চণ্ডীগড় বিশ্ববিদ্যালয়ত ছাত্ৰীৰ এম এম এছ কাণ্ডক লৈ উত্তপ্ত পৰিস্থিতি অব্যাহত

চণ্ডীগড় বিশ্ববিদ্যালয়ত ছাত্ৰীৰ এম এম এছ ভাইৰেল হোৱাক লৈ সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতিৰ। ছাত্ৰ ছাত্ৰী সকলে সনামিছে প্ৰতিবাদত। ঘটনাৰ সৱিশেষ জনালে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই।
Chandigarh University mms scandal
Chandigarh University mms scandal

ডিজিটেল ডেস্ক: চণ্ডীগড় বিশ্ব বিদ্যালয়ৰ ছাত্ৰীৰ এম এম এছক কেন্দ্ৰ কৰি সৃষ্টি হোৱা পৰিস্থিতি এতিয়াও উত্তপ্ত হৈ আছে। বিশ্ব বিদ্যালয় কৰ্তৃপক্ষই বিশ্ববিদ্যালয় খনৰ গাৰ্লছ হোষ্টেলৰ এগৰাকী ছাত্ৰীৰ এম এম এছ ভাইৰেল হোৱাৰ কথা স্বীকাৰ কৰি সমগ্ৰ ঘটনাক আৰক্ষীয়ে তদন্ত কৰি আছে বুলি সদৰি কৰিছে।

বিশ্ব বিদ্যালয় খনৰ প্ৰো উপচাৰ্য আৰ এচ বাবাই কেইবাগৰাকীও ছাত্ৰীৰ এম এম এছ প্ৰস্তুত কৰি ফাদিল কৰা কথা অস্বীকাৰ কৰিছে। কোনো দুষ্ট চক্ৰ এনে কাম কৰা নাছিল বুলি দাবী কৰি উপাচাৰ্য গৰাকীয়ে কয় যি গৰাকী ছাত্ৰীয়ে সেই অভিযোগ উত্থাপন কৰিছে তেওঁৱেই নিজৰ কোনো ফটো আৰু ভিডিঅ' প্ৰেমিকলৈ প্ৰেৰণ কৰিছিল।

উপচাৰ্য গৰাকীয়ে এই বিষয়টোক লৈ প্ৰচাৰ হোৱা উৰা বাতৰিত ছাত্ৰ ছাত্ৰী সকলক ভোল নাযাবলৈ আহ্বান জনায়। ইফালে বিশ্ববিদ্যালয় খনত দেখা দিয়া এনে পৰিস্থিতিৰ বাবে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই দুদিনৰ বাবে বিশ্ববিদ্যালয়ৰ পাঠদান বন্ধ থাকিব বুলি সদৰি কৰিছে।

আন্দোলনকাৰী ছাত্ৰ ছাত্ৰী সকলে অভিযোগ কৰা মতে যি সময়ত বিশ্ববিদ্যলয় কৰ্তৃপক্ষই এই ঘটনাক নুই কৰিছে সেই সময়ত ৬০ টাতকৈ অধিক আপত্তিজনক ভিডিঅ' পোহৰলৈ আহিছে। পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানে ছাত্ৰ ছাত্ৰী সকলক আশ্বাস দিছে যে এই সমগ্ৰ কাণ্ডৰ উপযুক্ত তদন্ত গুৰুত্ব সহকাৰে কৰি দোষীক কঠোৰ শাস্তি প্ৰদান কৰিব।

ৰাষ্ট্ৰীয় মহিলা আয়োগে বিশ্ববিদ্যালয়ত সংঘটিত হোৱা ঘটনাৰ ক্ষেত্ৰত সকলো তথ্য বিচাৰিছে। পঞ্জাল আৰক্ষী সঞ্চালক প্ৰধানলৈ ৰাষ্ট্ৰীয় মহিলা আয়োগৰ অধ্যক্ষা ৰেখা শৰ্মাই এখন পত্ৰও প্ৰেৰণ কৰিছে।

চণ্ডীগড় বিশ্ববিদ্যালয়ৰ এই কাণ্ডই ৰাষ্ট্ৰীয় ৰাজনীতিতো জোকাৰণি তুলিছে। বিজেপিয় এই ঘটনাক কেন্দ্ৰ কৰি আপক সমালোচনা কৰাৰ বিপৰীতে বিশ্ববিদ্যালয় খনৰ কাণ্ডক লৈ বিজেপিয়ে অযধা ৰাজনীতি কৰা বুলি অভিযোগ তুলিছে আপে।

হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰীয়ে প্ৰতিবাদ সাৱ্যস্ত কৰাৰ পাছত আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ছাত্ৰ ছাত্ৰী সকলক হোষ্টেলতে গেট মাৰি আৱদ্ধ কৰি থোৱাৰ চেষ্টা কৰে যদিও হোষ্টেলৰ গেট পাৰ হৈ আহি প্ৰতিবাদত অংশ লয় ছাত্ৰ ছাত্ৰী সকলে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in