নাম সলনি হ'ব চণ্ডীগড় বিমান বন্দৰৰ...

দেওবাৰে মন কী বাত অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এই কথা ব্যক্ত কৰে

author-image
Asomiya Pratidin
New Update
নাম সলনি হ'ব চণ্ডীগড় বিমান বন্দৰৰ...

chandigarh airport

ডিজিটেল ডেস্ক : চণ্ডীগড় বিমানবন্দৰক ছহীদ ভগৎ সিঙৰ নামেৰে নামাকৰণ কৰা হ'ব। দেওবাৰে মন কী বাত অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এই কথা ব্যক্ত কৰে। অহা ২৮ ছেপ্টেম্বৰৰ পৰা চণ্ডীগড় বিমান বন্দৰক ছহীদ ভগৎ সিং বিমানবন্দৰ নামেৰে জনা যাব।

Advertisment

২৭ ছেপ্টেম্বৰ ছহীদ ভগৎ সিঙৰ জন্ম জয়ন্তী। ছহীদ গৰাকীৰ প্ৰতি শ্ৰদ্ধা জনাই জন্মদিনৰ পূৰ্বেই দেওবাৰে মন কী বাতত ২৮ ছেপ্টেম্বৰত ছণ্ডীগড় বিমান বন্দৰৰ নামাকৰণৰ কথা ঘোষণা কৰিলে প্ৰধানমন্ত্ৰীয়ে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ছণ্ডীগড়, পঞ্জাৱ আৰু হাৰিয়ানাৰ ৰাইজক শুভেচ্ছা জনাই কয় যে - ছণ্ডীগড় বিমান বন্দৰৰ নামাকৰণৰ কথা বহু দিনৰ পৰাই চিন্তা-চৰ্চা কৰি অহা হৈছিল। অহা ২৮ ছেপ্টেম্বৰত আনুষ্ঠানিকভাৱে বিমান বন্দৰৰ নামাকৰণৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হ'ব।

airport chandigarh india