিয়তে মহাকাশ অন্বেষণৰ ক্ষেত্ৰত এক ঐতিহাসিক সাফল্য অৰ্জন কৰিব।

উল্লেখ্য যে, ২৩ আগষ্ট ভাৰতৰ বাবে এক ঐতিহাসিক ক্ষণ হ'বলৈ গৈ আছে। কেইবাটাও চাইটত ইয়াৰ লাইভ স্ক্ৰিনিং হ'ব। অৰ্থাৎ চন্দ্ৰাযান ৩ ৰ অৱতৰণ জনতাই লাইভ চাব পাৰিব।

প্ৰতিগৰাকী ভাৰতীয়ই অপেক্ষা কৰি আছে এই দিনটোলৈ। ইয়াৰ মাজতে আজি ৰাছিয়াৰ চন্দ্ৰ অভিযান লুনা ২৫ বিফল হয়। চন্দ্ৰপৃষ্ঠত খুন্দা মৰাৰ ফলত ৰাছিয়াৰ এই অভিযান বিফল হয়। গতিকে ভাৰতৰ অভিযান এতিয়া ভাৰতৰ চন্দ্ৰ অভিযানৰ ওপৰত সকলোৰে দৃষ্টি আছে।

২৩ আগষ্টত চন্দ্ৰপৃষ্ঠত সফল অৱতৰণ কৰিব পাৰে চন্দ্ৰযান-৩ য়ে...
বহু বিস্ফোৰণ ঘটাই অমিত শ্বাহক সাক্ষাৎ কৰিবলৈ দিল্লীলৈ ৰাওনা ৰাজেন গোহাঁই

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in